ঠিকনা (প্ৰণৱজ্যোতি দাস)

(ডাকোৱালজনে মোৰ ঠিকনা নপঢ়ে/ গাঁঠি দিয়ে মাথোঁ ডাৱৰৰ পাখিত,/ নৈপৰীয়া মিচিং ডেকাটিৰ বাঁহিত/ সেয়ে ঐনিতমৰ সুৰ চেনেহৰ কনেঙৰ চিনাকি…।)
পৃথিৱী যাৰ ঠিকনা, তেওঁৱেই হেনো যাযাবৰী। সন্ধিয়াৰ আকাশত নাথাকে যাৰ ঠিকনা, সেইজনা কবি প্ৰণৱজ্যোতি দাসে ঠিকনা মেলি দিছে এইদৰে—

ঠিকনা

প্ৰণৱজ্যোতি দাস

 

যাযাবৰীৰ ঠিকনা পৃথিৱী,
মোক বিচাৰি তুমি
সন্ধ্যাৰ আকাশ নাচাবা,
তৰাবোৰ লুকাই থাকে দিনৰ পোহৰত
মোৰ যদি ঠিকনা লাগে
বৈ যোৱা নদীক চুবা…।।
ডাকোৱালজনে মোৰ ঠিকনা নপঢ়ে
গাঁঠি দিয়ে মাথোঁ ডাৱৰৰ পাখিত,
নৈপৰীয়া মিচিং ডেকাটিৰ বাঁহিত
সেয়ে ঐনিতমৰ সুৰ চেনেহৰ কনেঙৰ চিনাকি…।
যাযাবৰীৰ ঠিকনা পৃথিৱী,
মোক বিচাৰি তুমি
সন্ধ্যাৰ আকাশ নাচাবা,
মলয়াৰ সতে মোৰ প্রেম আজীৱন…।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!