বিশ্বকাপ ফুটবল

লেখক- নৱজ্যোতি কাশ্যপ

বিষয়বস্তুৰ মূল প্ৰসংগলৈ যোৱাৰ আগতে আমি বিশ্বৰ শ্ৰেষ্ঠ ফুটবলাৰ পেলে গোটেই জীৱন ফুটবল খেলি দেশৰ বাবে কি কৰিলে, এই সম্পৰ্কত তেওঁ ফুটবলত প্ৰতিনিধিত্ব কৰা দেশ ব্ৰাজিলৰ ৰাষ্ট্ৰদূতে কোৱা কথাষাৰেই আটাইতকৈ অৰ্থৱহ বুলি গণ্য কৰোঁ। পেলে যেতিয়া অৱসৰ গ্ৰহণ কৰিছিল, সেই সময়ত ৰাষ্ট্ৰসংঘত ব্ৰাজিলৰ ৰাষ্ট্ৰদূত জে বি পিনহৰোৱে পেলেক উদ্দেশ্য কৰি কৈছিল— “পেলেয়ে ২২ বছৰ ধৰি ফুটবল খেলিছিল আৰু সেই সময়ত তেওঁ আন যিকোনো ৰাষ্ট্ৰদূততকৈ বিশ্ব বন্ধুত্ব আৰু ভ্ৰাতৃত্বৰ প্ৰচাৰৰ বাবে অধিক কাম কৰিছে।”

      ইয়াতেই ফুটি উঠে ক্ৰীড়াৰ মাহাত্ম্য, ফুটবলেই বিশ্বত জনপ্ৰিয়তাৰ ফালৰ পৰা শীৰ্ষ স্থানত আছে। বিশ্বৰ সকলো দেশৰ এটা নিজা নিজা ফুটবল দল আছে, ইয়াৰ ব্যতিক্ৰম নহয় আমাৰ দেশ ভাৰতবৰ্ষ। এতিয়া আহোঁ মূল প্ৰসংগলৈ, নিশ্চয়কৈ ক্ৰিকেট প্ৰিয় ভাৰতবৰ্ষত ক্ৰিকেট প্ৰতিভাৰ অভাৱ নাই। সেয়ে ভাৰতবৰ্ষত গণিব নোৱাৰাকৈ থকা ক্ৰিকেট প্ৰতিভাৰ লগতে আজি বিশ্বৰ দৰবাৰত অপ্ৰতিৰোধ্য ভাৰতীয় ক্ৰিকেট দল, অৰ্জন কৰিছে বিশ্বকাপ। এদিনীয়া বিশ্বকাপ, টি -২০ বিশ্বকাপ তথা বছৰে বছৰে অনুষ্ঠিত টেষ্ট মেচ, আন্ত:ৰাষ্ট্ৰীয় শৃংখলাত ভাৰতীয় ক্ৰিকেট দলৰ অপ্ৰতিৰোধ্য গতিক বিশ্বই সমীহ কৰে, প্ৰশংসা কৰে, যিয়ে প্ৰতিজন ভাৰতীয়ক গৌৰৱান্বিত কৰি তোলে। ইয়াৰ মাজতে বিশ্বত জনপ্ৰিয়তাৰ ফালৰ পৰা প্ৰথম স্থানত থকা ফুটবল দশক দশক ধৰি ভাৰতবৰ্ষত অতিকে শোচনীয় ৰূপতেই আছে। কিন্তু ভাৰতবৰ্ষত ফুটবলৰ ইতিহাসে চালে দেখা যায় এক গৌৰৱোজ্বল ইতিহাস ভাৰতীয় ফুটবলৰ আছিল। ব্ৰিটিছৰ দিনতে কলকাতাত ভাৰতীয় ফুটবলে এদিন নতুন দিগন্তৰ সূচনা কৰিছিল। ভাৰতীয় ফুটবলৰ মক্কা খ্যাত কলকাতাত আছিল খ্যাতিসম্পন্ন মোহনবাগানৰ দৰে দল, আছিল ইষ্ট বেংগলৰ দৰে যুঁজাৰু ফুটবল দল। ১৮৮৯ চনতে প্ৰতিষ্ঠিত কলিকতাৰ মোহনবাগানে ফুটবলত শক্তিশালী ব্ৰিটিছক হৰুৱাবলৈও সক্ষম হৈছিল। কেৱল কলিকতাই নহয়, ফুটবলত নিজৰ শক্তি দেখাই আহিছে উত্তৰ পূৰ্বাঞ্চলৰ ফুটবল প্ৰতিভাই।

১৯৪৮ চনতে লণ্ডনত অনুষ্ঠিত গ্ৰীষ্মকালীন অলিম্পিকত উত্তৰ পূৰ্বাঞ্চলৰ পেছাত চিকিৎসক টালিমেৰণ আওৱে ভাৰতীয় ফুটবল দলক সন্মুখৰ পৰা নেতৃত্ব দিবলৈ সক্ষম হৈছিল। বিশ্বৰ সন্মুখত আমি আজি কপিল দেৱ, মহীন্দ্ৰ অমৰনাথ , সুনীল গাভাস্কাৰ, শচীন তেণ্ডুলকাৰ, সৌৰভ গাংগুলী, ৰাহুল দ্ৰাবিড়, যুৱৰাজ সিঙ, এম এছ ধোনী , ইৰফান পাঠান, জাহিৰ খান, বিৰাট কোহলী, ৰোহিত শৰ্মা, যশপ্ৰীত বুমৰাহ আদি নাম কৈ শেষ কৰিব নোৱাৰা অসংখ্য ভাৰতীয় ক্ৰিকেট প্ৰতিভাৰ গুণ গৰিমাৰ কথা কৈ গৌৰৱ কৰিব পাৰোঁ আৰু যাৰ বাবেই ক্ৰিকেটত বিশ্বয়ো ভাৰতক সমীহ কৰে। কিন্তু ক’ৰবাত নহয় ক’ৰবাত ফুটবল ভাৰতত পিছপৰি ৰৈ গ’ল, যিটো হোৱাটো অনুচিত। এতিয়া প্ৰশ্ন হ’ব পাৰে যে ভাৰতবৰ্ষত গণি শেষ কৰিব নোৱাৰাকৈ জন্ম হোৱা ক্ৰিকেট প্ৰতিভাৰ দৰে ফুটবল প্ৰতিভাৰ জন্ম নহয় নেকি? এই প্ৰশ্নৰ উত্তৰো আছে, ফুটবল প্ৰতিভাৰো জন্ম ভাৰতবৰ্ষত হৈ আছে, বিশেষকৈ উত্তৰ পূৰ্বাঞ্চলৰ জনজাতীয় লোকসকলৰ মাজত তেনে প্ৰতিভা অধিক দেখা যায়, যদিহে উপযুক্ত মঞ্চ প্ৰদান কৰা যায় এদিন উত্তৰ পূৰ্বাঞ্চলৰ জনজাতীয় ফুটবল প্ৰতিভাই ভাৰতীয় ফুটবলক নেতৃত্ব দিয়াৰ সম্ভাৱনা নুই কৰিব নোৱাৰি। আমাৰ ৰাজ্য অসমৰ জনজাতীয় লোকৰ মাজৰ পৰাই গৈ ফুটবল প্ৰতিভাই এতিয়া ৰাষ্ট্ৰীয় স্তৰত খেলি বিশ্বৰ বিভিন্ন প্ৰান্তৰ ফুটবল প্ৰশিক্ষকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে, এই ক্ষেত্ৰত নাম লব পাৰি—এলেন দেউৰী, দুৰ্গা বড়ো, হলিচৰণ নাৰ্জাৰী, পাৰ্থিৱ গগৈৰ। উত্তৰ পূৰ্বাঞ্চলৰ জনজাতীয় লোকৰ মাজত আছে আৰু অধিক ফুটবল প্ৰতিভা, এই প্ৰতিভাসমূহ চিনাক্ত কৰি উপযুক্ত মঞ্চ দিলেই এদিন যে ভাৰতীয় ফুটবল দলক বিশ্বৰ দৰবাৰলৈ লৈ যাব পাৰিব, তেনে সম্ভাৱনাও আছে। সেয়ে সময় থাকোঁতেই যদি পদক্ষেপ লোৱা নাযায়, তেতিয়া ফুটবল এদিন ভাৰতবৰ্ষত তিষ্ঠি থাকিবও নোৱাৰিব, ভাৰতত ফুটবলৰ ভবিষ্যত সন্দৰ্ভত সেয়ে চলিত বৰ্ষৰ ২মে’ তাৰিখে সংবাদ মাধ্যম যোগে নৰ্থ ইষ্ট ইউনাইটেড ফুটবল ক্লাবৰ মুখ্য প্ৰশিক্ষক জুৱান পেদ্ৰো বেনালিয়ে কৈছে ভাৰতত ফুটবল তিষ্ঠি থকাটোৱেই ডাঙৰ প্ৰত্যাহ্বান হৈ পৰিব। সেয়ে প্ৰয়োজন হ’লে সৰ্বভাৰতীয় ফুটবল ফেডাৰচনে ভাৰত চৰকাৰৰ সৈতেও এই বিষয়ত আলোচনাত মিলিত হৈ ভাৰতীয় ফুটবলৰ ভৱিষ্যতৰ বাবে দূৰদৰ্শী পৰিকল্পনা কৰাৰ অতীব প্ৰয়োজনীয়তা আহি পৰিছে।

  বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতা আহিলেই বিশ্বৰ দৃষ্টি থাকে ভাৰতৰ ওপৰত, বিশ্বকাপ ক্ৰিকেটৰ খিতাপ অৰ্জন কৰাৰ তালিকাত চকু ফুৰালেই যেনেকৈ ভাৰতৰ নাম তালিকাত থাকে, ঠিক তেনেদৰে বৰ্তমান বিশ্বকাপ ফুটবল আৰম্ভ হৈছে, বাইচুং ভূটীয়া, সুনীল ছেত্ৰীৰ দৰে ফুটবল প্ৰতিভাৰ পৰশ পোৱা ভাৰতীয় ফুটবলৰ পৰাও একে ধৰণৰ সম্ভাৱনাৰ দুৱাৰ মুকলি হোৱাটো প্ৰত্যেকজন ভাৰতীয়ই বিচাৰে। অৱশ্যে তেনে সোণালী দিন কেতিয়া আহিব ইয়াৰ বাবে অপেক্ষা কৰিব লাগিব সময়লৈকে, খেল ভালপোৱা প্ৰত্যেকগৰাকী ভাৰতীয়ই।

শিতানটিৰ অন্যান্য লেখাসমূহ পঢ়ক

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments