ডাক্তৰ – ডাক্তৰ : মিণ্টু বৰগোঁহাই

ডাক্তৰ – ডাক্তৰ

মিণ্টু বৰগোঁহাই

১৯৮৯ চন। প্ৰাথমিক বিদ্যালয়ৰ তৃতীয় শ্ৰেণী। সৰুচাৰৰ পুতেকে স্কুললৈ আহিয়েই ক’লেহি যে সেইদিনাখন আমাক কলেৰা বেজী দিবলৈ ডাক্তৰ আহিব। কথাটো শুনাৰ লগে লগে লগৰ দুটামানে কিতাপ ফলি লৈ ভিৰাই ঘৰলৈ দৌৰ দিলে। আমি ভয়পাদুৰা ভয়পাদুৰা বুলি চিঞৰি চিঞৰি সিহঁতক জোকাবলৈ ধৰিলোঁ। মোৰো বুকুখন কঁপিছিল কিন্তু পলাবলৈ সাহস ন’হল। পানীখোৱা ছুটীৰ সময়ত চাইকেলৰ কেৰিয়াৰত চামৰাৰ ক’লা বেগ এটা বান্ধি লৈ ডাক্টৰ হাজিৰ। আমি কোৱাকুই কৰিবলৈ ধৰিলো, “এইজনেই ডাক্তৰ। আমাক এতিয়া বেজী দিব”। সৰুচাৰে স্কুলৰ ওচৰৰ মানুহঘৰৰ পৰা কেটলী এটাত গৰম পানী আৰু এটা মগ লৈ আহিল। ডাক্তৰজনে বেগৰ পৰা সৰু বাকচ এটা উলিয়ালে আৰু সেইটোৰ পৰা ছিৰিঞ্জ এটা উলিয়াই লৈ তাত বেজী এটা লগাই ললে আৰু মগত অলপ গৰম পানী লৈ ছিৰিঞ্জটোত পানী ভৰালে। তাৰ পাচত বিশেষ কায়দাৰে বেজীটো ওপৰমুৱা কৰি পানীখিনি ফিচকাৰী মাৰি ওপৰলৈ মাৰি পঠিয়ালে। আমি ভয়ে ভয়ে চাই থাকোতেই সৰুচাৰে কলে “ চবেই আজি বেজী লব লাগিব, এতিয়া যিয়ে প্ৰথমতে ল’বহি তাক এটা মৰ্টন দিম মোৰ ফালৰ পৰা”। এইবুলি এটা মৰ্টন জেপৰ পৰা উলিয়াই টেবুলত থ’লে। কোনো আগবাঢ়ি নগ’ল। সৰুচাৰে এইবাৰ আলমাৰিটোৰ ওপৰত থোৱা বেতদাল ওলিয়াই ল’লে। ভাবিলোঁ বেত খাই বেজী লোৱাতকৈ মৰ্টনটো খোৱাই ভাল হ’ব। এনেয়েওটো বেজী ল’বই লাগিব বুলি আগুৱাই গৈ হাতখন পাতি দিলোঁ। ডাক্তৰজনে সৰু বটল এটাৰ মুখত বেজীটো লগাই লৈ ছিৰিঞ্জটোত দৰব ভৰাই ল’লে । তাৰ পাছত গৰম পানীত কপাহ তিয়াই মোৰ বাওঁহাতৰ বাঁউসীতো মোহাৰি ল’লে। মই কান্দিমেই নে হাঁহিম কৰি বেজীৰ খোঁচটো মৰালৈকে চাই থাকিলোঁ। এজনী আমৰলি পৰুৱাই কামোৰাৰ সমান বিষ হ’ল। বেজী দিয়া ঠাইডোখৰ কপাহেৰে মোহাৰি মোহাৰি বীৰদৰ্পে টেবুলত থোৱা মৰ্টনটো লৈ নিজৰ ঠাইত বহি বাকীবোৰক বেজী দিয়া চাই থাকিলোঁ। কিছুমানে কান্দিলে আৰু কিছুমানে একেবাৰে নিবিষালে বুলি কৈ বাকীবোৰক চাই থাকিল।

বেজীৰ বিষে গধূলিহে পৰাক্ৰম দেখুৱাবলৈ ধৰিলে। হাতখন ডাঙিব নোৱাৰা হলোঁ, ক’ৰবাত লাগিলেই গেজেককৈ বিষায়। পিছদিনাখন জ্বৰীয়া গাৰেই স্কুললৈ গ’লোঁ। উদ্দেশ্য এটাই, আমাৰ ভয়পদুৰা পলৰীয়া কেইটাক ডাঙৰচাৰে কি শাস্তি দিয়ে চোৱাটো। পিচে শাস্তি দেখি সন্তোষ নাপালোঁ কাৰণ গোটেইকেইটাক শাৰী পাতি থিয় কৰাই মাত্ৰ দুবেত দুবেত দিয়েই শাস্তি সামৰিলে। আমি অংক নোৱাৰিলে আকৌ পাঁচ বেত দিছিল। ভয়পাদুৰা এটাই ওচৰলৈ আহি কলেহি- “খোঁচটো খুৱাতকৈ দুবেত লোৱাই ভাল, দেখিলি”। মনতে সংকল্প ল’লোঁ আজিৰ পৰা আৰু বেজী নলওঁ।

চতুৰ্থ শ্ৰেণী। সৰুচাৰে পদ্য মুখস্থ লৈ আছে। হঠাতে দেখিলোঁ ডাক্তৰ আহিছে। চাইকেলৰ কেৰিয়াৰত ক’লা বেগটো। আমাৰ মুখবোৰ আতংকিত হৈ পৰিল। সৰুচাৰে ডাক্তৰক আগবঢ়াই আনিবলৈ বুলি বাহিৰলৈ ওলাইছেহে, সুবিধা বুজি আমাৰ ভয়পাদুৰা বহিনী খিড়িকীৰে জপিয়াই ওচৰৰ এৰাবাৰীখনৰ ফালে দৌৰ দিলে। এইবাৰ লগত ময়ো। এৰাবাৰীৰ ডাঠ হাবিৰ মাজে মাজে গৈ হাফলু এটাৰ আঁৰত লুকাই আটাইকেইটাই ফোঁপাই জোপাই পিছলৈ চালোঁ। নাই, সৰুচাৰে পাছে পাছে নেখেদিলে। এতিয়া ডাক্তৰ নোযোৱালৈকে এৰাবাৰীতে লুকাই থকাই ভাল হ’ব। ঘৰলৈ যাবলৈ আকৌ স্কুলৰ আগেদিয়েই যাব লাগিব। গতিকে হাফলুৰ ওপৰতে কিতাপবোৰ থৈ আটাইকেইটা বনপিঠা গছৰ তল পালোগৈ আৰু বনপিঠা খায়েই সময়বোৰ পাৰ কৰিলোঁ। পিছদিনাখন স্কুললৈ গৈহে গম পালো যে ডাক্তৰে বেজী দিবলৈ অহাই নাছিল। সকলোকে পিল খুৱাই থৈহে গ’ল। তাৰমানে আমি ৰামঠগন খালোঁ।

ডাঙৰ চাৰৰ ওচৰত দুবেত লবলৈ হাতখন পাতি দি মনে মনে ভাবিলোঁ, “বনপিঠা মিঠা, পিলবোৰহে তিতা”।

Leave a Reply

Your email address will not be published. Required fields are marked *

Copying is Prohibited!