ডিস্ক প্ৰলাপছ পুনৰ সোমাই যায় নে?

লেখক- ডাঃ অনুপ বৈশ্য

কঁকালৰ বিষৰ বাবে অহা প্ৰায়ভাগ ৰোগীয়ে এই প্ৰশ্নটো মোক সোধে। কঁকালৰ বিষৰ পৰা পৰিত্ৰাণ পাবলৈ ই এক গুৰুত্বপূৰ্ণ প্ৰশ্ন আমাৰ বাবে নহয়। চিকিৎসক হিচাপে MRI reportখন চাই আমি থাৱৰ কৰিব পাৰো যে ডিস্কখন ওলাই অহাৰ ফলত কি কি অসুবিধা হৈছেডিস্ক bulge নতুন নে পুৰণিইমাৰ ফলত নাৰ্ভৰ ফুটা সৰু হৈছে নেকিকাষৰ facet joint বোৰ ফুলিছে নেকিএই আটাইবোৰ কথা ভালদৰে চালি জাৰি চাইহে চিকিৎসা আৰম্ভ কৰিলে সফলতা পোৱা যায়

এতিয়া আহিছোঁ পুনৰ আগৰ কথাটোলৈ যে ওলাই অহা ডিস্কখন ভিতৰলৈ সোমাই যায় নে নাযায়যদি ডিস্কখন নতুনকৈ হঠাৎ ওলাই আহিছে তেন্তে ই সোমাই যোৱাৰ সম্ভাৱনা অধিক। আৰু এজন অভিজ্ঞ চিকিৎসকে ইয়াৰ চিকিৎসা কেইটামান ব্যায়াম আৰু আয়ুৰ্বেদিক ঔষধ দিয়েই সমাধান কৰিব পাৰে। কিন্তু যদি ই পুৰণি হয় তেন্তে ওলাই অহা ডিস্কখন সোমাই নাযায় বা যোৱাৰ কোনো প্ৰয়োজনো নাই। কিয়নো এনে অৱস্থাত নাৰ্ভৰ ফুটাটো হে সৰু হৈ যায়। এই ফুটাটোৰ আশেপাশে থকা ligamentum flavum নামৰ এক ligament কঠিন হয়। কাষত থকা facet গাঁঠিবোৰ ফুলে বাবেই কঁকালৰ বিষ হয়। ইয়াৰ চিকিৎসাও সঠিকভাবে কৰিলে ৰোগীয়ে আৰাম পায় আৰু পুনৰ MRI কৰিলে spinal canal stenosis নাই বুলি গম পাব কিন্তু ডিস্ক bulge বুলি তেতিয়াও থাকিব। তাৰ বাবে চিন্তা কৰিব নালাগে। এতিয়া আমি লক্ষণ ভিত্তিত বিভিন্ন অৱস্থাৰ কথা কেনেদৰে জানিব পাৰো তাৰ বিষয়ে অলপ জানো আহক

 

 হঠাৎ হোৱা ডিস্ক bulge /prolapse ৰ লক্ষণ কি?

হঠাৎ কঁকালৰ বিষ হ

*কঁকাল লৰালে বা ভৰি দাঙিলে বিষ অনুভৱ হব

*বাগৰ সলাবৰ অসুবিধা হব

 

Spinal canal stenosis বা পুৰণি ডিস্ক prolapse/bulge ৰ লক্ষণ কি?

*ৰোগীজনে বেছি সময় থিয় হৈ থাকিলে কঁকালৰ বিষ হব

*বেছি সময় থিয় হৈ বা খোজ কাঢ়িলে ভৰি জিন্‌জিন কৰিব। এই জিনজিননি কিছুসময় বহিলে আৰাম পাব

*বহাৰ পৰা থিয় হলে কঁকালত বিষ আৰু জিনজিননি হব পাৰে

*বহু পুৰণি হলে ভৰিৰ কোনো অংশত তত নোহোৱা হোৱা বা ওজন ওজন লাগিব পাৰে

 এই আটাইবোৰ লক্ষণ লগতে MRI report ভালদৰে অধ্যয়ন কৰি যদি চিকিৎসক এজনে চিকিৎসা কৰে সুফল পোৱাটো এশ শতাংশই নিশ্চিত

আয়ুৰ্বেদিক চিকিৎসা কিয় শ্ৰেষ্ঠ?

আজি প্ৰায় বিশ বছৰে এই ৰোগৰ চিকিৎসা কৰি ভিন্ন অভিজ্ঞতা আহৰণ কৰিছোঁ। বহু ছাত্ৰ-ছাত্ৰীক এই বিষয়ে অনুসন্ধান কৰিব দিয়াই ন ন তথ্য আহৰণ কৰিব পাৰিছোঁ। এই ৰোগৰ চিকিৎসাৰ বাবে যদি আমি এলোপেথিক চিকিৎসক এজনৰ ওচৰত যাওঁ তেন্তে বিষনাশক ঔষধ, steroids, নাৰ্ভৰ ভিটামিন আদি দি প্ৰথমে চিকিৎসা কৰে। ভাল নাপালে operation কৰাৰ পৰামৰ্শ দিয়ে। চিকিৎসকসকলে physio therapist ৰ ওচৰত যাবলৈ ও কয়। আৰু physio thrapist য়ে ব্যায়ামবোৰ শিকাই দিয়ে। কিন্তু এই ক্ষেত্ৰত অভিজ্ঞ এজন আয়ুৰ্বেদিক চিকিৎসকে ব্যায়ামৰ লগতে ডিস্কখন সৱল কৰাৰ ঔষধ দিয়ে। facet গাঁঠিৰ অসুবিধা দূৰ কৰাৰ ঔষধ দিয়ে। ligamentum flavum ক পুনৰ আগৰ অৱস্থালৈ নি কঁকালখন সুস্থ কৰিব পৰা ঔষধ আয়ুৰ্বেদ শাস্ত্ৰত উপলব্ধ

 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!