ঠিক তোমাৰ দৰে ( -কুসুমাঞ্জলি শৰ্মা)

ঠিক তোমাৰ দৰে
****************
-কুসুমাঞ্জলি শৰ্মা৷
bottle
এবটল ফায়াৰ বল চিলি আচাৰ
জুইৰ গোলাটোৰ দৰে তীব্ৰ জ্বলন
তাৰ বাবেই
তাৰ বাবেই
তুমি ঘূৰিব পাৰা
এহেজাৰ এটা কেঁকুৰি
কাৰণ
তুমি জানা
ঘঁহি লব পাৰিবা গালে মুখে
পাইনৰ আদৰ
শ্বিলঙত গধূলি
শ্বিলঙত গধূলি
এবটল আচাৰ
ফায়াৰ বল চিলি আচাৰ
অগ্নিৰ গোলাটোৰ দৰে পুৰি নিয়া তাৰ জাল
ঠিক তোমাৰ দৰেই
সহিব টান
আকৰ্ষণ এৰিব তাতোকৈ টান! !

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!