অসমত কেঞ্চাৰৰ পাছত দেখা দিয়া জটিল ৰোগটো

লেখক- লক্ষ্য জ্যোতি নাথ

 আচলতে জটিল ৰোগ বুলি ক’লে জটিল ৰোগ বহুত আছে। তাৰ মাজতো অসমত শেহতীয়াকৈ মাৰাত্মক কেঞ্চাৰৰ সমান্তৰালকৈ কিডনী ৰোগীৰ সংখ্যা বাঢ়িছে। ৰোগীসকলে যেতিয়া গম পাই যে তেওঁলোকৰ কিডনী ৰোগ হৈছে তেতিয়ালৈকে ইতিমধ্যে ৰোগে গুৰুতৰ ৰূপ ধাৰণ কৰে। উন্নত ভাল চিকিৎসা অবিহনে তেনে ৰোগীক ঘূৰাই অনা কঠিন হৈ পৰে। উন্নত ভাল চিকিৎসা নহ’লে ৰোগী ছমাহ/এবছৰত বেয়া খবৰ শুনিব পোৱা যায়। বিভিন্ন ঠাইত দেখা লগতে শেহতীয়াকৈ আমাৰ অঞ্চলত তিনি-চাৰিজন লোক এই ৰোগত আক্রান্ত হোৱা ধৰা পৰাৰ পাছত প্ৰায় এবছৰত মৃত্যু হৈছে। কথাটো অলপ চিন্তনীয় বাবে লেখাটো লিখা প্ৰয়োজনবোধ কৰিলোঁ। কিডনী বা বৃক্কত হোৱা এই অসুখটোক সাধাৰণতে প্ৰথমে CKD (Chronic Kidney Disease) বুলি কোৱা হয় আৰু পাছত ই বেছি হৈ গ’লে Kidney failure ৰূপ লয়। 

স্বাস্থ্যৰ প্ৰতি অলপো সচেতন নোহোৱা আমাৰ মানুহৰ এই ৰোগ কেতিয়া আৰম্ভ হয় প্ৰায় লোকে গম নাপায়। পাছত যেতিয়া এই ৰোগে জটিল ৰূপ লয় গা বেয়া কৰে, দুৰ্বলতা হয়, ভৰি হাত, আঁঠু আদি ফুলিব লয়, প্ৰসাৱ কৰা অনিয়মীয়া হয়, উশাহ লোৱাত কষ্ট হয়, প্ৰসাৱত তেজ যায়, চাল শুকাই আদি লক্ষণ দেখা দিয়ে তেতিয়া ডাক্তৰক দেখাবলৈ যায়। আৰু যেতিয়া ডাক্তৰে ঔষধৰ লগতে তেজ পৰীক্ষা কৰিব দিয়ে তেতিয়া গম পাই যে ইতিমধ্যে তেওঁ CKD ৰোগত জটিল অৱস্থাত আছে। তেওঁক RFT (Renal Function Test) বা KFT (Kidney Function Test) কৰিব দিয়ে। ইয়াত প্ৰয়োজনীয় দুটা টেষ্ট থাকে এটাৰ নাম Urea বা Bun আৰু আনটো Serum Creatinine. Serum Creatinine 0.2 ৰ পৰা 1.2 mg/dL ভিতৰত থাকিব লাগে আৰু Urea 10 ৰ পৰা 40 mg/dL লৈকে থাকিব লাগে। CKD অসুখ হ’লে সাধাৰণতে দুয়োটা ৰিপৰ্ট বেছি আহিব বিশেষকৈ Creatinine লেভেল বাঢ়ি থকা পাব। মই উল্লেখ কৰা ৰোগী কেইজনৰ Creatinine লেভেল 5 ৰ পৰা 7 mg/dL ভিতৰত থাকোঁতে তেঁওলোকে গম পাইছে। 7 mg/dL পোৱা বা পাৰ হোৱা মানে ইতিমধ্যে দেৰি হৈছে। 

এতিয়া প্ৰশ্ন হয় সাধাৰণতে কেনে ব্যক্তিৰ CKD অসুখ হোৱাৰ সম্ভাৱনা বেছি। চিকিৎসা বিজ্ঞানৰ মতে যিবোৰ ব্যক্তিৰ চুগাৰ অতি বেছি আছে অৰ্থাৎ ডায়েবেটিচ আছে তেওঁলোকৰ এই অসুখ হোৱাৰ সম্ভাৱনা থাকে। তাৰ পাছতেই যি ব্যক্তিৰ উচ্চ ৰক্তচাপ অৰ্থাৎ High Blood Pressure আছে তেওঁলোক, যাৰ ওজন বেছি অৰ্থাৎ Obesity আছে, যাৰ হাৰ্টৰ অসুখ আছে, যি লোকে ধূম্ৰপান/মদ্যপান কৰে, যাৰ পৰিয়ালত কিডনী অসুখ হোৱাৰ ইতিহাস আছে এনেলোকৰ এই ৰোগ হোৱাৰ সম্ভাৱনা বেছি থাকে। কেতিয়াবা সাধাৰণ যেন লগা বহু লোকৰো এই অসুখ ধৰা পৰে। ইয়াত আচলতে আমি যি সাধাৰণ যেন লগা বুলি কওঁ এইয়া ব্যক্তিজনে কোনো অসুখ নাই বুলি কোৱা, ওপৰে ওপৰে কোনো অসুখ নথকা ব্যক্তি কিন্তু কেতিয়াবা তেওঁলোকৰ শৰীৰত অসুখ থাকে একো পৰীক্ষা নকৰে বাবে ধৰা নপৰে। সেইবাবে একো পৰীক্ষা নকৰাকৈ সাধাৰণ যেন লগা বুলি সৰলীকৰণ কৰিলে অলপ ভুল হ’ব। 

এতিয়া আকৌ প্ৰশ্ন হয় আমি কেনেকৈ গম পাম আমাৰ শৰীৰত এনে মাৰাত্মক অসুখ ভিতৰি ভিতৰি হৈ আছে নেকি, কাৰণ এই অসুখ এটা পৰ্যায় পোৱাৰ পাছতহে লক্ষণবোৰে দেখা দিয়ে, তেতিয়া গম পালে ইতিমধ্যে দেৰি হয়। সেই পৰ্যায়ত চিকিৎসা উচ্চ মানৰ প্ৰয়োজন আৰু অলপ খৰচী হ’ব পাৰে সেইবাবে বহু দৰিদ্ৰ শ্ৰেণী লোকে চিকিৎসা কৰাবলৈ বাদ দিয়ে। মধ্যবিত্ত সকলে জমা টকা, বেংকৰ লোন লৈ বা কিবা বিক্ৰী কৰি হ’লেও যুজঁ এখন কৰে। আমাৰ সমাজত এই দুই শ্ৰেণীৰ লোকে বেছি সেইবাবে এই লেখা দুই শ্ৰেণীৰ অৰ্থাৎ আমাৰ বাবেই। 

এই CKD অসুখ বুলি নহয় মই আন অসুখৰ বাবেও বহুতকে বছৰত কমেও দুবাৰ ছমাহৰ মূৰে মূৰে কেইটামান অতি জৰুৰী ব্লাড টেষ্ট কৰিবলৈ কওঁ কিন্তু আমাৰ সমাজখন অলপ বেলেগ; হাতত থকা মোবাইলটোৰ মূল্য আছে সেইবাবে কভাৰ, স্ক্ৰীনগাৰ্ড লগাই, গাড়ী-বাইকৰ মূল্য আছে সেইবাবে তাতো গাড়ীখনক সুৰক্ষিত ৰখা বিভিন্ন বস্তু লগাই কিন্তু নিজৰ মানৱ জীৱনটোৰ মূল্য নাই নিজৰ মগজুটো, জীৱনটো বাচিবলৈ ভাল দামী হেলমেট এটা নিকিনে। সেইদৰে বছৰেকত বিহু পূজা উৎসৱ আহিলে ৭০০ টকা কিলো ছাগলী মাংস খাবলৈ, কাপোৰ কিনিবলৈ পইচা মেনেজ হৈ যায়। কিন্তু নিজৰ স্বাস্থ্যৰ বাবে ৫০০ টকা খৰচ কৰিবলৈ এলাহ, মন নকৰে। সেইবাবে বুজাই লাভ নাই। বহুতে মানি এবাৰ ব্লাড টেষ্ট কৰে, যদি একো abnormal report নাহিল কথা শুনাই দিব এনেই পইচা কেইটা গ’ল বুলি, দ্বিতীয়বাৰ সেইজনক নোৱাৰে মনাবলৈ। বিদেশৰ উন্নত দেশত ৰুটিন ব্লাড টেষ্ট কৰি সকলো normal আহিলে হুমুনিয়াহ কাঢ়ে ভাগ্যে সকলো ঠিক আছে বুলি। আমাৰ ইয়াত খং কৰে এনেই পইচা গ’ল বুলি। আমাৰ ইয়াত abnormal report আহিলেহে ভাবে টেষ্ট কৰা পইচা কেইটা উচিত ব্যৱহাৰ হ’ল বুলি। সেইবাবে বুজোৱা অলপ কঠিন। কিন্তু অসুখে যেতিয়া গুৰুতৰ ৰূপ লয় তেতিয়া দৌৰি আৰু খৰছ কৰি তত নাপায়। বহুক্ষেত্ৰত মানুহজনকে হেৰুৱাই পেলাই। সেইবাবে কয় Prevention is better than cure অৰ্থাৎ ৰোগ হোৱাৰ পিছত চিকিৎসা কৰাতকৈ ৰোগ নোহোৱাৰ আগতেই সাৱধান হোৱা ভাল।

এতিয়া কথা হ’ল আমি কি কি ব্লাড টেষ্ট কমেও ছমাহৰ মূৰে মূৰে কৰা উচিত। আচলতে প্ৰয়োজনীয় টেষ্ট বহুত আছে তাৰ ভিতৰত অতি প্ৰয়োজনীয় হ’ল—

  1. Sugar Fasting (F)/ Postprandial (PP) test
  2. RFT (Renal Function Test)
  3. LFT (Liver Function Test)
  4. Thyroid Profile
  5. CBC (Complete Blood Count), ইয়াত হিম’গ্লবিন আৰু প্লেটিলেট সোমাই আছে
  6. যদি আপোনাৰ ওজন বেছি অৰ্থাৎ শকত তেতিয়া Lipid Profile (Total Cholesterol, Triglycerides, LDL, HDL) 

 

 এই কেইটা একেবাৰে নূন্যতম ছমাহৰ মূৰে মূৰে কৰিবয়ে লাগে। ইয়াত চুগাৰ লেভেল, কিডনী, লিভাৰ, থাইৰয়ড, হিম’গ্লবিন, কলেষ্টৰল সকলোখিনি সোমাই আছে। ইয়াতো যদি অতি জৰুৰী কোন কেইটা বুলি সোধে তেতিয়া Sugar F/PP, LFT, RFT, CBC এই কেইটা। এই কেইটা কৰিবয়ে লাগে। ছমাহৰ মূৰে মূৰে চাই থাকিল কিবা সমস্যা থাকিলে বিপদ সীমা পাৰ হোৱাৰ আগতেই গম পাব। 

তাৰোপৰি আপুনি যদি সামৰ্থ অন্য কিছুমান জৰুৰী ব্লাড টেষ্টৰ কথা কওঁ যি কেইটা ছমাহৰ মূৰে মূৰে কৰি চাব পাৰে

  1. Calcium
  2. Uric Acid
  3. Vitamin D
  4. Vitamin B12
  5. HbA1C (যদি আপোনাৰ ডায়েবেটিচ বা চুগাৰ বেছি ধৰা পৰে)

 বহুলোকে ছমাহত এবাৰ ECG ও কৰে হাৰ্টৰ প্ৰাথমিক পৰীক্ষা হিচাপে। লগতে মাজে মাজে Blood Pressure ঠিকে আছে নে নাই জুখি থাকে। যদি সামৰ্থ গোটেইবোৰ কৰিব পাৰে আৰু একেবাৰে অসুবিধা তথাপিও দুটকা জমা কৰি হ’লেও Sugar F/PP, LFT, RFT, CBC, Blood Pressure এই কেইটা টেষ্ট কৰি চাই থাকিব লাগে। কাৰণ এই কেইটা সীমা পাৰ হ’লে চিকিৎসা কৰা অলপ কঠিন হয় আগতেই লিখিছোঁ। কিডনী কাৰণে RFT টেষ্ট কৰিব লাগে। এইবোৰত যদি কিবা abnormality পাই চিকিৎসকক দেখাব তাৰ পাছৰ দায়িত্ব চিকিৎসকৰ, তেওঁ আপোনাক পৰামৰ্শ দিব কি ঔষধ খাব, বা আৰু কিবা অতিৰিক্ত পৰীক্ষা কৰিব লাগিব নেকি। মুখ্যতঃ ৰুটিন হিচাপে তেজ পৰীক্ষা কৰা অতি প্ৰয়োজন তাত হেমাহি নকৰিব। সম্ভ্ৰান্ত ঘৰৰ লোকে এইবোৰৰ উপৰিও বহুত কিবাকিবি পৰীক্ষা কৰাই সেইবোৰ তেওঁলোক জ্ঞাত আৰু সামৰ্থ থকা লোক, তেওঁলোকক ভাল উপদেশ দিয়া লোকো বহুত থাকে তেওঁলোকৰ বাবে চিন্তা নাই। মই সাধাৰণ শ্ৰেণীৰ বাবে লিখিছোঁ যি কিবা এটা জটিল ৰোগ হোৱাৰ পাছত চৰকাৰী চিকিৎসালয়ত পৰি থাকে কাৰোবাৰ আশাত। সেইবাবে জটিললৈ যাব দিবয়ে নালাগে, আগতেই ৰখাওক পৰাবোৰ। 

এতিয়া নক’ব সম্ভ্ৰান্ত ঘৰৰো মৰিব আমিও মৰিম কি পাৰ্থক্য। পাৰ্থক্য আছে মৰিব বুলি সকলোৱে জানে সেইবুলি গাড়ী চলাচল কৰি থকা ৰাস্তাৰ মাজেৰে আমি খোজকাঢ়ো জানো! কাষেৰে নাযাওঁ জানো নিজকে সুৰক্ষিত ৰাখিবলৈ! একেই কথা, সকলো মৰিব এদিন, কিন্তু সেইবুলি নিজেই মৃত্যুৰ আগত থিয় দি দিব জানো! এটা মানৱ জীৱন পাইছে সাৱধানে সুস্থ হৈ জীয়াই থাকিব লাগে। 



Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments