ডপিং, খেলুৱৈৰ জীৱনত ইয়াৰ প্ৰভাব

লেখক- - পৰাশৰ কলিতা

ডপিং, খেলুৱৈৰ জীৱনত হয়তো ইয়াতকৈ ভয়ংকৰ আন একো শব্দ নাহিব। শেহতীয়াকৈ যোৱা এচিয়ান গেমছত ব্ৰঞ্জৰ পদক জয় কৰি অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰা ৫৭ কেজি শাখাৰ মহিলা বক্সাৰ পাৰবিন হুদাই অলিম্পিক আৰম্ভণি হোৱাৰ কেইদিনমান আগতে নিলম্বনৰ সন্মুখীন হব লগা হয়। যাৰ ফলত অলিম্পিকত নিজৰ স্থান হেৰুৱাৰ লগতে নিজৰ এচিয়ান গেমছৰ মেডেলো হেৰুৱাটো প্ৰায় নিশ্চিত হৈ পৰিছে। ২০২২ চনৰ এক প্ৰতিবেদন অনুসৰি ৪, ০৬৪ এথলিট যিসকলৰ নমুনা সংগ্ৰহ কৰা হৈছিল, তাৰ ভিতৰত ১২৭ গৰাকী এথলিটৰ পৰীক্ষাৰ ফলাফল পজিটিভ আছিল, যাৰ ফলত বিশ্বৰ ভিতৰত ডপিঙত ধৰা পৰা শতাংশ হিচাপত আমাৰ দেশ উচ্চ স্থানত আছে। ডপিং সম্পৰ্কে শেহতীয়াকৈ এইক্ষেত্ৰত আইনগত ভাবে জড়িত থকা পাৰ্থ গোস্বামী, যিজন ব্যক্তিয়ে অসম গৌৰৱ, ধিং এক্সৰেছ খ্যাত হিমা দাসক নেচনেল এণ্টি ডপিং এজেঞ্চি, চমুকৈ নাডাক প্ৰতিনিধিত্ব কৰিছিল আৰু হিমা দাসক পুনৰ ক্ৰীড়াক্ষেত্ৰলৈ ওভতাই অনাৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিছিল। পাৰ্থ গোস্বামীয়ে হিমা সম্পৰ্কে কোনো কথা নকলে যদিও যিয়ে অতি সহজকৈ খেলুৱৈ সকলৰ সহায় হোৱাকৈ বহু কথা কৈছিল যিবোৰ আমি আলোনালোকৰ আগৰ আগবঢ়াই দিছোঁ।

প্ৰশ্ন আছিল ডপিঙৰ কঠোৰ আইন সম্পৰ্কে যত পাৰ্থ গোস্বামী কৈছিল যে বিশ্ব এণ্টি ডপিং বিৰোধী সংস্থাই নিয়ম সমূহ ইমানেই কঠোৰ কৰিছে, আৰু লগতে সময়ে সময়ে সিক কঠোৰ কৰি আহিছে যে যদিহে কোনো খেলুৱৈৰ নমুনা ডপিঙৰ ফলাফল পজিটিভ আহি পৰে তেন্তে খেলুৱৈ গৰাকীয়ে শাস্তিৰ পৰা ৰক্ষা পৰাটো প্ৰায় অসম্ভৱ।

“এই সকলো নিয়ম সমূহ প্ৰয়োজনীয়, কাৰণ যদিহে কোনোবাই ইচ্ছাকৃত ভাবে যদি গ্ৰহণ। কৰি ইয়াৰ সুবিধা লৈ আগবাঢ়ি গৈছে, তেন্তে যিসকলে নিজৰ সততাৰে আগবাঢ়ি যাব বিচাৰিছে তেওঁলোকৰ ক্ষেত্ৰত অন্যায় কৰা হব। ডপিঙৰ ফলাফল যদি কোনো খেলুৱৈৰ যোগাত্মক আহিছে তেন্তে, এইক্ষেত্ৰত খেলুৱৈ গৰাকীৰ কি ধৰণৰ ভুল, কিমান গম্ভীৰ এই ভুল এই সকলো কথা খেলুৱৈ গৰাকীয়ে বুজিব লাগিব।”

মই এই বিষয়ে অলপ বহলাই কবলৈ কোৱাত পাৰ্থ গোস্বামীয়ে কৈছিল যে যেতিয়া মই এণ্টি ডপিঙৰ প্ৰথম কেচ সমূহ কৰা আৰম্ভ কৰিছিলোঁ, এই বিষয়ত বিশেষভাবে অভিজ্ঞ ডাক্তৰ এজনে মোক কৈছিল যে যদিহে খেলুৱৈৰ দেহত নিষিদ্ধ দ্ৰব্য পোৱা গৈছে তাৰ ৯০% নিশ্চিত অৰ্থ এয়া যে তেওঁ সেই দ্ৰব্য খাইছে বা কিবাকৈ শৰীৰৰ ভিতৰলৈ গৈছে। মই এই নীতিত চলোঁ যে খেলুৱৈসকলে আহি কব যে মই গ্ৰহণ কৰা নাই, মই তেওঁলোকক প্ৰথম উপদেশ দিওঁ যে এইক্ষেত্ৰত সঁচা কথা কওক, যদিহে সঁচা কথা কয় তেন্তে নিশ্চয় পথ ওলাব। কিদৰে এই দ্ৰব্য সমূহ খেলুৱৈৰ শৰীৰৰ ভিতৰলৈ আহিল? কোনোবাই ভুল দিশত পৰিচালিত কৰিলে নেকি? যোৱা ২, ৩ বছৰৰ পৰা এটা ট্ৰেণ্ড দেখিছোঁ যে বহু খেলুৱৈয়ে সঁচাকৈয়ে নাজানে যে কিদৰে তেওঁ গ্ৰহণ কৰিলে। মোৰ বিশ্বাসত কিছু খেলুৱৈ আছে যিয়ে লোৱা নাই, কিন্তু তেওঁলোকৰ শৰীৰত এই নিষিদ্ধ দ্ৰব্য পোৱা গৈছে। নিয়ম অনুসৰি যদিহে খেলুৱৈৰ এগৰাকীয়ে যি খাদ্য গ্ৰহণ কৰিছে, যি ঔষধ গ্ৰহণ কৰিছে, বা যি স্থানৰ পৰা পানী খাইছে তাৰ সমস্ত দায়িত্ব কেৱল খেলুৱৈ গৰাকীৰ নিজৰ।

মোৰ প্ৰশ্ন আছিল যে প্ৰতিযোগিতাৰ এই পৃথিৱীত কোনো ব্যক্তিয়ে খেলুৱৈৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিবও পাৰে। বিভিন্ন সময়ত আমি এনেধৰণৰ ঘটনা শুনিবলৈ পাওঁ, অভিযোগ আহে যে তেওঁৰ খাদ্যত কোনোবাই মিহলি কৰি দিছে। তেনেক্ষেত্ৰত খেলুৱৈ এগৰাকী কেনেদৰে সাৱধান হব? যদিহে কোনো এগৰাকী খেলুৱৈয়ে নাজানে যে তেওঁ খাইছে, আৰু তেওঁৰ দেহত নিষিদ্ধ দ্ৰব্য পোৱা গৈছে, তেনেক্ষেত্ৰত খেলুৱৈ গৰাকীয়ে কি কৰিব পাৰে?

পাৰ্থ গোস্বামী: এয়া এক বহু কঠিন প্ৰশ্ন। উত্তৰত মই এয়াই কব পাৰিম যে এজন খেলুৱৈয়ে নিজৰ দৈনন্দিন জীৱন কেনেদৰে কটাইছে তাৰ সঠিক মূল্যায়ন তেওঁ ৰখা উচিত। তেওঁ কি খাদ্য খাইছে, কৰ পৰা খাইছে, কত পানী খাইছে, কি কি খাইছে আদি সকলো। যদিহে এইক্ষেত্ৰত নিয়মানুৱৰ্তীতা মানি চলে প্ৰথম তেওঁ এইক্ষেত্ৰত কেতিয়াও নাহে, দ্বিতীয়তে দুৰ্ভাগ্যজনক ভাবে আহিলেও তেওঁৰ ক্ষেত্ৰত এই বিষয়ৰ প্ৰতি এক ধাৰণা থাকিব যে কেনেদৰে আহিব পাৰে। যদি কোনো খেলুৱৈয়ে কয় যে মোৰ পানীৰ বটলট কোনোবাই মিহলি কৰি দিলে, তেনে পৰিস্থিতিত খেলুৱৈ গৰাকীৰ দায়িত্ব যে এই পানী বটলটো কত ৰাখে, ল’কাৰত ৰাখে নে নিজৰ বিশ্বাসী কোনো মানুহৰ হাতত ৰাখে।

কিন্তু মাত্ৰ এই কোৱাটো পৰ্যাপ্ত নহয় যে কোনোবাই ষড়যন্ত্ৰ কৰি খেলুৱৈ গৰাকীৰ খাদ্যত নিষিদ্ধ দ্ৰব্য মিহলাই দিছে। যোদ্ধা নৰসিং যাদৱৰ শৰীৰত যেতিয়া নিষিদ্ধ দ্ৰব্যৰ উপস্থিতি ধৰা পৰিছিল তেতিয়া তেওঁ কৈছিল যে ষড়যন্ত্ৰ কৰি কোনোবাই তেওঁৰ খাদ্যত মিহলাই দিছে। দেশৰ সংস্থা নাডাই তেওঁক ৰেহাই দিলেও বিশ্ব এণ্টি ডপিং সংস্থাই এইক্ষেত্ৰত ৰেহাই নিদিলে। বিশ্বৰ সকলো খেলুৱৈৰ বাবে নিয়ম সমানেই বনোৱা হৈছে, আমেৰিকাৰ খেলুৱৈৰ বাবে যি নিয়ম, সেয়া ভাৰতীয় খেলুৱৈৰ বাবেও, আফ্ৰিকাৰ খেলুৱৈৰ বাবেও।

প্ৰশ্ন: যদি কোনোৱে খেলুৱৈৰ শৰীৰত নিষিদ্ধ দ্ৰব্যৰ উপস্থিতি ধৰা পাৰে, আৰু তেওঁৰ বিশ্বাস থাকে যে কেতিয়াও তেওঁ এইসমূহ দ্ৰব্য গ্ৰহণ কৰা নাই, তেতিয়া তেওঁ কি কৰিব লাগে?

পাৰ্থ গোস্বামী: শেহতীয়াকৈ এথলিট চালু চৌধুৰীৰ কাহিনী নিশ্চয় শুনিছে। তেওঁ ডপিঙৰ ফলাফল যোগাত্মক আহিছিল, যদিও এথলিট গৰাকী নিশ্চিত আছিল যে তেওঁ এই নিষিদ্ধ দ্ৰব্য কেতিয়াও গ্ৰহণ কৰা নাই। তেতিয়া মই তেওঁক কৈছিলোঁ যে যিহেতু আপোনাৰ ইমান আত্মবিশ্বাস আছে তেন্তে আপোনাৰ ডিএনএ নমুনা টেষ্ট কৰোঁ সেই চেম্পলৰ লগত যত ডপিং ধৰা পৰিছে। এইক্ষেত্ৰত তেওঁৰ যে খৰচ হব এই বিষয়েও মই কলোঁ। তেওঁৰ নিজৰ ওপৰৰ বিশ্বাস আছিল আৰু প্ৰায় ১.৫ লাখ খৰচ কৰি তেওঁ নিজৰ নমুনা পঠিয়ালে আৰু পৰীক্ষাৰ পিছত ফলাফলত ওলাল যে তেওঁৰ নমুনা অন্যৰ নমুনাৰ মিহলি হৈছিল আৰু তেওঁ নিৰ্দোষী হৈ ওলাই আহিল।

প্ৰশ্ন: এগৰাকী খেলুৱৈয়ে ইচ্ছাকৃতভাৱে এনে কাম নিশ্চয় নকৰে যিয়ে তেওঁৰ কেৰিয়াৰ ধ্বংস কৰিব পাৰে। এইক্ষেত্ৰত খেলুৱৈসকল কিদৰে ডপিঙৰ পৰা দূৰৈত থাকিব পাৰে?

পাৰ্থ গোস্বামী: বহুক্ষেত্ৰত খেলুৱৈসকলে বহু বেছি শিক্ষিত নগদ। তেওঁলোকক বহুতেই বহুতভাৱে পৰিচালিত কৰিব পাৰে। বৰ্তমান সময়ত আমাৰ বজাৰত পোৱা বহু ঔষধত ক্ৰীড়াক্ষেত্ৰত নিষিদ্ধ হৈ থকা ধৰণৰ দ্ৰব্য পোৱা যায়। আৰু অতি সহজলভ্য ভাবে পোৱা নাও। যিসমূহ চাপলিমেণ্ট আজিকালিৰ বজাৰত পোৱা যায়। এইক্ষেত্ৰত ভুৱা বজাৰ এখনো গড় লৈ উঠিছে। কিছু স্থানত আৰক্ষীয়ে অভিযান চলাইছে আৰু গ্ৰেপ্তাৰ কৰিছে, আইনগত ব্যৱস্থা গ্ৰহণ কৰিছে। ইয়াৰ বিচাৰৰ বাবে সৰ্বোচ্চ সংস্থা Court of Arbitration for Sports ৰ বহু গোচৰত এনে কিছুমান দিশ আহিছে যত খেলুৱৈসকলে কি কি ক্ষেত্ৰত সাৱধান হব লাগে এই বিষয়ে কোৱা হৈছে .

প্ৰথমে খেলুৱৈ এগৰাকীয়ে কি প্ৰডাক্ট গ্ৰহণ কৰিছে যদিহে কিবা চাপলিমেণ্ট গ্ৰহণ কৰিছে তাত থকা উপাদান সমূহ ভালদৰে বিচাৰ কৰক। সেইসমূহৰ বিষয়ে যায় গুগুলত চাওক যে এইসমূহ নিষিদ্ধ দ্ৰব্যৰ ভিতৰত আছেনে নাই। যিসমূহ চাপলিমেণ্ট কিনিছে, সেইসমূহ সঠিক স্থানৰ পৰা কিনিব, আৰু তাৰ লগত থকা বিল সমূহ ৰাখিব। আজিৰ সময়ত চাব যে সঠিক জিএছটি বিল দিয়া হৈছে নে নাই। যদিহে কোনোবাই কয় যে এয়া লৈ লওক, দাম কমত হব, ৰচিদ নালাগে আৰু খেলুৱৈ গৰাকীয়ে সেয়া কিনি আনিছে, তেন্তে এয়া খেলুৱৈ গৰাকীৰ ভুল। কাৰণ তেওঁ নিজেই বিপদৰ ফালে আগবাঢ়িব বিচাৰিছে।

যদিহে কোনো খেলুৱৈয়ে কোনোবা চিকিৎসকক দেখুৱাইছে তেন্তে চিকিৎসকক জনাওক যে আপুনি এজন খেলুৱৈ। অনুৰোধ কৰক যে এনে ঔষধ হে লিখিব যাতে কালিলৈ যদি ডপ টেষ্ট হয় তেন্তে কোনো সমস্যা নহয়। কিন্তু মই দেখা যায় যে বহু চিকিৎসক ক্ৰীড়াক্ষেত্ৰত বহু বেছি জড়িত নহয়। এইক্ষেত্ৰত খেলুৱৈ গৰাকীৰ দায়িত্ব যে ডাক্তৰক সকলো কথা জনোৱা আৰু অন্তত নিষিদ্ধ দ্ৰব্য সমূহৰ তালিকা তেওঁক দিয়া।

প্ৰশ্ন: যদিহে কোনো খেলুৱৈয়ে অনিচ্ছাকৃত ভাবে ভুল কৰে তেতিয়া?

পাৰ্থ গোস্বামী: শেহতীয়াকৈ শিবপাল সিঙৰ ক্ষেত্ৰত এই ঘটনা হৈছে যত তেওঁৰ ডপিং পজিটিভ আহিছে। শিবপালে কৰ্তৃপক্ষক জনালে যে তেওঁ এইসমূহ চাপলিমেণ্ট খাইছিল, আৰু সেইসমূহক পৰীক্ষাৰ বাবে পঠালে। পৰীক্ষাত এই চাপলিমেণ্ট সমূহত নিষিদ্ধ দ্ৰব্যৰ উপস্থিতি পোৱা গল। কিন্তু যি চাপলিমেণ্টৰ পিছত উপাদান সমূহৰ তালিকা থাকে তাত এই নিষিদ্ধ দ্ৰব্যৰ কথা দিয়া হোৱা নাছিল। এইক্ষেত্ৰত শিবপালৰ ডিফেন্স আছিল যে তেওঁ সকলো চাই চিটি কিনিছিল, আৰু কৰিব পৰা তেওঁৰ বিশেষ একো নাছিল। সকলো দিশ চাইও, তেওঁকো ১ বছৰৰ বাবে নিলম্বন কৰা হল কাৰণ তেওঁ যি স্থানৰ পৰা কিনিছিল সেয়া সঠিক স্থান নাছিল, তাৰ সঠিক ৰচিদ নাছিল।

প্ৰশ্ন: আজিৰ সময়ত বহু খেলুৱৈয়ে “Whereabouts Fail” হৈ নিলম্বনৰ সন্মুখীন হোৱাৰ খবৰ পাওঁ, এই বিষয়ে অলপ বহলাই কবচোন?

পাৰ্থ গোস্বামী: অতি সহজকৈ খেলুৱৈসকলক পৰ্যবেক্ষণ কৰাৰ বাবে এটা এপ্লিকেচন যত খেলুৱৈ গৰাকীয়ে আগন্তুক ৪ মাহলৈ কত থাকিব, কি স্থানত প্ৰশিক্ষণ লব বা কি প্ৰতিযোগিতাত অংশ লব, আদি সকলো তথ্য সমূহ এই এপত দিব লাগে। কিন্তু ইয়াৰ অৰ্থ নহয় যে এই তালিকাৰ বাহিৰত কোনো স্থানত যাব নোৱাৰিব। ধৰি লওক যেতিয়া খেলুৱৈ গৰাকীয়ে ট্ৰেইনিঙৰ পৰা বিৰতি লৈ ঘৰত দুদিনমানৰ বাবে যাবলৈ বিচাৰিছে এইক্ষেত্ৰত খেলুৱৈ গৰাকীয়ে যাব পাৰিব, কিন্তু Whereboutত তাৰ তথ্য দিব লাগিব। যাতে এজেঞ্চি সমূহে সেই সময়ত খেলুৱৈ গৰাকীৰ নমুনা যদি সংগ্ৰহ কৰিব বিচাৰে তেন্তে সেই স্থানত উপস্থিত হব পাৰে আৰু নমুনা লব পাৰে।

এইক্ষেত্ৰত খেলুৱৈ গৰাকীৰ যেতিয়া নমুনা সংগ্ৰহ কৰিবলৈ এজেঞ্চিৰ মানুহ আহি লব নোৱাৰে, আৰু খেলুৱৈ গৰাকীয়ে নিজৰ তথ্য দিবলৈ অসমৰ্থ হয়, যদিহে এটা বছৰত তিনিবাৰ এই ঘটনা হয়। তেন্তে খেলুৱৈ গৰাকীক নিষিদ্ধ কৰা হয়। গতিকে খেলুৱৈ অতিকৈসকলে সাৱধান হব লাগিব।

প্ৰশ্ন: Whereabouts Fail হৈ নিলম্বিত হলে এগৰাকী খেলুৱৈয়ে কি কৰিব পাৰে?

পাৰ্থ গোস্বামী: বহু দিশ থাকে, এপত বহুবোৰ প্ৰযুক্তিগত সমস্যা হব পাৰে। কোনোবাই লগ ইন কৰিব নোৱাৰিব পাৰে। কাৰোবাৰ OTP নাহিব পাৰে, আদিবোৰ নানা সমস্যা আহিব পাৰে। এইক্ষেত্ৰত মন দিব লগা কথাটো হল যে খেলুৱৈ গৰাকীয়ে এনেবোৰ ক্ষেত্ৰত ইয়াৰ বিষয়ে তথ্য ৰাখিছে নে নাই। খেলুৱৈ গৰাকীয়ে এইবিষয়ে নাডাক জনাইছে নে নাই।

তদুপৰি যেতিয়া খেলুৱৈৰ নমুনা সংগ্ৰহ কৰাৰ ক্ষেত্ৰটো বহু দিশ আহি পৰে। এইক্ষেত্ৰত যিমান দায়িত্ব খেলুৱৈৰ থাকে, এজেঞ্চিৰ বিষয়া সকলৰো দায়িত্ব থাকে যে তেওঁলোকে সঠিক ভাবে আগবাঢ়িছে নে নাই। তেওঁলোকে খেলুৱৈ গৰাকীৰ স্থানত উপস্থিত হৈ ৬০মিনিট, ১ ঘণ্টা সময় অপেক্ষা কৰিছেনে নাই? তেওঁলোকে খেলুৱৈ জনক বিচাৰিবলৈ চেষ্টা কৰিছে নে নাই? তেওঁলোকে কিয় নুমনা সংগ্ৰহত কিয় বিফল হল তাৰ প্ৰতিবেদন সঠিকভাৱে দিব লাগিব।

সকলোতকৈ ডাঙৰ কথা খেলুৱৈসকলে মনত ৰখাটো দৰকাৰ যে Whereaboutsত নিজৰ তথ্য দিবলৈ কেতিয়াও পাহৰিব নালাগে। যেতিয়া সময় হয় তেতিয়া মনত ৰাখিবলৈ এলাৰ্মকে ধৰি ব্যৱস্থা কৰিব পাৰে। মেনেজাৰ পৰ্য্যায়ৰ ব্যক্তি, বা তেওঁক মেনেজ কৰি সংস্থাক দায়িত্ব দিব পাৰে। বদ্বিতীয়তে যদিহে নিজৰ স্থান সলনি কৰিছে তেন্তে এপত তাৰ তথ্য দিব লাগে। এইক্ষেত্ৰত কেতিয়াও ভুল কৰিব নালাগে। ধৰি লওক এজন খেলুৱৈৰ তথ্য আছে এখন বিশেষ ঠাইত থকাৰ। আৰু পৰিয়াল বা সামাজিক অনুষ্ঠান এটাত অংশগ্ৰহণ কৰিবলৈ খেলুৱৈসকল গল আৰু তেওঁ এই তথ্য আপডেট নকৰিলে। তেনেক্ষেত্ৰত যদিহে নুমনা সংগ্ৰহ কৰিবলৈ আহি সংগ্ৰহত অসমৰ্থ হয় তেন্তে কিছু সমস্যা হব পাৰে। ৩বাৰলৈ এই সুবিধা থাকে।

প্ৰশ্ন: যদিহে কোনো খেলুৱৈৰ Whereaboutsত বিফল হয়, আৰু খেলুৱৈ গৰাকীয়ে নিজেই আহি কয় যে আপোনালোকে মোৰ পৰীক্ষা কৰক, তেতিয়া তেওঁক এইক্ষেত্ৰত ৰেহাই দিয়া হব পাৰেনে?

পাৰ্থ গোস্বামী: দুয়োটা ক্ষেত্ৰতে বেলেগ বেলেগ নিয়ম আছেজ প্ৰথমে ধৰি লওক, আপোনাৰ নমুনাত পজিটিভ আহিল, এইক্ষেত্ৰত বেলেগ এটা নিয়ম। আৰু আপোনাক দায়িত্ব দিয়া হৈছে যে আপুনি আপোনাৰ তথ্য সঠিক ভাবে দিয়ক। এই কথাৰ এটা যুক্তি আছে। এনে হবও পাৰে যে যিদিনা খেলুৱৈ গৰাকীৰ নমুনা সংগ্ৰহৰ বাবে আহিছিক, সেইদিনা তেওঁ ডপত আছিল, আৰু পিছত তেওঁ যেতিয়া উপযাচি আহিব তেতিয়া হব পাৰে যে তেওঁ হয়তো সেইদিনত ডপৰ পৰা নিজকে নিকা কৰিছে। বছৰত ৩বাৰ সুযোগ দিয়া হৈছে আৰু এইক্ষেত্ৰত মানি চলাটো দৰকাৰ। খেলুৱৈ সকলৰ মন দিয়াটো দৰকাৰ কাৰণ ইয়াত যি ভুল হয় সেয়া সামান্য ভুল, যদিও ইয়াৰ ফলাফল বেয়া হব পাৰে। খেলুৱৈয়ে গুৰুত্বপূৰ্ণ প্ৰতিযোগিতাৰ পৰা বাহিৰ হব লগা হবও পাৰে।

ধন্যবাদ, পাৰ্থ গোস্বামী: ধন্যবাদ

 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!