ডাইনী সন্দেহত হত্যা : প্ৰতিৰোধ আৰু প্ৰতিকাৰৰ উপায় (মনোজ এম নেওগ)

বিজ্ঞান – প্ৰযুক্তিবিদ্যাৰ জয়জয়কাৰৰ সময়তো আমাৰ সমাজৰ পৰা এতিয়াও অন্ধবিশ্বাসৰ ভাৱধাৰা আঁতৰ হোৱা নাই । ভূত-প্ৰেত, ডাইনী আদিবোৰ সঁচাকৈয়ে আছেনে নাই সেইটো কোনেও সঠিককৈ ক’ব নোৱাৰিলেও কিন্তু, সৰহভাগেই ইয়াক বিশ্বাস কৰে । বিজ্ঞান শিক্ষাৰ প্ৰভাৱ পৰাৰ লগে লগে ৰাজ্যৰ পৰা বহু অন্ধবিশ্বাস আঁতৰ হ’ল যদিও, ডাইনী বোলা অন্ধবিশ্বাসটো এতিয়াও আমাৰ সমাজ জীৱনত শিপাই আছে । বিশেষকৈ শিক্ষাৰ পোহৰ নপৰা, অতি ভিতৰুৱা ঠাইত ডাইনীৰ সন্দেহত, মানুহেই মানুহক অবৰ্ণনীয় অত্যাচাৰ কৰি হত্যা কৰাৰ ঘটনা খুব সঘনে হ’বলৈ লৈছে । ডাইনী সংক্ৰান্তীয় অন্ধবিশ্বাস আঁতৰ কৰিবৰ বাবে কাম কৰি অহা সামাজিক সংগঠন “ব্ৰাদাৰ্ছ”ৰ সচিবপ্ৰধান দিব্যজ্যোতি শইকীয়াৰ মতে ২০০৮ চনৰ পৰা ২০১৪ চনৰ অক্টোবৰলৈকে ৰাজ্যত ডাইনী সনেহত ১০০ জনতকৈও বেছি লোকক হত্যা কৰা হৈছে ।

ডাইনী সন্দেহত হত্যা অথবা নিৰ্যাতন এটা সামাজিক ব্যাধি । কোনো এখন গাঁৱত যদি অনেক্ লোকৰ বেমাৰ-আজাৰ হয়। সেই সময়তে যদি কোনোবা এজনে “অমুকা”ৰ বাবেই গাঁৱত এনে বেমাৰ হ’বলৈ পাইছে বুলি মন্তব্য কৰি বহুলোকক উচটনি দিয়ে; তেন্তে সেই ব্যক্তিগৰাকীৰ গাত ডাইনী লম্ভিছে বুলি মিছা প্ৰচাৰ এটা আৰম্ভ হৈ যায় । মূৰকত, বহূতে সেইটোকে সঁচা বুলি ভাবি, সেই ডাইনীক শাস্তি দিয়াই নহয়, কেতিয়াবা হত্যা পৰ্য্যন্ত কৰি পেলায় । এনে ঘটনা আমাৰ ৰাজ্যৰ চুকে-কোণে এতিয়া সুলভ ।

যিসময়ত ৰাজ্যৰ বিজ্ঞানীয়ে দেশৰ মঙল অভযানত নেতৃত্ব লৈছে, সেইসময়তে কাৰ্বি আংলং জিলাত খোদ নামঘৰৰ ভিতৰ্তে এগৰাকী আন্তঃৰাষ্ট্ৰীয় এথলেটিক খেলুৱৈ, দেৱযানী বৰাক ডাইনী সন্দেহত নিৰ্যাতন চলোৱা হ’ল । যি কৰ্মৰ আকৌ নেতৃত্ব ল’লে নামঘৰটোৰ নামঘৰীয়াগৰাকীয়ে । এই ঘটনাৰ লগত জড়িত কেইবাগৰাকীও লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে যদিও, নামঘৰীয়াগৰাকী এতিয়াও পলাতক হৈয়ে আছে । কিন্তু এই ঘটনাটোত এইটোৱেই ভাল খবৰ যে গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰক সংশ্লিষ্ট বিষয়ত যথোপযুক্ত আইন প্ৰণয়ন কৰি দোষীক কঠোৰ শাস্তি দিবলৈ আহ্বান জনাইছে । এই জাতীয় ঘটনাবোৰ একেবাৰে পিছপৰা, ভিতৰুৱা ঠাই অথবা চাহ-বাগিছা এলেকাবোৰত বেছিকৈ সংঘটিত হোৱা পৰিলক্ষিত হয়। স্বাভাৱিকতে, এই অঞ্চলবোৰত বিজ্ঞান-প্ৰযুক্তিবিদ্যাৰ প্ৰভাৱটো বাদেই, শিক্ষাৰ পোহৰেই পৰা নাই বুলি ক’লেও বঢ়াই কোৱা নহ’ব । ফলস্বৰূপে এনে ঘটনাৰ প্ৰাদূৰ্ভাৱ এতিয়াও হ্ৰাস হোৱা নাই।তদুপৰি, এনে ঘটনাৰ আঁৰত বহুসময়ত লুকাই থাকে ব্যক্তিগত ইৰ্ষা আৰু ন্যস্তস্বাৰ্থও ।

ডাইনী হত্যাৰ দৰে ঘটনাবোৰ ৰোধ কৰিবলৈ তথা এই অন্ধবিশ্বাসক সমাজৰ পৰা নাইকীয়া কৰিবলৈ বীৰুবালা ৰাভাই দীৰ্ঘদিন ধৰি নিজৰ অঞ্চলত কাম কৰি আহিছে।ঠিক তেনেদৰে, অসম আৰক্ষীয়েও “প্ৰহৰী” নানৰ এক বিশেষ কাৰ্য্যসূচীৰ জৰিয়তে ডাইনী সংক্ৰান্তীয় ঘটনাৰ ওপৰত কাম কৰি আছে যদিও, ইয়াৰ প্ৰভাৱো বৰ বেছিকৈ দেখা পোৱা হোৱা নাই । খুব সঘনে এনে ঘটনাবোৰ হৈ থকাৰ পাছতো কিন্তু লক্ষণীয়ভাৱে , ৰাজ্য চৰকাৰ বা বিভিন্ন দল-সংগঠন এইক্ষেত্ৰত নীৰৱ । একোট পথ দূৰ্ঘটনাজনিত ঘটনাত মৃত্যু হোৱা লোকৰ বাবে ন্যায় বিচাৰি পথ অৱৰোধ, সমদল কৰা দল-সংগঠনে ডাইনীৰ দৰে এক ভয়াবহ সামাজিক ব্যাধিৰ চিকাৰ হৈ মৃত্যুমুখত পৰা লোকৰ বাবে কৰা প্ৰতিবাদ-সমদল দেখিবলৈ পোৱাৰ সৌভাগ্য আমাৰ এতিয়াও হোৱা নাই । তদুপৰি, সামাজিক সংগঠন বুলি স্বীকৃতি লৈ লোৱা দল-সংস্থাৰো অৱস্থা একেই ! চৰকাৰেও এনে একোটা ঘটনা সংঘটিত হ’লে তদন্তৰ দায়িত্ব দিয়েই সামৰে।

ডাইনী সন্দেহত দৰে অন্ধবিশ্বাসবোৰ আঁতৰ কৰিবলৈ হ’লে ভিতৰুৱা অঞ্চলবোৰৰ উন্নয়নত চৰকাৰে গুৰুত্ব দিয়াৰ লগতে উপযুক্ত চিকিৎসাসেৱাৰো ব্যৱস্থা কৰিব লাগিব । তদুপৰি, উক্ত অঞ্চলবোৰত সভা-সমিতি অনুষ্ঠিত কৰি, ৰাইজক ডাইনী বুলি যে একো নাই, সেয়া এক অন্ধবিশ্বাসহে, সেইটোও ভালদৰে বুজাব লাগিব । এইক্ষেত্ৰত তথ্যচিত্ৰ, বাটৰ নাট, পুতলা নাচ আদিৰ দৰে গণ-মাধ্যমৰ প্ৰয়োগেৰে ৰাইজক সজাগ কৰি তোলাৰ চেষ্টা কৰিব পাৰি। প্ৰতিমাহে দুই-চাৰিদিনকৈও যদি সেই অঞ্চলসমূহত এনে কাৰ্য্যসূচী লোৱা হয়, তেন্তে নিশ্চিতভাৱে কামত আহিব । এনে কামেই আমি ওপৰত উল্লেখ কৰি অহা দল-সংগঠনবোৰেও কৰিব পাৰে ; এই ক্ষেত্ৰত মাত্ৰ সদিচ্ছাৰহে প্ৰয়োজন ।

আনহাতে ডাইনী সংক্ৰান্তীয় ঘটনাত জড়িত লোকক এনে শাস্তি প্ৰদান কৰিব লাগে, যাতে আন কোনোৱে পুনৰাই তেনে কৰিবলৈ সাহস কৰিব নোৱাৰে। তাৰ বাবে প্ৰয়োজন হ’ব এখন কঠোৰ আইনৰ। কিন্তু, আজিকোপতি এনে আইন তৈয়াৰ কৰাৰ ক্ষেত্ৰত চৰকাৰ কোনো বিশেষ উদ্যোগ চকুত পৰা নাই । ইপিনে আমাৰ জনপ্ৰতিনিধিসকলেও এই সামাজিক ব্যাধিৰ নিৰ্মূলকৰণত যি ভূমিকা গ্ৰহন কৰিছে, সেয়াও নিমিত্ত্মাত্ৰ। বিধানসভাৰ অধিৱেশনত এই প্ৰসংগ লৈ জনপ্ৰতিনিধিসকলে আলোচনা কৰাৰ থল আছে যদিওঅ ডাইনীৰ দৰে গূৰুত্বপূৰ্ণ বিষয়টোক লৈ কোনোৱে যেন মাতেই নামাতিব, তেনে এক কথাহে দেখিবলৈ পোৱা গৈছে । চৰকাৰে প্ৰচাৰমাধ্যমত বিজ্ঞাপন, বিদ্যালয়ৰ পাঠ্যপুথি আদিত ডাইনী বুলি যে একো নাই, সেয়া মাত্ৰ এক অন্ধবিশ্বাসহে, তেনেধৰণৰ কথা উল্লেখ থকা পাঠ সন্নিৱিষ্ট কৰি, এই দিশত সজাগতা অনাৰ চেষ্টা কৰিব পাৰে । তদুপৰি, এই ব্যাধিক নাইকিয়া হ’লে, ভিতৰুৱা অঞ্চলত, বিশেষকৈ পূৰ্বে এনে ঘটনা সংঘটিত হোৱা ঠাইৰ লোকৰ মানসিকতা অধ্যয়ন কৰাটো নিতান্তই প্ৰয়োজনীয় । এনেবোৰ ঘটনাৰ মূল উৎস ক’ত সেয়া বিচাৰি, তাক নিৰ্মূল কৰিলেহে এনে ঘটনা সংঘটিত নহ’ব বুলি বিশ্বাস কৰিব পাৰি। ইয়াৰ বাবে ৰাইজৰ সহযোগিতাত, চৰকাৰেই এই কাম কৰিব লাগিব ।

যিসকল লোকক ডাইনী সন্দেহত কোনোবাই হত্যা কৰে, সেইসকল সঁচাকৈয়ে ডাইনীনে ? নহয়, এয়া এচাম মানুহৰ অন্ধবিশ্বাসৰ ফল । আধুনিক আৱহাৱাৰ পৰা বহু দূৰৈত তথা শিশাৰ পোহৰে চুব নোৱাৰা এই মানুহখিনিৰ মনত আজিও ভূত-প্ৰেত, অপদেৱতাৰ বিশ্বাস বিৰাজমান। এনে বিশ্বাসেই ডাইনীৰ দৰে কাণ্ডৰ গুৰি । এনে কুসংস্কাৰৰ বশৱৰ্তী হৈ যাক হত্যা কৰা হয়, সেইসকল আচলতে ডাইনী নহয়, ডাইনীৰুপী কুশক্তি হ’ল সেই হত্যাকাৰীসকলহে ! এনে কুমনোবৃত্তিৰ লোকসকলক চিনাক্ত কৰি শাস্তি প্ৰদান কৰাটো অতি প্ৰয়োজন । অন্যথা, এনে ঘটনা যে পুনঃ পুনঃ সংঘটিত হৈ থাকিব, সেই কথা নুই কৰিব নোৱাৰি । মুঠ কথা, কঠোৰ আৰু দৃষ্টান্তমূলক আইন আৰু সজাগতা অবিহনে এই সামাজিক ব্যাধি নিৰ্মূল কৰা অসম্ভৱ ।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!