ডাক – প্ৰবচন
ডাক – প্ৰবচন
By Pankaj Barah, Rajib Lochan Pathak
শ্ৰী কৄষ্ণাই নম:
১) অথ জন্ম প্ৰকৰণ
উপজিয়া ডাকে বোলন্ত বাক |
পোঞাতি ৰাখি চাৱ পুতাক ||
ধুৱাই পখলাই কোলে লৈব জেবে |
ভালে ভালে ফুল পৰিব তেবে ||
হৰি ধ্ব্নি কৰি নাভি কাটিবা |
দৄঢ় মুষ্টি কৰি গাঠি বান্ধিবা ||
গোবৰ সুঠি সুচলি কাঠ |
সেকিলে নাভি নহৱে অনাথ ||
একে কাঠে লাৰি চাৰি |
দুই কাঠে ফুক পাৰি ||
তিনি কাঠে কৰিয়া এক |
যেনে লাগে তেনে সেক ||
লোণ ঝালুক দি খুৱাব ঝাল |
তেবে স্তন ৰস হুইবেক ভাল ||
ক’লা তুলসি বেলৰ পাত |
মুথা সমে খুন্দি পটাত ||
তপত কৰি জননী খাইব |
তেবেসে জননী দৃঢ়ক পাইব ||
যেবে সুতিকা ৰাখিব জীৱ |
যতন কৰিয়া ঔষধ পীব ||
৯ ) অথ বৰ্ষাদি লক্ষণ ( নবম অধ্যায়)
১) যদি বৰিসে জল ধাৰে |
কি কৰিব তাক গনিতি কাৰে ||
২) তথাপিতো তিথি বাৰক চাই |
ডাকে বোলে কিচো বোলা জাই ||
৩) আসাঢ়ৰ নৱমি শুক্ল পক্ষত |
যদি বৰিষে ভুমি তলত||
৪) হাল ফাল বেচি চিন্তিয়ো দেৱ |
ৰাজ গৄহত কৰিয়ো সেৱ ||
৫) যদি বৰষে জলৰ কণা |
ৰঙ্গ কৰি নাচে কৄষক জনা ||
৬) বোলন্ত ডাকে ঢিল মাটি পাই |
কান্ধে নাঙ্গাল ধৰিয়া যাই ||
৭) মেঘ্ক দেখি হালক বাই |
জানা শস্যৰ লাভাক পাই ||
এহাত এমুঠন কলৰ পোত ৷
তেহে চাবা কলৰ গোট৷৷|
৮) ডাকে বোলে কেনে ধৰনি চহ |
কঠিয়া নাঙ্গল নষ্ট নকৰহ ||
৯) পৌষ মাসে যদি মেঘ গৰ্জন |
মাঘ মাহতে মেঘ সোসন ||
১০) চৈত্ৰ্ত কেন্দু ফল নিৰন্তৰ |
বৈসাগ মাহত পৰে পাথৰ ||
১১) ৰিনি ৰিনি জল পৰে জৈষ্ঠত |
চাৰি মাহ বৄষ্টি হোৱে লোকত ||
১৩} চৈত্ৰ্ৰৰ চতুৰ্দ্দশি যদি সমতুল |
ডাকে বোলে বৰ্ষা হোৱে বহুল ||
১৪) তিথি বৄদ্ধিয়ে শয্যক নাশে |
ৠক্ষ বৄদ্ধিয়ে তিল বিনাশে ||
১৫ ) শ্ৰাৱন মাসত ৰোহিনি ৠক্ষত |
যদি নবৰষে দেৱ |
হাল ফাল বেচি কৰ সব লোক
দেৱি মহাদেৱ সেৱ ||
১৬) বাৰিষা কালত বেঙ্গৰ ৰাৱ |
হাল গৰু লৈ পথাৰক যাৱ ||
১৭) মাঘত ৰ’দ বহাগত শীত |
চাৰি মাহে অল্প বৄষ্টি ভূমিত ||
১৮) তিনিশ ষাঠী জোপা ৰুবা কল
মাহেকে পষেকে চিকুনাবা তল ৷
পাত পচলা লাভত খাবা
লঙ্কাৰ বনিজ ঘৰতে পাবা ৷৷
অথ : ৰন্ধন প্ৰকৰণ
১) চিত জেৰোৱা চলি কাতি |
বতা হেঙ্গেৰা খাগৰা মুঠি ||
২) স্বাস দীৰ্ঘ কৰি দিবা ফু |
তেহে দেখিবা জুইৰ মু ||
৩) সোকোতাৰ পাত বেসুয়াৰৰ ঝোল |
তৈলৰ ওপৰে দিয়া তোল ||
8) পোৰোলা শাক ৰোহিত মাছ |
ডাকে বোলে সেই ব্যঞ্জন সাচ ||
৫) মাগুৰ মাছক কচি কুটিয়া |
হালধী মৰিচ হিঙ্গক দিয়া ||
তৈল লোণ দি কৰিবা পাক |
এই ব্যঞ্জন সাৰ বোলে ডাক ||
৭) কায়ৈ মাছক কচি কুটিয়া |
হালধী মৰিচ হিঙ্গক দিয়া ||
ওলোট পালট কৰিবা পিঠি |
খাই পাইবা তেবে দৄষ্টি ||
( উলট পালট কৰিয়া পিঠ,
খায়া পাবা ভোজন মিষ্ঠ )
৯) চেঙ্গা চেঙ্গলী জামিৰৰ ৰসে |
কাহুদি দিয়া জেবে পৰিসে ||
মুখৰ অৰুচি দূৰক যায় |
আচোক নৰ দেবো মোহ পাই ||
১০) ইলিহ মাছক কচি কুটিয়া |
ত্ৰিকুট দিয়া তৈল ভাজিয়া ||
এই বেঞ্জন যি জনে খাই |
আম্ৰৰ সদৄশ মুখ গন্ধাই ||
১১) কচ বচ চিতলৰ আদ খান |
নেমু লোণ দি বুঝি পৰিমাণ ||
১২) আকে খাই পাই সন্তোষ প্ৰচুৰ |
আন বেঞ্জঁনক ক ৰিব দূৰ ||
১৩) চাউল দিবা যতেক |
পানী দিবা ততেক ||
১৪) পাগ আহিলে দিবা কাঠি |
তেবে কৰিবা জুই ভাঠি ||
১৫) জেবে নিসিজে চাউল |
তেবে বুলিবা ডাকক বাউল ||
১৬) পকা তেতেলী বুঢ়া বৰালী |
বিস্তৰ কৰি দিবাহা জালি ||
১৭) বাঢ়ি দিবা টেঙাৰ ঝোল |
খাবৰ বেলা মুণ্ড নোতোল ||
আগলৈ….
টোকা আৰু কথা বতৰা-
(কিছুমান মন্তব্য এইখিনিতে বাচনি কৰি দিয়া হ’ল)
ডাক প্ৰবচন খিনি ড০ নবীন চন্দ্ৰ শৰ্মা ৰ ” ডাক -প্ৰবচন আৰু ডাক পৰম্পৰা”ৰ পৰা লোৱা হৈ ছে … নৱেম্বৰ ২০০৫
ছয় পো বাৰ নাতি
তেহে কৰিবা কুহিয়াৰ খেতি’
ভোক ৰাখি ভাত খাবা
বল ৰাখি ভাৰ ববা
( মোৰ সকলোতকৈ প্ৰিয় ডাকৰ বচন, বুঢ়া কালৰ প্ৰয়বোৰ বেমাৰৰ ভেকচিন এইটো)
গৰু আনিবা ৰিংটোৰ বাটৰ
ছোৱালী আনিবা দিনটোৰ বাটৰ
পূবে গাজিলে জানিবা খৰ।
পছিমে গাজিলে মাৰিবা লৰ।।
উত্তৰে গাজিলে লুৰিবা খৰি।
দক্ষিণে গাজিলে বিচাৰিবা জৰী।
তোমাৰ বাৰীৰে বাঁহগাজ
তাকে আনি কৰিলো খৰিছা,
তোমাতে সলাই ধানদোন লঁও
কথাটো মন কৰিছা ।
বাঘত থৰ্, ভালুকত লৰ্,
কুকুৰত দলি, গাহৰিত বাগি ।
Chandan Chiring Phukon
পুৱে গাজিলে জানিবা খৰ
পশ্চিমে গাজিলে মাৰিবা লৰ,
উত্তৰে গাজিলে নুমাবা জুই
দক্ষিনে গাজিলে থাকিবা শুই।।…….
– এনেকুৱাহে আছিল নেকি বাৰু ?
একেপাট শৰে সাতটা হৰিণ মাৰিলো
লোকক নকলো লাজে,
সাত দিন খপি নিগনী এটা মাৰিছো,
তাতে ধনঞ্জয় ঢোল বাজে ।।
Dwijen Mahanta ডাঙৰীয়া, ঠাইভেদে হয়তো কিছু বেলেগ হয়। মই আইতাৰপৰা এনেদৰেই শুনিছিলোঁ। আপুনি কোৱাটোও বিভিন্ন ঠাইত প্রচলিত বোধকৰোঁ।
উত্তৰ গাজিলে ধুমুহা অহাৰ সম্ভবনা থাকে, সেই বাবে জুই নুমুৱাব লাগে।আকৌ দক্ষিণে গাজিলে বতাহ ধুমুহা একো নহয়, সেয়ে নিচিন্তে শুব পাৰে। কথাটো তেনেকুৱাহে।
চাউল দিবা জেতেক-পেতেক,
পানী দিবা তিনি তেতেক,
যেবে দেখিবা নিসিজে চাউল,
তেবে বুলিবা ডাকক বাউল ।
Dwijen Mahanta ডাঙৰীয়া,
একেপাট শৰে সাতটা হৰিণ মাৰিলো
লোকক নকলো লাজে,
সাত দিন খপি নিগনী এটা মাৰিছো,
তাতে ধনঞ্জয় ঢোল বাজে ।।
এই টো ফকৰা যোজনা, কিন্তু ডাকৰ বচন হয় জানো ?