ডিজিটেল স্কালপটিং — ঋতুপৰ্ণ বৰা

Digital Sculpting হৈছে কম্পিউটাৰৰ ছফ্টৱেৰ ব্যৱহাৰ কৰি ভাস্কৰ্য্য নির্মাণ কৰাৰ এক প্ৰক্ৰিয়া। ভাস্কৰ্য্য নিৰ্মাণৰ পৰম্পৰাগত শৈলীৰ লগত ইয়াৰ বহু মিল আছে। পাৰ্থক্য মাথো মাধ্যমটোৰ হে। পৰম্পৰাগত ভাস্কৰ্য্য নিৰ্মাণৰ প্ৰক্ৰিয়াত যি দৰে শিল্পৰ জ্ঞান আৰু যি কোনো বস্তুৰ আকাৰৰ বিষয়ে জ্ঞান থকাটো প্ৰয়োজনীয় তেনেকৈয়ে Digital Sculpting টো আৰ্টৰ বিষয়ে জ্ঞান খুব ভাল হোৱাটো প্ৰয়োজন। আজি কালি চিনেমাৰ Visual Effects আৰু Architecture ৰ ডিজাইন বনাবলৈ Digital Sculpting ৰ বহুল প্ৰয়োগ হয়। অনাগত ভৱিষ্যতে Digital Sculpting ৰ প্ৰসাৰ বাঢ়ি যোৱাটো নিশ্চিত।

উপৰোক্ত ভাস্কৰ্যটো নিৰ্মাণত ব্যৱহাৰ কৰা ছফ্টৱেৰ হৈছে Autodesk 3Ds Max আৰু Pixologic Zbrush। ভাস্কৰ্যটো সম্পূৰ্ণ কৰোঁতে প্ৰায় 10-15 দিন সময় লাগিছে।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!