ডাৰ্লিং ডাৰ্লিং-মধুস্মিতা চমুৱা বৰুৱা
প্ৰথমতে নাম কাঢ়িয়েই মাতিছিলোঁ শহুৰৰ পুতেকক, যেই শুনিলে সেই বুলিলে
: কি দিন কাল আহিল অ’ …গিৰিয়েককনো নাম ধৰি মাতেনে?
এৰা আমাৰ মাহঁতেওতো নামাতে, মাহঁতে ৰজা, শুনিছে, হেৰি বুলি মাতে আৰু আনৰ আগত মহাজন, মালিক বুলিহে কয়৷ ৰজা বুলি কিয় মাতিম কাৰণ তেওঁ ৰজা হ’লে ময়োতো ৰানী হ’ম কিন্তু মইনো ক’ত ৰানী, হাত শুকাবলেই নাপায় কামৰ প্ৰতাপত!
মইতো কাকোৱে মোৰ মালিক নাপাতো গতিকে মালিক বুলি মতাৰ কথাই নাই, মহাজন..ওহোঁ মই ভৃত্য তেওঁ মহাজন? নহ’ব .. নিজে নাম এটা দি ল’ব লাগিব, চিন্তা চৰ্চা কৰি উলিয়ালোঁ নাম, এবাৰ দুবাৰ মাতিলে কেৰেপেই নকৰা শহুৰৰ পুতেকক ডাঙৰকৈ মতা হ’লোঁ …
: কলেশ্বৰ চাহ খোৱাহি
চুলিৰ নামত ৰুবলৈ থাকি যোৱা কঠীয়া তলি যেন মূৰটোৰ বাবে মতা হ’লোঁ..
: টপেশ্বৰ চাহ খোৱাহি ..
দুদিনমান চলিল নামকেইটা, মই যি বুলি মাতিলেও মাত দিয়ে বাৰু তেৰাই, কিন্তু শহুৰৰ পুতেকৰ মাকেহে এদিন ৰাতিপুৱাই ভোৰভোৰালে বোলে
: ধৰি বান্ধি অনা নাই নহয় তোমাক নিজে পচন্দ কৰিহে আহিছিলা কলা বুলি আগতে গম নাপালানি ..টপা বুলি আগতে দেখা নাছিলানি..
এৰিলোঁ সেই সম্বোধন৷ মুখ ধুই কুঁৱা-পাৰৰ পৰা সোণকালে চাহ খাবলৈ আহি নোপোৱা শহুৰৰ পুতেকক চিঞৰিলোঁ
: অ’ পুতেক চাহ খোৱাহি..
দুদিনমান পুতেকৰ চাহ, পুতেকৰ ভাত,পুতেকৰ গামোচা আদি বুলি চলিল৷ এদিন ওচৰৰ খুৰী এজনীয়ে “অ’ পুতেক,অ’ পুতেক” বুলি মতা শুনি বৈদ্য হাঁহিলে৷
শহুৰৰ পুতেকলৈ নাম বিচৰা দলুৱা এটাহে যেন গাত লাগিল৷ নামেই নাম দিব পৰা হৈ গলোঁ তেওঁক৷
ক’ৰবালৈ গ’লে মই বাইকৰ পিছত বহি থকাতে মানুহক মূৰ হাউলাই যাকে পাই তাকেই ইমানেই ইংগিতেৰে মাত দিয়ে যে পিছত বহি যোৱা নিঃকিন মইজনী কথমপিহে নপৰাকৈ থাকোঁ৷ নাম এটা পাই গলোঁ তেনেকৈয়ে..
: হিলেশ্বৰ চাহ খোৱাহি..
হোলা ভাই মোলা শহুৰৰ পুতেকজনে মই যি নামেৰে মাতিলেও “ওঁ..ৰ’বা গৈছোঁ” বুলি মাতষাৰ দিয়ে যেনিবা৷ হিলেশ্বৰো দুদিনহে চলিল৷ মুখ ফেনাই যোৱাকৈ ফোনত কথা পাতে খুলশালিয়েক বা আন মনে মিলা বন্ধুৰ লগত, নাম দিলোঁ নতুনকৈ
: ফেনেশ্বৰ চাহ খোৱাহি..
নিজৰ গুণী পুতেকৰ ইমানবোৰ নাম(বেনাম) শুনি শুনি শহুৰৰ পুতেকৰ মাক অতিষ্ঠ হ’ল৷ ঘৰলৈ অহা মনে মিলাসকলৰ আগত গাবলৈ ধৰিলে..
: লোকৰ ঘৈণীয়েকে গিৰিয়েকক মাতে ৰজা, প্ৰভু, মহাজন..আমাৰবোৰে মাতে কলেশ্বৰ,ভদেশ্বৰ, ফেনেশ্বৰ..এইটোও কম নহয় লাই দি দি চেচ পেলালে গোটেইখন..
হে হৰি! মোৰ মানুহজনক নামটোৰেও মাতিব নোৱাৰোঁ..নাম দিও মাতিব নোৱাৰোঁ..কি বুলি মাতিমনো বাৰু তেন্তে৷ শেষত অলৰ অচৰ নাম এটা ঠিক কৰি পেলালোঁ ৷ এইবাৰ স্বয়ং ভোলানাথেও শহুৰৰ পুতেকক কৰা সম্বোধনক লৈ আঙুলি টোৱাব নোৱাৰাকৈ মতা হ’লো..
:ডাৰ্লিং..চাহ খোৱাহি ৷