ডিয়েৰ: ( মুকুন্দ মাধৱ নেওগ )

Dear_Mukunda Madhab Neog

এইয়া ফেচবুক খুলি লৈছো,
আজি বহুত দিনৰ মূৰত ষ্টেটাচ আপডেট
দিওঁ বুলি।
মোবাইল থ্ৰীজি নেটৱৰ্ক টোৱে আপ ডাউন
কৰি আছে।
চাওঁ, ৱাই ফাইটো অন কৰি লওঁ।

সাত বছৰৰ আগৰ কথাবোৰ ফ্ৰেণ্ডবোৰৰ বাৰু
মনত আছেনে? আমিযে নতুনকৈ অৰকুটৰ পিছত
ফেচবুক শিকিছিলোঁ।

মোৰ গাত ফেচবুকৰ হাৱা
বাৰুকৈয়ে লাগিছিল।
তেতিয়া মোৰ মোবাইলত কেমেৰা নাছিল
হ’লেকি হ’ল ডিজিটেল কেমেৰা এটাটো আছিল
আৰু ফটো?
মই নতুনকৈ ফটো এখন আপলোড কৰিবৰ দিনা?
কেমেৰাৰ পৰা ডেক্সটপত
ডেক্সটপৰ পৰা পেনড্ৰাইভত লৈ
একপ্ৰকাৰ দৌৰদিয়েই গৈছিলো,
কাষৰ নেটকেফেলৈ।

মই দিয়া প্ৰফাইল পিকচাৰখন লৈ
চবেই বাৰু কিয় ইমান ৰগৰ কৰিছিল?

মোৰযে ইমান খং উঠিছিল, জানা?
মইহে যেন কোনোবা প্ৰাকঐতিহাসিক যুগৰ,
বান্দৰৰ প্ৰকৃত বংশধৰ। আৰু বাকীবোৰ?
চব যেন হিন্দী চিনেমাৰ হিৰ’।

সেইদিনা ঘৰৰ পুৰণি এলবামটোৰ,
আগতে মৰা আৰু নতুনকৈ মৰা
আটাইবোৰ ফটো লুটিয়াই ঘুটিয়াই চাইছিলো।
মোৰ কি এখনো ভালদেখা ফটো নাই?
দেউতাই মৰমেৰে পিঠিত চপৰিয়াই কৈছিল:
“প্ৰফাইল পিকচাৰ হাহিঁ থাকি উঠিবি।”

এইবোৰ সাতবছৰৰ আগৰ কথা:
তেতিয়া কেফেতগৈ ফেচবুক কৰিবগৈ লাগে।
…. …. …. ….
এতিয়া মোবাইলতে ফেচবুক হৈ গ’ল।
এণ্ড্ৰইডত এতিয়া বৰ সুবিধাৰ হৈ পৰিছে,
এপচ অন কৰি থলে অকনমান শব্দকৰি
নটিফিকেচনৰ গমো দি থাকে।
ফ্ৰেণ্ডবোৰে মোকযে এৰিকে নিদিয়ে।
কেতিয়াবা ইমানযে মূৰৰ বিষ উঠে।
এনিটাইম অনলাইন থাকোযে, সেই কাৰণে।

আনে বাৰু নতুন প্ৰফাইল পিকচাৰ এখনদি
মোলৈ টেগ কৰি দিয়ে কিয়?
আগৰেপৰা কাকো কেতিয়াও বেয়াকৈ
নকওযে, সেই কাৰণে নহয়?
আজিকালি টেগ কৰাটো বাঢ়ি গৈ আছে, বুজিছা?
আকৌ টেগ কৰি থাকিলে যিয়ে কৰে আনফ্ৰেণ্ড কৰি দিম।
লাইক দুটামান বেছিকৈ পাব বুলিয়েই
ইমান টেগ কৰি থাকে, ভাই।

আৰু কেণ্ডি ক্ৰাছ? লাভ একো নাই
মোলৈ কেণ্ডি ক্ৰাছৰ ৰিকুৱেষ্ট কেতিয়াও নপঠাবা,
মন থাকিলে অকলেই খেলি থাকিবা দেই।
এতিয়া ফেচবুকৰ যোগেদিয়েই মই,
বহু পুৰণি বন্ধুৰ পৰা নতুনকৈ হোৱা বন্ধুৰ
খবৰ লওঁ,- তুমি যিদিনা ভাল আপডেট এটা দিবা
মই আগতীয়াকৈ লাইক কৰি কমেন্ট দিম দেই।

আজিলৈ এৰোঁ । ইতি
তোমালোকৰ : ফেচবুক ফ্ৰেণ্ড

আকৌ:
এইবাৰ বুজিছা; ফেচবুকত জুই একুৰা
বৰ ডাঙৰকৈ জ্বলিছিল।আপডেট এটাৰ সমৰ্থনত
ফেচবুকত দুচামে একেফালেই কমেন্ট কৰিছিলে
-এচাম জনাশুনা আনচাম কাঠফুলা
: ফেচবুক ফ্ৰেণ্ড

Subscribe
Notify of

2 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Anonymous
7 years ago

Bhal lagil.. Xamprotik

m s
7 years ago

bhal lagil..

Copying is Prohibited!