ডানবাৰৰ সংখ্যা, সামাজিক সম্পৰ্ক, প্ৰকৃত বন্ধু ইত্যাদি – অনুপমা বৰগোহাঁই

 আপুনি এজন জনপ্ৰিয় ব্যক্তি৷ আপোনাক ভালপোৱা বহুলোক আছে৷ ফেচবুক বা তেনে সামাজিক মাধ্যমত আপুনি বন্ধুত্ব গ্ৰহণ কৰিব পৰা সংখ্যাৰ সীমাৰেখাডাল অতিক্ৰম কৰিলে৷ আপুনি পুনৰ নিজৰ নতুন প্ৰফাইল এটা সৃষ্টি কৰি বন্ধুৰ সংখ্যা বৃদ্ধি কৰি গৈ আছে৷ কিন্তু কেতিয়াবা ভাবি চাইছেনে আপোনাৰ এই হাজাৰ হাজাৰ বন্ধু-বান্ধৱীৰ ভিতৰত কিমানজনৰ নাম মনত ৰাখিব পাৰিছে? কিমানজনৰ লগত আপুনি সামান্য সৌজন্যমূলক বাৰ্তা এটাৰ আদান-প্ৰদান কৰিব পাৰিছ? কিমানজনৰ সুখ-দুখৰ বাতৰি আপুনি জানে বা কিমানজনৰ লগত আপুনি নিজৰ সুখ-দুখৰ ভাগ বতৰা কৰে? হয়তো খুউব বেছি পাঁচজনৰ লগত আপুনি নিজৰ সকলো সুখ-দুখ নিঃসংকোচে প্ৰকাশ কৰিব পাৰে৷ অন্তৰখন উবুৰিয়াই দিব পাৰে৷ তেনে সামাজিক নেটৱৰ্ক মাধ্যমত থকা আপোনাৰ হাজাৰ হাজাৰ বন্ধু-বান্ধৱীক কিয় প্ৰয়োজন? তেওঁলোকক সঁচাকৈয়ে আপোনাৰ জীৱনত প্ৰয়োজন আছেনে? এই কথাৰ উত্তৰ আপোনালোকৰ নিজৰ জীৱনৰ অনুভৱ আৰু অভিজ্ঞতাইহে দিব পাৰিব৷

কিন্তু কুৰি শতিকাৰ প্ৰাৰম্ভণিত ৰবাৰ্ট ডানবাৰ নামৰ এজন বৃট্ৰিছ নৃতত্ত্ববিদৰ গৱেষণাই প্ৰমাণ কৰি দেখুৱালে যে এজন মানুহৰ অতি বেছি ১৫০ জন মানুহৰ লগতহে স্থিৰ সামাজিক সম্পৰ্ক ৰাখিব পৰা ক্ষমতা আছে৷ এনে সামাজিক সম্পৰ্কৰ অৰ্থ হ’ল পৰস্পৰে পৰস্পৰক ভালদৰে চিনি পোৱা বা ইজনৰ লগত সিজনৰ আন্তৰিক এক বন্ধন থকা৷ এই ১৫০জন মানুহৰ ভিতৰত পৰিয়াল, আত্মীয়, কুটুম্বও অন্তৰ্ভুক্ত৷ ডানবাৰে দেখুৱাইছিল যে জীৱৰ মগজুৰ আকৃতি আৰু সামাজিক গোট বন্ধনৰ আকৃতিৰ মাজত এক যোগসূত্ৰ আছে৷ মানুহ সমাজপ্ৰিয় জীৱ৷ মানুহৰ দৰেই আন বহুতো সমাজপ্ৰিয় জীৱ আছে৷ ডানবাৰে প্ৰায় ৩৮ বিধ ভিন ভিন সামাজিক গোট বন্ধনত থাকি ভালপোৱা জীৱৰ ওপৰত গৱেষণা কৰি দেখিলে যে মানুহ এজনৰ মগজুৰ আকৃতি অনুসৰি প্ৰায় ১৫০জন লোকৰ লগতহে সামাজিক সম্পৰ্ক ৰক্ষা কৰিব পৰা ক্ষমতা আছে৷ অৰ্থাৎ অতি বেছি ১৫০ জন মানুহৰ লগতহে এজন ব্যক্তিয়ে সুচাৰুভাবে যোগাযোগ ৰাখিব পাৰে৷

মেলকম গ্লেডৱেল নামৰ লেখকজনে “দ্য টিপিং পইণ্ট” নামৰ জনপ্ৰিয় কিতাপখনত ডানবাৰৰ এই বিশেষ সংখ্যাৰ প্ৰয়োগৰ ওপৰত বহুতো টিপ্পনি দিছে৷

এটা কোম্পানীত যদি এশ পঞ্চাশজনতকৈ বেছি মানুহে একেটা বিল্ডিং বা প্ৰকল্পত কাম কৰিবলগীয়া হয় – তেন্তে সেই কোম্পানীত কৰ্মীসকলৰ মাজত সংঘাত বা মতবিৰোধ হোৱাৰ সম্ভাৱনা অধিক৷ সেয়ে ডানবাৰৰ সংখ্যাৰ ওপৰত বিজিনেজ মেনেজমেণ্ট কোম্পানীয়েও গুৰুত্ব দিয়ে৷ ঠিক সেইদৰে ভাৰ্চুৱেল কমিউনিটিয়েও এই ডানবাৰৰ সংখ্যাৰ ওপৰত গুৰুত্ব দিছে৷ ২০১০ চনত ডানবাৰে নিজেও ফেচবুকৰ বন্ধুত্ব সংখ্যাৰ ওপৰত এটা অধ্যয়ন কৰিছিল৷

ডানবাৰে বৃট্ৰেইনৰ ৩৩০০জন ফেচবুক ব্যৱহাৰ কৰা লোকক লৈ এটা সমীক্ষা চলাইছিল৷ সেইসকল মানুহৰ প্ৰত্যেকৰে ১৫৫ জনৰ পৰা ১৮৩ জন ফেচবুক বন্ধু আছিল৷ ডানবাৰে সেইসকল মানুহক দুটা প্ৰশ্ন কৰিছিল –

১. ফেচবুকৰ বন্ধুৰ বিপদৰ সময়ত নিজৰ কাম কাটি কৰি থৈ টকা-পইচা বা অন্য প্ৰকাৰে সহায় কৰিবলৈ দৌৰ মাৰি যাবনে?
২. ফেচবুকৰ বন্ধুৰ বিপদৰ সময়ত সমবেদনা জনাবলৈ তেওঁলোকৰ ওচৰলৈ যাবনে?
ডানবাৰৰ প্ৰথম প্ৰশ্নৰ উত্তৰত মাত্ৰ চাৰিজন লোকে আৰু দ্বিতীয় প্ৰশ্নৰ উত্তৰত চৌধ্যজন লোকে ইতিবাচক উত্তৰ দিছিল৷
প্ৰফেচাৰ ডানবাৰৰ মতে মানুহৰ সামাজিক সম্পৰ্কৰ কেইবাটাও তৰপ থাকে৷ ঘনিষ্টৰ পৰা ঘনিষ্টতৰ -৷ আমাৰ বহুতৰে প্ৰায় ৫জন মান নিকটতম বন্ধু, ১৫জনমান প্ৰিয় বন্ধু, ৫০ জন ভাললগা বন্ধু, ১৫০জন সাধাৰণ বন্ধু, ৫০০ জন মান জনা-শুনা সম্পৰ্কীয় আৰু ১৫০০ মান চকুৰ চিনাকি মানুহ আছে৷

২০১২ চনত ডেভিদ ৱং নামৰ ঔপন্যাসিকজনে তেওঁৰ উপন্যাস “দ্যা বুক ইজ ফুল অব স্পাইডাৰ”ত সমাজত ডানবাৰৰ সংখ্যাৰ উল্লেখনীয় প্ৰভাব দেখুৱাবলৈ সক্ষম হৈছে৷ তেওঁৰ উপন্যাসৰ চৰিত্ৰ মাৰ্কনিয়ে কৈছিল এটা সামাজিক গোটত ডেৰশতকৈ অধিক মানুহ অন্তৰ্ভুক্ত হ’লে বৰ্ণবাদ, জাতিবাদ আদিয়ে গা কৰি উঠে৷ পৰস্পৰৰ দুখ কষ্টৰ প্ৰতিও মানুহ উদাসীন হৈ পৰে৷

ব্যক্তিগতভাবে, আমি নিজেও যিবোৰ সামাজিক গোটত ডানবাৰৰ বিশেষ সংখ্যাতকৈ বেছি সদস্য আছে – তেনে গোটত সদস্যসমূহৰ পৰস্পৰৰ লগত আন্তৰিক যোগাযোগ বা বন্ধন বহুত কম হোৱা প্ৰত্যক্ষ কৰিছোঁ৷ কেৱল আন্তৰিকতাৰ অভাৱেই নহয় – মত বিৰোধ, ব্যক্তিগত আক্ৰমণ আদিও বেছি৷ সুন্দৰ সৎ ভাবেৰে গঠণ কৰা গোট এটাই ডানবাৰৰ সংখ্যা অতিক্ৰম কৰাৰ পিছতেই ইয়াৰ উদ্দেশ্য লক্ষ্য হেৰুৱাই পেলায়৷ এজন মানুহৰ চিনাকি বা ভালপোৱা হাজাৰজন মানুহ থাকিব পাৰে অথবা বিশেষ এজন মানুহক লাখ লাখ মানুহে চিনি পাব বা ভাল পাব পাৰে৷ কিন্তু সেই মানুহজনৰ সামাজিক পাৰস্পৰিক সম্পৰ্ক – সেই লাখ লাখজনৰ পৰিবৰ্তে খুউব বেছি এশজনৰ লগতহে হোৱাটো সম্ভৱ৷ সেই এশজনৰো পঞ্চাশজনমান নিজৰ আত্মীয়, ত্ৰিশজনমান কৰ্মক্ষেত্ৰৰ সহযোগী৷ বাকী থকা বিশজনক বন্ধু বুলি ধৰি ল’লেও তাৰ মাজত হয়তো এজনো নিস্বাৰ্থ তথা ঘনিষ্ঠ বন্ধু নাথাকিবও পাৰে৷ এটা সমীক্ষা মতে যি ব্যক্তিৰ অন্ততঃ পাঁচজন নিস্বাৰ্থ আৰু ঘনিষ্ঠ বন্ধু থাকে – সেই মানুহজন পৃথিৱীৰ সবাতোতকৈ সুখী মানুহ৷ কোনো জনপ্ৰিয় তাৰকাৰ হাজাৰ হাজাৰজন তথাকথিত শুভাকাংক্ষী বা অনুৰাগী থাকিলেও – প্ৰচণ্ড নৈৰাশ্য আৰু একাকীত্বৰ চিকাৰ হ’ব পাৰে৷ কাৰণ অনুৰাগী থাকিলেও তেওঁৰ জীৱনত এজনো বন্ধু নাথাকিব পাৰে৷ প্ৰকৃত বন্ধুয়ে মানুহৰ জীৱনলৈ কেতিয়াবা নামি অহা দুখ আৰু হতাশাৰ বৰষুণজাকক ছাতিৰ দৰে আৱৰি ধৰে৷ তেনে এজন বন্ধু জীৱনত আহৰণ কৰিবলৈ আমি সাধনা কৰিব লাগিব – নিজে কাৰোবাৰ প্ৰকৃত বন্ধু হোৱাৰ সাধনা৷ কাৰোবাৰ বাবে নিজৰ কিছু ত্যাগ কৰাৰ সাধনা৷ কাৰোবাক নিঃস্বাৰ্থভাবে নিজৰ বহুমূলীয়া সময় দিয়াৰ সাধনা৷ বন্ধুক আমি সময় দিবলৈ তেতিয়াহে পাৰিম – যেতিয়া আমাৰ নিজৰ হাতত সময় থাকিব৷ যদিও সকলোৰে বাবে দিনটোৰ একেই ২৪ ঘণ্টা সময় থাকে – কিন্তু সেই সময়খিনি আমি কেনেদৰে ব্যৱহাৰ কৰিছোঁ – তাৰ ওপৰতে নিৰ্ভৰ কৰে আমাৰ হাতত কিমান সময় থাকিব৷ অন্যথা সময় হাতৰ মুঠিৰ বালিৰ দৰেই ওলাই যাব৷ আমাৰ হাতত থকা সময়খিনি পাঁচ হেজাৰ মানুহৰ মাজত ভাগ কৰিলে প্ৰতিজনৰ বাবে যিমান হ’ব, এশ পঞ্চাশজনৰ মাজত ভাগ কৰিলে তাতকৈ বহুত বেছি হ’ব৷ এটা সুন্দৰ সম্পৰ্ক গঢ়িবলৈ, জীৱনৰ একাকীত্ব আৰু নিৰানন্দ আঁতৰ কৰিবলৈ আমি নিজৰ বহুমূলীয়া সময় কিদৰে ভাগ-বতৰা কৰিছোঁ – তাৰ ওপৰত সজাগ দৃষ্টি দিব লাগিব৷ তথাকথিত হাজাৰ বিজাৰ বন্ধুতকৈ ছাতিৰ দৰে ৰ’দ-বতাহ-বৰষুণক প্ৰতিৰোধ কৰি থাকিব পৰা এজন বন্ধুও জীৱনৰ শ্ৰেষ্ঠ সম্পদ৷ – ডানবাৰৰ সংখ্যাই আমাৰ এই কথাৰে ইংগিত দিছে৷ ☆★☆

Subscribe
Notify of

1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
বৰাহমিহিৰ
5 years ago

বৰ ভাল লাগিল কথাখিনি ৷ নতুন কথা দুটামান জানিব পাৰিলো ৷ ধন্যবাদ লিখক ডাঙৰীয়া ৷

Copying is Prohibited!