ডা ল’ষ্ট পেট্ৰ’ল (প্ৰতিম প্ৰতাপ বৰুৱা)

আবেলিৰ বেলিটো ৰঙচুৱা হৈ ভাগৰুৱা যেন হৈ পৰিছে। ওখ ওখ গছবোৰৰ পৰা হেঙুলীয়া বৰণৰ ৰ’দজাকে আলসুৱাকৈ বিদায় লব খুজিছে। এজাক বগলী শাৰী পাতি উৰি গৈছে। নদীখনৰ দুয়োপাৰে থকা কঁহুৱা বনখিনি বাঢ়নি পানীয়ে হাওলাই পেলাইছে।

নদীখনেদি দুখন মেচিন নাও অগা-পিছাকৈ গৈ আছিল। অদূৰত নদীখনে এটা পাক লৈছে। প্ৰথম নাওখন চলাই থকা, দলটোৰ নেতা ৰাজীৱ গৌতম শইকীয়াই নাওখনৰ বেগ অলপ কমাই দিলে আৰু পিছে পিছে সিখন নাও চলাই আহি থকা কল্যাণক হাত দাঙি বেগ কমাবলৈ ইংগিত দিলে। ৰাজীৱৰ উদাস মুখখন ডুব যাব খোজা বেলিটোৰ পোহৰত আৰু উদাস দেখা গৈছে। ৰাজীৱৰ কাষতে থিয় হৈ আছিল গৌৰৱ চহৰীয়া। অনবৰতে ডিঙিত কেমেৰা এটা ওলোমাই থোৱা, অৰণ্যৰ বেছিভাগ চৰাই চিনি পোৱা, অনৰ্গল খুহুঁতীয়া কথা কৈ আনক হঁহুৱাই হঁহুৱাই পেট বিষোৱাব পৰা গৌৰৱো আজি নিমাত, নিস্তব্ধ। কেম্পৰপৰা ওলোৱাৰে পৰা এতিয়ালৈকে যোৱা পাঁচ ঘন্টাৰো বেছি সময় একেৰাহে নাওখন চলাই আছিল ৰাজীৱে। কিবা এটা অসহ্য খঙ আৰু দুখত তাৰ হাতদুখনে নাওখনৰ হুইলটো খামুচি ধৰি আছিল। গৌৰৱে জোৰ কৰি ৰাজীৱক আঁতৰাই নাওখন চলোৱাৰ দায়িত্ব ল’লে। “অলপ বহি লৈ জিৰণী লওক ৰাজীৱদা। আৰু দুঘন্টাত আমি চহৰ পামগৈ।“ গৌৰৱৰ কথাত ৰাজীৱ সঁচাকৈয়ে নাওখনত বহি পৰিল।

আকৌ এবাৰ সি নাওখনৰ ড্ৰাইভিং ছিটৰ ঠিক তলতে থকা কেবিনটোলৈ চালে। কেবিনৰ গ্লাচৰ বেৰত আঁউজি বহি আছে বৰ্ণালী। তাইৰ চুলিখিনি আউলী-বাউলী হৈ কেবিনৰ গ্লাচখনত হেঁচা খাই আছে। কেবিনৰ সিপাৰে নাওখনৰ এমূৰত তলমুৱাকৈ বহি আছে পশু চিকিৎসক সংঘমিত্ৰা কাকতি। পিছৰ নাওখনত আহি আছে কল্যাণ আৰু অৰ্ণৱ। লোকালয়ৰ পৰা আঁতৰত, বানপানীয়ে আধা ডুবাই থোৱা অৰণ্যখনৰ মাজেদি বৈ যোৱা নদীখনেদি নাওদুখনে সোঁতৰ বিপৰীতে গতি কৰিছে। যাত্ৰীসকল নিমাত, নিস্তব্ধ। চহৰ পাবলৈ এতিয়াও দুঘণ্টাৰ বাট।

দুপৰীয়া প্ৰায় একমান বজাত ৰাজীৱ গৌতম শইকীয়াৰ মোবাইল ফোনটো বাজি উঠিছিল। সংঘমিত্ৰাৰ ফোন। কিছুসময়ৰ পিছত আবেলি পৰত ৰাজীৱে নিজৰ টীমটো লৈ অৰণ্যলৈ যোৱাৰ কথা আছিল। সি সেইসময়ত সন্মুখৰ টেবুলখনত মেলি থোৱা মেপখনত কেইটামান চিন দি আছিল। সি মেপখনত দি যোৱা প্ৰতিটো চিনতে চোৰাং চিকাৰীয়ে একোটাকৈ গড় নিধন কৰিছিল। মেপখনৰ পশ্চিম দিশত, নদীখনৰ নামনিত এই চিনবিলাকৰ সংখ্যা বেছি আছিল। ৰাজীৱে ফোনটো ৰিছিভ কৰাৰ লগে লগে ভাহি আহিছিল সংঘমিত্ৰাৰ বিস্ফোৰিত কণ্ঠস্বৰ “ৰাজীৱ দা, ৰাজীৱ দা, গুলী চলিছে।“
বহি থকাৰ পৰা একেজাপে উঠি ৰাজীৱে ক’লে – “হোৱাট? কোনে গুলী কৰিছে?“
“নাজানোঁ। মই আৰু বিশ্বজিৎ এতিয়া নাৱত, নদীৰ মাজত। অম্লান আৰু বিজিত হাবিৰ মাজত।“
“তোমালোকে নদীৰ পাৰলৈ যোৱা। সিহঁতক লৈ তাৰপৰা আঁতৰি আহা।“
“ৰাজীৱদা, কিবা এটা হৈছে। অম্লান……“
সংঘমিত্ৰাই ফোনতো কাটি দিছিল। এক চেকেণ্ডো নোৰোৱাকৈ ৰাজীৱে চিঞৰি উঠিছিল “কল্যাণ, অৰ্ণৱ, গৌৰৱ, বৰ্ণালী।“ মুহূৰ্ততে সকলো সাজু হৈছিল আৰু দৌৰি দৌৰি গৈ নাৱত উঠিছিল। ৰাজীৱে পূৰ্ণগতিত নাওখন ভটিয়নি সোঁতত এৰি দিছিল।

“পিপোল ফৰ জাংগোল” নামৰ বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠনটোৰ সদস্য তেওঁলোক। এইখিনি সময়ত ইয়াত বানপানী হয় আৰু এই অৰণ্যখনৰ বেছিভাগ ঠাই পানীত ডুবি থাকে। “পিপোল ফৰ জাংগোল”ৰ সদস্যসকলে যোৱা কিছুদিন ধৰি অতি কষ্টেৰে হাবিৰ মাজে মাজে নাৱেৰে ঘূৰি বানপানীৰ পৰা জীৱ জন্তুক ৰক্ষা কৰি ফুৰিছে। সিদিনা অম্লানে পানীত উটি অহা হৰিণা পোৱালি এটাক উদ্ধাৰ কৰি সিহঁতৰ কেম্পলৈ লৈ আনিছে। এইখিনি সময়তে অৰণ্যখনত চোৰাং চিকাৰীয়েও সন্তৰ্পণে প্ৰৱেশ কৰে। অৰণ্যখনৰ সীমাত থকা বজাৰখনত এতিয়া হৰিণাৰ মাংস উভৈনদী। কি নিষ্ঠুৰ এই চোৰাং চিকাৰীবোৰ! গড় অহা যোৱা কৰা বাটত গাঁত খান্দি গছপাতেৰে ঢাকি থয়। গড়টো আহি গাঁতত পৰি ওলাব নোৱাৰা হয়। তেতিয়া চোৰাং চিকাৰীয়ে আহি জীয়াই জীয়াই গড়টোৰ খৰ্গটো কুঠাৰেৰে ঘপিয়াই কাটি লৈ যায়। গড়টো চট্‌ফটাই চট্‌ফটাই তেনেকৈয়ে পৰি থাকে। এসময়ত গড়টোৰ মৃত্যু হয়। উন্নত আগ্নেয়াস্ত্ৰৰে সজ্জিত ভয়ংকৰ এই চোৰাং চিকাৰীবোৰৰ মুখামুখি হবলৈ বনৰক্ষীসকলে ভয় কৰে। সিহঁতে হাবিৰ মাজত পালে বনৰক্ষীকো গুলীয়াই মাৰিবলৈ কুণ্ঠাবোধ নকৰে।
আনদিনাৰ দৰেই সেইদিনাও ৰাতি পুওৱাৰ আগতেই অম্লানৰ নেতৃত্বত বিজিতহঁতৰ চাৰিজনীয়া দলটো নাৱেৰে অৰণ্যলৈ গৈছিল। যোৱা কেইদিনমানৰ পৰা চোৰাং চিকাৰীৰ গতিবিধি বাঢ়িছে। সিহঁতৰ হাতত কেইবাটাও গড়ৰ মৃত্যু হৈছে। এজনী আঘাতপ্ৰাপ্ত গড়ৰ খবৰ আহিছিল। তাইক সুৰক্ষা দি চিকিৎসা কৰিবলৈ অম্লানহঁতে ডা: সংঘমিত্ৰাক লগত লৈ গৈছিল। অসীম সাহসেৰে অম্লানহঁতে গড়জনীক ট্ৰেংকুইলাইজ কৰি তাইক দুটা বেজী দিছিল। কিছু সময়ৰ পিছত গড়জনী থিয় হব পৰা হৈ লেংকুচিয়াই লেংকুচিয়াই অৰণ্যলৈ সোমাই যোৱা দেখি সংঘমিত্ৰাৰ মুখত হাঁহি বিৰিঙিছিল। নৈখনেৰে আৰু আগুৱাই গৈছিল অম্লানহঁত। এঠাইত সিহঁতে নাওখন ৰখাই কিছুসময় জিৰণী লৈ কিবাকিবি খাই লৈছিল। খাই থাকোতেই কিবা এটা সন্দেহত অম্লানৰ চকু-কাণ থিয় হৈ গৈছিল। তৎক্ষণাত সি আৰু বিজিত নাৱৰ পৰা নামি হাবিলৈ সোমাই গৈছিল। যাওঁতে সংঘমিত্ৰাক সি নাওখন নদীৰ মাজলৈ লৈ যাবলৈ কৈছিল। আগতেও এনেকৈ অম্লান আৰু বিজিতে এনেদৰে হাবিৰ মাজলৈ সোমাই গৈ আঘাতপ্ৰাপ্ত জন্তু বিচাৰি উলিয়াইছিল। গতিকে সংঘমিত্ৰাহঁতৰ চিন্তা কৰিবলগীয়া একো নাছিল। সিহঁত নামি যোৱাৰ কিছু সময়ৰ পিছতে হাবিৰ পৰা হঠাৎ গুলীৰ শব্দ ভাহি আহিছিল।

ৰাজীৱলৈ কৰা ফোনটো সংঘমিত্ৰাই কাটি দিছিল। তাই দেখিছিল অম্লান দৌৰি দৌৰি নদীৰ পাৰলৈ আহিছে। তাই আৰু বিশ্বজিতে একেলগে চিঞৰি উঠিছিল। অম্লানৰ পিছে পিছে হাতত বন্দুক লৈ দৌৰি আহিছিল দুজন মানুহ। এজনে অম্লানক পিছফালৰ পৰা গুলীয়াই দিছিল। দুয়োখন হাত ওপৰলৈ দাঙি অম্লান আঠুকাঢ়ি বহি পৰিছিল। লাহে লাহে সি একাষে বাগৰি পৰিছিল। আন এটা গুলীয়ে সংঘমিত্ৰাৰ কাষতে নাওখনত থিয় হৈ থকা বিশ্বজিতক আঘাত কৰিছিল। মুখেৰে এটাও শব্দ উচ্চাৰণ নকৰাকৈ বিশ্বজিত বাগৰি পৰিছিল। সংঘমিত্ৰাই পাগলীৰ দৰে চিঞৰি চিঞৰি নাওখন ভটিয়নী সোঁতত এৰি দিছিল। তাইৰ কানৰ কাষেৰে এটা গুলী পাৰ হৈ যোৱাৰ শব্দ তাই নিজেই শুনিছিল।

“সংঘমিত্ৰা, হেল্ল’ সংঘমিত্ৰা, তোমালোকৰ অৱস্থান ক’ত?“ – ৰাজীৱৰ ফোনৰ উত্তৰত সংঘমিত্ৰাই মাত্ৰ কান্দিছিল। তাইৰ সন্মুখত পৰি আছিল বিশ্বজিত আৰু অম্লানৰ প্ৰাণহীন দেহা। অলপ আগতে তাই নাওখন উভোতাই আনি এইখিনি পাইছিল। অম্লানৰ মৃতদেহ পাৰৰ পৰা চোঁচৰাই আনি তাই কেনেকৈ নাৱত উঠাইছিল সেইটো তাই নাজানে। বিজিতক বিচাৰি হাবিলৈ যাবলৈ তাইৰ সাহস হোৱা নাছিল। বাৰে বাৰে বৰ্ণালীৰ মুখখন ভাহি আহিছিল সংঘমিত্ৰাৰ মনলৈ।

“কাম অন, ফাষ্ট। সৌখন অম্লানৰ নাও।“ দূৰৈত অম্লানহঁতৰ নাওখন দেখি ৰাজীৱ অধৈৰ্য্য হৈ পৰিছিল।
ওচৰ চপাৰ লগে লগে ৰাজীৱে অম্লানহঁতৰ নাৱলৈ জপিয়াই দিছিল। নিজৰ চকুকে বিশ্বাস কৰিব পৰা নাছিল সি। “আই কান্ট বিলিভ দিচ। কান্ট।“ – দুয়োখন হাত বিশ্বজিত আৰু অম্লানৰ মূৰত থৈ সি চিঞৰি দিছিল।
নদীৰ পৰা প্ৰায় ২০০ মিটাৰ দূৰত অৰণ্যৰ মাজত কল্যাণ আৰু অৰ্ণৱে বিজিতৰ মৃতদেহ বিচাৰি পাইছিল।
আৰু বৰ্ণালী? অম্লানৰ মৃতদেহৰ কাষত এটা মূৰ্ত্তিৰ দৰে বহি পৰিছিল তাই। নিতাল, নিস্তব্ধ, বিধস্ত। তাইলৈ চাই সংঘমিত্ৰা আৰু ৰাজীৱহঁতে বুজিবলৈ চেষ্টা কৰিছিল তাইৰ কি আছিল আৰু আজি তাই কি হেৰুৱালে।
দুয়োখন নাও ওচৰা ওচৰিকৈ গৈ আছিল।

দূৰ দিগন্তৰ পৰা দৃষ্টি নমাই আনি ৰাজীৱে লাহে লাহে কেবিনটোলৈ সোমাই গ’ল। বৰ্ণালী একেদৰেই বহি আছে। সন্মুখত কাপোৰেৰে আধা ঢাকি থোৱা আছে অম্লানৰ মৃতদেহ। তাৰ মুখখন ওলাই আছে । শেতা পৰি আছে। ৰাজীৱ বহি পৰিল বৰ্ণালীৰ ওচৰতে।

সোঁতৰ বিপৰীতে নাও দুখন গৈ আছে। চহৰ পাবলৈ এতিয়াও আৰু দুঘণ্টাৰ বাট। চৌদিশে মাথোঁ হতাশা।

(স্থান, কাল, পাত্ৰ সকলো কাল্পনিক ।)

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!