ট্ৰেভেলাৰ্ছ ডায়েৰী – ক’চ্চিন-ৱাল্লিকাৱু-ক’ল্লাম-ক’ট্টাৰকাৰা (ইন্দুকল্প শইকীয়া)

 

প্ৰস্তাৱনা:

নতুন নতুন ঠাইলৈ যোৱা তথা তেনে ঠাইৰ থলুৱা জীৱন-পদ্ধতি বা থলুৱা খাদ্য-সংস্কৃতিৰ জুতি লোৱাৰ এক নিজস্ব আমেজ আছে। সেই আমেজৰ অনুভৱে যাৰ এবাৰ স্বভাৱ নষ্ট কৰিছে তেনে স্বভাৱ ঘুৰাই পোৱাতো অতিশয় কঠিন। সেই ভ্ৰমণ আৰু মাদকতা পূৰ্ণ হয় যেতিয়া ভ্ৰমণৰ লক্ষ্যস্থান বোৰ সাধাৰণ পৰ্য্যটকৰ তালিকাৰ বাহিৰৰ ঠাই হয়।কৰ্মসূত্ৰে আমাৰ স্বভাৱতো এই যাযাৱৰী ঘূণে ধৰিছিল ২০০৮ চন মানতেই। তেতিয়া কাম কৰি থকা প্ৰতিষ্ঠানটোৰ কৰ্মৰ খাটিৰত বিভিন্ন সময়ত তামিলনাডু, আন্দামান তথা কেৰেলাৰ বহুকেইখন নগৰলৈ যোৱাৰ সুযোগ মিলিছিল। এনেকৈয়ে কিছুমান নতুন সৰু সৰু নগৰৰ জীৱন পদ্ধতি, খাদ্যাভাস ইত্যাদিৰ বিষয়ে জানি তথা জুতি লৈ সেই “যাযাৱৰী” চাকৰী প্ৰথাটোৰ প্ৰতি এক মোহ উপজিছিল। লাহে লাহে তাৰ পিছৰ সময়ত কোনো নতুন প্ৰতিষ্ঠানত যোগদান কৰাৰ সময়ত মনৰ মাজতে এই বিষয়টো চাকৰি নিৰ্ব্বাচনৰ ক্ষেত্ৰত প্ৰাধান্য দিয়া হৈছিলো গৈ আৰু কালক্ৰমত মাহটোৰ বহুখিনি দিনেই ভাৰতৰ ভিন ভিন নগৰ-চহৰ বগাই ফুৰিছো।

যাত্ৰা:
এইদৰে ঘুৰি ফুৰোতে কিছুমান ঠাইৰ অভিজ্ঞতাই মনত ৰাখিব পৰা কিছুমান অনুভৱ দি থৈ যায়। ঠিক তেনে কিছু অনুভৱী অভিজ্ঞতা হৈছিল কেৰেলাৰ দুটামান সৰু সৰু অঞ্চললৈ যাওঁতে। আমাৰ বাবে কেৰেলা সাধাৰণতে ক’চ্চিনৰ পৰা আৰম্ভ হয়। অৰ্থাৎ কচ্চিনলৈ যোগাযোগৰ সুবিধাৰ বাবে বেচিভাগ সময় তাৰ পৰা আন ঠাইলৈ যোৱাৰ ব্যৱস্থা কৰা হয়। আন আন চহৰত থকাৰ দৰে কচ্চিনত আমাৰ ভ্ৰমনণৰ সহযোগী সচা অৰ্থত সাৰথি হৈ থাকে ড্ৰাইভাৰ “ভেলচন”। এইজন মানুহৰ এক বৈশিষ্ট আছে। তেওঁৰ তিনিখন নিজা বাছ আৰু দুখন সৰু সুৰা ভেন আছে। কিন্তু তেওঁ নিজেও বিশেষ কিছু মানুহৰ বাবে ড্ৰাইভাৰ হৈ আহে। নিজেই তেওঁ কচ্চিন বাছ এছোচিয়েচনৰো সভাপতি। ভেলচনৰ মতে কেৰেলাৰ মানুহবোৰ খুব সোৰোপা, এলেহুৱা। নিজৰ ঠাইত একো কাম কৰিব মন নকৰে কিন্তু সেই একেই কাম যদি বাহিৰত গৈ কৰিব লাগে, তেনে জীৱন দি কৰিব। বেছিভাগ মানুহেই “ইজি মণী”ৰ পিছত পৰে। কাম কৰিব নোখোজে কিন্তু পইছা লাগে। সেইবাবে “দালালি” বৃত্তি কেৰালাত সহজলভ্য। তেওঁৰ কথা বোৰে মোৰ মনটোক বাৰে বাৰে মোৰ নিজৰ ঠাই খনৰ লগত কেৰালাক ৰিজাবলৈ উদগণি দিয়ে।

প্ৰাকৃতিক স্বৰূপৰ ফালৰ পৰা কেৰালা আৰু অসমৰ যথেষ্ট খিনি সাদৃশ্য আছে। কেৰালাৰ সৰু সৰু গলি বোৰৰ ভিতৰেদি গ’লে অসমৰ কোনো সৰু নগৰৰ ভিতৰৰ গলিয়েদি যোৱা যেন অনুভৱ হয়। বহু গছ-গছনিও একে। হয়তো সেই বাবেই মানুহৰ স্বভাৱো অলপ একে। আনে কি ভাবে-নেভাৱে নেজানো, কিন্তু মোৰ এনে লাগে যে অসমৰ মানুহ স্বভাৱজাত সোৰোপা। তাৰ বাবে হয়তো আমাৰ প্ৰাকৃতিক অৱস্থিতিও এক কাৰণ। চেন্নাই বা আন চহৰত থাকিলে কাম কৰিবলৈ যি এক দেহ-মনত উদ্যম থাকে, কেৰালা-অসমত থাকিলে কিবা শোও-শোও ভাৱ এটাই বেছিভাগ সময়তেই আমনি কৰি থাকে। চৌদিশে সেউজীয়াৰ আচঁল, শীতল বতাহৰো য’ত ঘণে ঘণে আগমন তাত কাম কৰাৰ মানসিকতাতকৈ বেচনৰ পকৰিৰ লগত চাহৰ জুতি লোৱাৰহে অধিক মন হয়। কিন্তু মন কৰিব লগীয়া যে এনে বহু ঠাইৰ সোৰোপা স্বভাৱজাত বহু লোকেই কিন্তু বাহিৰত কঠোৰ শ্ৰম কৰাৰ বহুত উদাহৰণ আছে।

যি কি নহওক প্ৰথম দিনা আমাৰ বেছি খিনি এপইন্টমেন্ট আছিল বহু কেইটা খীষ্টিয়ান ট্ৰাষ্টৰ লগত। আমাৰ সাধাৰণ গ্ৰাহক সকল হ’ল প্ৰিণ্টিং প্ৰেছ। একেবাৰে সৰুত কৈয়ো সৰু আমাৰ ক’ম্পেণীৰ সাধাৰণ একোটা মেছিনৰ দামেই য’ত ৫০ লাখৰ ওপৰৰ পৰা আৰম্ভ হয়, তেতিয়া সদায় দেখি অবাধ মানো এই ট্ৰাষ্ট অথবা এন.জি.অ’. বিলাকৰ বিনিয়োগ কৰা ধনৰ পৰিমাণ দেখি। কোনো একোটা ট্ৰাষ্টত ১০ কোটিৰ ওচৰা ওচৰা প্ৰিণ্টিং মেচিন থাকে। সাধাৰণ ব্যৱসায়ীৰ ব্যৱসায় নিৰ্ভৰ কৰে সাময়িক বজাৰৰ ফলাফলৰ ওপৰত, কিন্তু এনে ট্ৰাষ্ট সমূহৰ নিজৰ এটা চক্ৰ থাকে, গতিকে বজাৰৰ মন্দৱস্থতাই তেওঁলোকক স্পৰ্শই নকৰে। যি কেইটা ট্ৰাষ্টক কচ্চিনত লগ কৰিলো তেওলোকৰ নিজৰ হয় কলেজ আছে নতুবা আন কিবা শিক্ষানুষ্ঠান আছে আৰু তেওঁলোকে সেই শিক্ষানুষ্ঠান বিলাকৰ বাবে লাগতীয়াল কিতাপ-পত্ৰ ছপা কৰাৰ লগত জড়িত। আন কোনোটো আকৌ বিনামূলীয়াকৈ খ্ৰীষ্টান ধৰ্ম প্ৰচাৰৰ বাবে লাগতীয়াল যাৱতীয় ধৰ্ম বিষয়ক কিতাপ ছপা কৰাৰ কামতো জড়িত।
আন এক কথাইও মোৰ মনত প্ৰায়ে খুন্দিয়াই যেতিয়াই এনেকুৱা সংগঠন সমূহৰ লগত কথা পাতো। তেও লোকৰ প্ৰধান উদ্দেশ্য হ’ল সমাজৰ বাবে কাম কৰা, সাধাৰণ খাটি খোৱা মানুহক জীৱন যাপনৰ দিহা দিয়া। কিন্তু আপুনি যদি তেওঁলোকৰ মূল কাৰ্য্যালয় সমূহলৈ যায়, সকলো নহ’লেও প্ৰায়ভাগ কাৰ্য্যালয়েই ইমানেই আড়ম্বৰ পূৰ্ণ ভাৱে সজ্জিত যে দেখি অবাধ মানো। চেগুণ গছৰ কাঠেৰে তৈয়াৰী আছবাব, বাতানুকুল কোঠা, লাখ টকীয়া গাড়ী ইত্যাদি ইত্যাদি মুঠৰ ওপৰত সাধাৰণ বাণিজ্যিক কাৰ্য্যালয়তকৈ বা ব্যৱসায়ীতকৈ কোনোগুণেই কম নহয়। তেতিয়াই মোৰ মনত প্ৰশ্ন হয়, দৰিদ্ৰ শ্ৰেণীৰ বা সমাজৰ হকে কাম কৰিবৰ বাবে এনেকুৱা বেশ-ভূশাৰ কি প্ৰয়োজন! তেওঁলোকে আকৌ কয় সংসাৰৰ বন্ধনৰ পৰা মুক্ত!!

দ্বিতীয় দিনাৰ যাত্ৰা আৰম্ভ হৈছিল আমাৰ পুৱা প্ৰায় ৮ বজাত। লক্ষ্যস্থান ৱাল্লিকাৱু হৈ ক’ল্লাম। ক’চ্চিনৰ পৰা প্ৰায় ১৫০ কি.মি.। এম.এ’.মিছন ট্ৰাষ্ট নামৰ আন এখন আশ্ৰম। এইখন হিন্দু ধৰ্ম তথা শিক্ষাৰ বাবে উচৰ্গিত এখন আশ্ৰম। এই যাত্ৰাটো এক উল্লেখনীয় যাত্ৰ হৈ ৰ’ব। ১০০ কি.মি. মান ৰাষ্ট্ৰীয় ঘাই পথেৰে যোৱাৰ পিছত সাৰথি ভেলচনৰ টাটা ইন্দিগ’ খন নামি গৈছিল আৰৱ সাগৰৰ পাৰে পাৰে যোৱা এক সৰু লুং লুঙীয়া পথেৰে। সাগৰৰ পাৰে পাৰে যোৱা ঘাই পথেৰে যাত্ৰা কৰাৰ বহু অভিজ্ঞতা আছে, কিন্তু এই দৰে এখন গাওঁৰ মাজৰ এটা সৰু পথ, তাকো সো ফালে তৰ্জন-গৰ্জন কৰি থকা আৰৱ সাগৰ। সাগৰৰ পাৰটো অলপ ওখকৈ শিলেৰে সাধাৰণ ভাৱে বান্ধি দিয়া হৈছে যাতে ঢৌৰ চিটিকনি বা ঢৌৰ পানী এই ফালে নাহে। সেই বান্ধটোৰ পৰা প্ৰায় ২০০ মিটাৰ দূৰত্বত আমি গৈ থকা ১৫০ মিটাৰমান বহল ৰাস্তাটো। ৰাস্তাটো ঠিক আমাৰ অসমৰ গাৱৰ ৰাস্তাবোৰৰ দৰেই। মোৰ বাৰ বাৰে মনত পৰিছিল তেজপুৰৰ বেছেৰীয়াৰ মামহঁতৰ ঘৰলৈ গ’লে যোৱা এটা বিশেষ ৰাস্তালৈ। তাত মাথো সাগৰ নাই, ইয়াত আমাৰ সোঁফালে প্ৰচণ্ড ঢৌৰে আৰৱ সাগৰে পাৰবোৰত খুন্দিয়াই খুন্দিয়াই যেন কৈছে “মোক খুলি দে…মোক মুকলি কৰি দে”। সাগৰৰ পৰা ৰাস্তাটোলৈ থকা ব্যৱধান খিনি ভৰি আছে ওখ ওখ নাৰিকল আৰু কিবা এবিধ নাম নজনা গছেৰে। আমাৰ তামোলৰ বাৰীত যিদৰে ছাঁ পৰি থাকে ঠিক সেই দৰেই ছাঁ পৰা যেন এখন বালিৰে তলভৰা বাৰী, পাৰ্থক্য মাথো কাষেৰে লহৰ তুলি গৰ্জ্জি আছে আৰৱ সাগৰ। সকলোতকৈ দেখি অবাক মানিলো ৰাস্তাটোৰ বাওকাষৰ পৰাই লানি লানি ঘৰ। মানে সাগৰৰ পৰা প্ৰায় ২৫০ মিটাৰ দূৰত্বত অৱস্থিত ঘৰবোৰ। এক কথাত ক’বলৈ গ’লে এইখন সাগৰৰ পাৰৰ এখন গাওঁ। ইমান ভিতৰৰ গাওঁ যদিও ঘৰবোৰ কিন্তু চকুত লগা। এই কথা কোৱাত সাৰথি ভেলচনে ক’লে যদিও এই গাৱঁৰ মানুহখিনিৰ প্ৰধান জীৱিকা মাছ মাৰি বেছা, কিন্তু এতিয়া প্ৰত্যেক ঘৰৰে এজন নহয় এজন সদস্য ডুবাই বা আৰৱ দেশত কৰ্মৰত আৰু তাৰ ভিত্তিতেই এই সুচলাৱস্থা। সাগৰৰ পাৰৰ গছৰ ছাঁত জুম পাতি পাতি তাছপাত খেলি থকা মানুহবোৰক দেখুৱাই কৈছিল ইয়াত এয়াই জীৱন, ৰাতিপুৱা আৰু গধূলি মাছমৰা, বাকীখিনি সময় এইদৰে বহি হয় আড্ডা দিয়া নহয় তাছ খেলা। ভাৱ হৈছিল কি সুন্দৰ আৰাম দায়ক জীৱন। কল্পনা কৰিছিলো জোনাক নিশা মাছভাত এসাজ খাই ঘৰৰ পদুলীমুখলৈ ওলাই সন্মুখতে থকা সাগৰখনৰ পাৰত মুঢ়া পাৰি বহি তামোল এখন খাবলৈ কি মজ্জা হ’ব। উস্। হিংসা লাগি গৈছিল সেই গাওঁত থকা মানুহ খিনিক প্ৰকৃতিয়ে দিয়া আভিজাত্য দেখি।

এইদৰে ভাৱনা-আলোচনাৰ মাজেদিয়েই পাইছিলোগৈ আমাৰ প্ৰথম গন্তব্যস্তল এম.এ’.মিছন ট্ৰাষ্ট। এয়াই সেই বিখ্যাত “মাতা অমৃতানন্দময়ী দেৱী” বিভিন্ন অনুষ্ঠানৰ জন্ম স্থল। মাতা অমৃতা ইয়াতেই থাকে। এক বিশাল অঞ্চল জুৰি বিস্তৃত এই আশ্ৰম। গেট’ত চিকিউৰিটী। আমাৰ চিনাকী দিয়াত ভিতৰত কথা পাতি আগতেই ঠিক কৰি থোৱা মতে ভিতৰৰ অফিচ ৰুমলৈ লৈ গ’ল। এয়াই সাধাৰণ দৰ্শনৰ বাবে অহা আৰু এইদৰে বিশেষ আলহী হৈ অহাৰ মাজৰ পাৰ্থক্য। এই একেই আতিথ্যৰ পাৰ্থক্য মই অনুভৱ কৰিছো যেতিয়া পণ্ডিচেৰীৰ ঋষি অৰবিন্দ আশ্ৰমলৈ গৈছো, যেতিয়া চেন্নাইৰ ৰামকৃষ্ণ মঠলৈ গৈছো, যেতিয়া আন্দামানলৈ গৈছো আৰু এই আতিথ্যই মোক যাযাবৰী কৰ্মপন্থাৰ বাবে বিশেষ ভাৱে বহুদিন আগতেই আকৰ্ষিত কৰি পেলাইছিল। ভিতৰলৈ গৈ থাকোতে মন কৰিলো বহু বিদেশী লোকেৰে আশ্ৰমৰ সেই অংশটো ভৰি আছে। সকলো কিবা নহয় কিবা কামত ব্যস্ত। কোনোবাই যদি ঝাৰু দি আছে, কোনোবাই খৰ-ধৰকৈ কিবা এপদ বস্তু ইফালৰ পৰা সিফাললৈ লৈ গৈছে। প্ৰিণ্টিং প্ৰেছৰ ভিতৰেদি আমাক লৈ গ’ল। ৮০ শতাংশই আমাৰ কম্পেনীৰ মেচিন তেওলোকে ব্যৱহাৰ কৰে। গতিকে প্ৰায় সকলোৱেই এক বিশেষ সমীহেৰে আমাক স্বাগতম জনালে। সময়তকৈ আগতে গৈ উপস্থিত হোৱা বাবে অলপ বিৰতিৰ পিছত আমাৰ আচল মিটিং আৰম্ভ হ’ল। ইয়াতো সেই একেই , নতুন প্ৰজেক্ট আৰম্ভ কৰিছে যিটোৰ বাজেট প্ৰায় ২০ কোটি য’ত প্ৰেছৰ লাগতিয়াল কিছু মেচিনৰ বাবে আছে প্ৰায় ২ কোটি। বিৰতিহীন কাৰিকৰী বিষয়ক আলোচনা পৰ্ব শেষ হোৱাৰ পিছত মই প্ৰথমবাৰ আশ্ৰমলৈ যোৱাৰ বাবে গোটেই কেইজন মিলি আশ্ৰম চাবলৈ যোৱাটো থিক হ’ল আৰু চাই আহি একে ঠাইতে আমাৰ দুপৰীয়াৰ আহাৰৰ বাবেও ব্যৱস্থা কৰিলে। মাতা অমৃতা দুদিনৰ আগতহে আমেৰিকাৰ পৰা পাইছেহি বাবে সাধাৰণ দৰ্শন বন্ধ হৈ আছে, কিন্তু গধূলিলৈ ৰ’লে তেওঁক দৰ্শন কৰিব পৰা যাব বুলি আমাক জনালে। আমাৰ ব্যস্ত কাৰ্যসূচীৰ বাবে সেইটো হৈ নুঠিল কিন্তু আশ্ৰমখন চাই অবাধ মানিলো। এক বিয়াগোম এলেকা (আচলতে অঞ্চল) জুৰি বিস্তৃত হৈ আছে আশ্ৰম খন। কোনো হুলস্থল নাই, শান্তি পূৰ্ণ ভাৱে প্ৰত্যেকেই প্ৰত্যেকৰ কামত ব্যস্ত। ৰান্ধনিশাল খনেই কিজানি প্ৰায় ২০০০ বৰ্গ ফুট মানৰ জোখাৰে এটা ঘৰ হ’ব। আশ্ৰম খনৰ সন্মুখৰ ভাগেদি বৈ গৈছে আখন নদী আৰু পাছ ফালেদি আৰৱ সাগৰ, যি বাটেৰে আমি আহিলো। এনে লাগিল যেন সেইখন এখন পৃথক গাওঁ হে। সৰু-বৰ বহুত কেইটা বিল্ডং, ভিন ভিন কৰ্মচাৰী। প্ৰিণ্টিং কৰাই প্ৰণ্টিং কৰিছে, বাইন্দিং কৰাই বাইন্দিং কৰিছে, ৰন্ধাই ৰান্ধিছে, ধোৱাই ধুইছে মুঠতে সকলো কাম ইমান সুন্দৰ আৰু পৰিপাটিকৈ হৈ আছে। সকলোতকৈ ডাঙৰ কথা প্ৰত্যেকৰে মুখত কাম কৰাৰ এক সন্তুষ্টি আছে ল মুখলৈ চালেই চিনি পাওক বা নাপাওক এক সুন্দৰ হাঁহিৰে সম্ভাষণ জনাই। আমাৰ লগত যোৱা তাৰ বিষয়া জনক সুধিলো তেওঁৰ কিমান দিন হ’ল , তেওঁ ক’লে ১৯৯৭ চনৰ পৰাই আছে ইয়াত। তাত মাহিলী, ছমহীয়া বা চিৰদিনৰ বাবে থকাৰ সু-বন্দবষ্ট আছে। আশ্ৰমৰ ভিতৰতেই এটা মন্দিৰ আছে। আমাক তালৈ লৈ গ’ল। তাৰ পিছত লৈ গ’ল য’ত মাতা অমৃতাই দৰ্শন দিয়ে সেই ঠাইলৈ। তেতিয়া তাত সন্ধিয়াৰ ভজনৰ আয়োজনৰ বাবে হাৰমণিয়াম-তবলাৰে প্ৰস্তুতি চলি আছিল। এটা বিশাল হল ঘৰত লাইন পাতি পাতি দুপৰীয়াৰ আহাৰ দিয়া থকা হৈছিল। বিদেশী সকলে জ্বলা-মছলা বেছি খাব নোৱাৰাৰ বাবে তেওঁলোকৰ বাবেও বেলেগ মেছৰ ব্যৱস্থা আছে। মুঠৰ ওপৰত নিয়মত চলা, কোনো হাই উৰুমী নথকা এখন গাওঁত থকা এটা পৰিয়াল হে যেনিবা ! চৌপাশ ঘুৰি আমাক আহাৰৰ বাবে মিটিং হোৱা থাইলৈকে লৈ গ’ল। তাৰ কাষতে এটা সৰু ৰুমত আমাৰ দুপৰীয়াৰ আহাৰ ইতিমধ্যে সজাই থোৱা আছিল। ভাত-চাম্বাৰ আৰু তিনি খন ভিন ভিন ভাজি। সম্পূৰ্ণ নিৰামিষ আহাৰ খিনিতো কিবা এক সুকীয়া সোৱাদ আছিল। সময় ইতিমধ্যেই তিনি বাজি গৈছিল গৈ। যোৱাৰ মন তেতিয়াই নাছিল যদিও নতুন প্ৰজেক্টৰ বাবে আহিব লগীয়া নতুন মেচিনৰ দ্বিতীয় পৰ্য্যায়ৰ আলোচনা তথা বিভিন্ন কাৰীকৰি প্ৰশিক্ষণৰ বাবে আকৌ সোনকালেই অহাৰ কথা দি আমি বিদায় মাগিলো আমাৰ দ্বিতীয় তথা সেই দিনাৰ বাবে শেষ গন্তব্য স্থান ক’ল্লামলৈ। যাওতে বাটত আৰৱ সাগৰৰ ঢৌ বোৰৰ চিটিকনি গাত সানিবলৈ নাৰিকল গছৰ তলৰ ছাঁত নিশাৰ আহাৰ নহ’লেও দিনৰ আহাৰ খাই কিছু সময় জিৰোৱাৰ সুযোগ কণ ল’লো। বহি বহি ভাৱ হৈছিল এইটো প্ৰেছতে চাকৰি এটাৰ যোগাৰ কৰি জীৱনটো কটোৱাৰ ব্যৱস্থা কৰিব পৰা হ’লে জীৱন কিমান সুন্দৰ হৈ গ’ল হেতেন!

উপসংহাৰ:

যদিওবা ক’ল্লাম সেই দিনাৰ বাবে আমাৰ শেষ গন্তব্য স্থান আছিল, ক’ল্লাম গৈ কিন্তু সেয়া ন’হল। কিয় নহ’ল আৰু কেনেকৈ নহৈ শেষত আন এখন সৰু গাওঁৰ এজন মালায়লম লোকৰ আতিথ্যত কিদৰে বন্দী হ’লো সেয়া আন কেতিয়াবা স্মৰণ কৰিম।

(টোকা: একেবাৰে তলৰ ফটো দুখন ইন্টাৰনেটৰ পৰা লোৱা)

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments