ডাক্তৰৰ অসুখ – বিশাল ৰায়

দিন-কাল ভাল নহয়
চৌদিশে হিংসা ৰোগে বাহৰ পাতিছে
ডাক্তৰৰ চেম্বাৰলৈও ধপ ধপাই উৰি আহে ভয়,শংকা

শেলুৱৈয়ে আৱৰা দিন-ৰাতিৰ বাটত
ডাক্তৰে প্ৰায়েই লিৰিকি বিদাৰি চায়
মামৰে ধৰা দেৱদূত উপাধিটো

আইনাৰ সমুখত থিয় হ’লেই দেখা পায়
এটা অসুখীয়া কলিজা

পানীৰ দৰেই ৰংবিহীন খোজৰ চিহ্নত
ডাক্তৰে গছপুলি ৰোৱে
গছপুলি ডাঙৰ হয় আৰু মৃত্যু হৈ হাউলি পৰে

ডাক্তৰৰ আজি বৰকৈয়ে অসুখ যদিও টেবলেট নাই
টেবলেট দিয়া মানুহৰ হাতত
তেজৰ চেঁকুৰা

সৌৱা চোৱা,
ডাক্তৰৰ পিছে পিছে দৌৰি ফুৰিছে পৈশাচিক হাঁহি

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!