ডা ইউজ অৱ ডেট ইজ অলচ’ ইম্প’ৰ্টেন্ট মেটাৰ (ধ্ৰুৱজ্যোতি শইকীয়া)

বিয়া পাৰ হ’ল সুকলমে লাইভ
বিয়ৈয়ে বোলে গটালোঁ মোৰ ডটাৰ,
গগৈ দাই দাঁত নিকটাই ক’লে
ডেট ইজ অলচ’ ইম্প’ৰ্টেন্ট মেটাৰ…

শহুৰৰ ভৰিত বোৱাৰীৰ সেৱা,
ব্লেচ কৰক আমাৰ ফিউশ্বাৰ হওক বেটাৰ,
এলিৰ মূৰত হাত থৈ দাদাই কয়,
ডেট ইজ অলচ’ ইম্প’ৰ্টেন্ট মেটাৰ…৷

কইনাধৰাত কইনা সোমাল,
গা ধুবলৈও লগা হ’ল মিনাৰেল ৱাটাৰ,
স্বাস্থ্য মন্ত্ৰীক ক’লে চকু টিপিয়াই দাদাই,
ডেট ইজ অলচ’ ইম্প’ৰ্টেন্ট মেটাৰ…৷

ব্ৰেকফাষ্ট টেবুলৰ পৰা চিৰা দৈ হেৰাল,
যোগাৰ হ’ল ট’ষ্ট, চেণ্ডৱিচ্চ, ব্ৰেড বাটাৰ…
পাহৰি স্কেনডেল খোৱা কন্টিনেন্টেল,
ডেট ইজ অলচ’ ইম্প’ৰ্টেন্ট মেটাৰ।

আচামিছ টিউটৰৰ বাঢ়িব দৰ,
মাতৃভাষা ইজ অলৱেজ চুইটাৰ,
বোৱাৰীক ক’লে শিকা অসমীয়া,
ডেট ইজ অলচ’ ইম্প’ৰ্টেন্ট মেটাৰ।

ব্ৰেকিং নিউজ হবা তুমি প্ৰতিদিনে,
যেতিয়া শিকিবা একো একোটা লেটাৰ,
বেটাই নোৱাৰিলে তুমিয়ে গাদি পাবা,
ডেট ইজ অলচ’ ইম্প’ৰ্টেন্ট মেটাৰ!!

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!