ড° অৰূপা পটংগীয়া কলিতাৰ সৈতে সাক্ষাৎকাৰ

সত্তৰৰ দশকত সাহিত্য চৰ্চা আৰম্ভ কৰি বৰ্তমান সময়লৈকে অসমৰ সাহিত্যজগতত ভোটা তৰাৰ দৰে জিলিকি থকা এগৰাকী প্ৰতিষ্ঠিত সাহিত্যিক হৈছে ড° অৰূপা পটংগীয়া কলিতা। তেখেত অসমৰ এগৰাকী প্ৰসিদ্ধ গল্পকাৰ আৰু ঔপন্যাসিক। তেখেতৰ উল্লেখযোগ্য গল্পপুথি দুখন হ’ল- “আলেকজান বানুৰ জান” আৰু “মাৰিয়ম অষ্টিন অথবা হীৰা বৰুৱা”। “মাৰিয়াম অষ্টিন অথবা হীৰা বৰুৱা” শীৰ্ষক গল্পপুথিৰ বাবে তেখেতে সাহিত্য অকাডেমী বঁটা লাভ কৰে। “মৃগনাভি”, “ফেলানী”, “অয়নান্ত”, “মিলেনিয়ামৰ সপোন” ইত্যাদি তেখেতৰ উপন্যাসৰাজিৰ ভিতৰত অন্যতম। সাহিত্য অকাডেমী বঁটাৰ উপৰি তেখেতে প্ৰবীণা শইকীয়া বঁটা, অসম উপত্যকা বঁটা, ভাৰতীয় ভাষা পৰিষদৰ বঁটা, কথা বঁটা লাভ কৰে। তেখেতৰ লগত কথা পাতিবলৈ, তেখেতৰ বিষয়ে জানিবলৈ সাহিত্য ডট অৰ্গৰ হৈ চলিত সংখ্যাৰ সম্পাদক কলচুম বিবি টংলাৰ শিক্ষয়িত্ৰী গীতিকা শৰ্মাৰ লগত তেখেতৰ টংলাৰ বাসগৃহত উপস্থিত হৈছিল। তেখেতৰ লগত হোৱা কথা-বতৰাৰ হুবহু ৰূপ তলত আগবঢোৱা হ’ল।


ড° অৰূপা পটংগীয়া কলিতা ,ফটোঃ মুক্তা বৰা

সাহিত্য ডট অৰ্গ: আপোনাৰ লগত কথা পাতিবলৈ বহি ভাবিছোঁ, এয়া সপোন নে দিঠক! উচ্চতৰ মাধ্যমিক পঢ়ি থাকোঁতে ‘অয়নান্ত’খন পঢ়িছিলোঁ, তাৰপিছত ‘ফেলানী’। ঠিক তেতিয়াৰ পৰাই আপোনাক মন-মগজুত লৈ ফুৰিছোঁ। আপোনাৰ গল্প পঢিছোঁ। চৰিত্ৰবোৰে হৃদয় চুই যায়। আজি আমি এই কথাবোৰকে পাতিম আৰু আপোনাৰ লগত কটোৱা এই মুহূৰ্তকেইটা সাঁচি ৰাখিম। সাহিত্য ডট অৰ্গৰ হৈ আপোনাক অভিবাদন জনাইছোঁ।
ড° অৰূপা পটংগীয়া কলিতা: আপোনালোকৰ মৰম আৰু আগ্ৰহেই মোৰ ভৰিৰ তলৰ মাটি, আগবাঢ়ি যোৱাৰ প্ৰেৰণা। ধন্যবাদ জনালোঁ।
সাহিত্য ডট অৰ্গ: আপুনি ক্লাছ ফাইভ-ছিক্সৰ পৰাই কলম হাতত তুলি ‘বঞ্চিত’ নামৰ গল্পটো আপোনাৰ প্ৰথম গল্প। সৃজনশীল মন এটা নাথাকিলে সেয়া হয়তো সম্ভৱ নহ’লহেঁতেন! ইয়াৰ উপৰি এটা সুস্থ পৰিবেশৰো প্ৰয়োজন। আপোনাৰ এই সৃজনশীল মনটোক সাৰ-পানী যোগোৱাত আপোনাৰ চৌপাশৰ পৰিবেশটোৱে কিদৰে সহায় কৰিছিল সেই বিষয়ে অলপ কওঁকচোন!

ড° অৰূপা পটংগীয়া কলিতা: হয়তো সৃষ্টিশীল মন এটা মোৰ আছিল। সেই মনটো পৰিপূৰ্ণ কৰি তোলাত মোৰ শৈশৱৰ চাৰিওকাষৰ পৃথিৱীখনে নিশ্চয় সহায় কৰিছিল। মই টি.ভি. যুগৰ শিশু নাছিলোঁ। প্ৰযুক্তিবিদ্যা নহয় মানুহ আৰু কিতাপৰ সৈতে মই ডাঙৰ হৈছিলোঁ। মাতৃভাষা আৰু ইংৰাজী দুয়োটা ভাষাই সমানে শিকিছিলোঁ। মোৰ জন্মস্থান গোলাঘাটৰ ঐতিহ্যমণ্ডিত আৰু ঐশ্বৰ্যশালী সাংস্কৃতিক পৰিমণ্ডলত গঢ় লৈছিল মোৰ মনন। গোগ্ৰাসে কিতাপ পঢ়িছিলোঁ, মন দি পঢ়া-শুনা কৰিছিলোঁ, ছৱি আঁকিছিলোঁ, অজন্তা কলামণ্ডল নামৰ সুন্দৰ অনুষ্ঠানত নৃত্যৰ শিক্ষা লৈছিলোঁ, আইতাৰ সাধু শুনিছিলোঁ। এইবিলাকৰ উপৰি আৰু এটা কাম কৰিছিলোঁ- মই কিছুমান গল্প লিখিছিলোঁ। এই কণ কণ লেখাবোৰ বিভিন্ন ঠাইত প্ৰকাশো হৈছিল। ঘৰখনৰ শান্ত আৰু সুখী পৰিৱেশত পাৰ হৈছিল মোৰ মসৃণ শৈশৱ।

সাহিত্য ডট অৰ্গ: আপুনি যিটো সময়ত লিখিবলৈ আৰম্ভ কৰিছিল, সেই সময়ছোৱাত অসমৰ সাহিত্য-চৰ্চাৰ পৰিৱেশ কেনেকুৱা আছিল?
ড° অৰূপা পটংগীয়া কলিতা: মোৰ যৌৱন কাটিছে সত্তৰৰ দশকত। সত্তৰৰ দশক আছিল প্ৰতিবাদৰ দশক, বিপ্লৱৰ দশক, সৃষ্টিৰ দশক। মই লেখা-মেলা কৰিবলৈ লোৱা সেই সময়ৰ অসমৰ সাহিত্য জগতখন আছিল মূলতঃ বাওঁপন্থী চিন্তাধাৰাৰে পৰিচালিত। সেই সময়ছোৱা আছিল লিটল মেগাজিনৰ সময়। বিভিন্ন লিটল মেগাজিন আমি হাত বাগৰাই বাগৰাই পঢিছিলোঁ। বেঙ্গলত অতি উচ্চ পৰ্যায়ৰ লিটল মেগাজিন প্ৰকাশ হৈছিল। অসমৰ পৰা প্ৰকাশিত লিটল মেগাজিনবোৰৰো মান উচ্চ আছিল। ৰূপালী খৰশ্ৰোতা নদী এখনৰ দৰে এই সৃষ্টিশীল পৰিৱেশে মোক উটুৱাই নিছিল। বিন্দু বিন্দুকৈ গঢ় লৈছিল আজিৰ অৰূপা পটঙ্গীয়া কলিতাই। সেই সময়ৰ মূল প্ৰত্যয়সমূহ আজিও মোৰ বাবে আন্ধাৰ হাবি এখনত বাট বোলাৰ একুৰা জোঁৰ।

সাহিত্য ডট অৰ্গ: বাইদেউ আপোনাৰ প্ৰায়ভাগ গল্প বা উপন্যাস নাৰীকেন্দ্ৰিক, মুখ্য চৰিত্ৰবোৰো নাৰী; ফেলানীয়েই হওক বা অয়নান্তই হওক বা মৰিয়ম অষ্টিন অথবা হীৰা বৰুৱাই হওঁক! ইয়াৰ কিবা বিশেষ কাৰণ আছে নেকি? সাতসৰীত প্ৰকাশিত আপেনাৰ ‘ৰাজমাও’ গল্পটো মোৰ খুব ভাল লাগিছিল। বিশেষকৈ কমলা চৰিত্ৰটো আজিও সজীৱ হৈ আছে। এই চৰিত্ৰটোৰ বিষয়ে অলপ ক’ব নেকি?
ড° অৰূপা পটংগীয়া কলিতা: সহজ কথা, নাৰী বাবেই নাৰী চৰিত্ৰৰ মাজেদি পৃথিৱীখন চাবলৈ চেষ্টা কৰোঁ। ৰাজমাও গল্পটোৰ কমলা মই দেখা চৰিত্ৰ। নাৰী দিনে দিনে ন ন শোষণৰ জালত পৰিছে। নিজৰ জৰায়ুক পণ্য কৰা এই দুখী নাৰীজনীৰ গল্পকে উপস্থাপন কৰিলোঁ ‘ৰাজমাও’ত।

সম্পাদক কলচুম বিবিৰ সৈতে

সাহিত্য ডট অৰ্গ: বৰ্তমান সময়ৰ গল্পকাৰসকলে গল্প ৰচনাৰ ক্ষেত্ৰত ন ন সম্পৰীক্ষণ চলাই থকা দেখা যায়। গতানুগতিক ৰচনাশৈলী বহুতে পৰিত্যাগ কৰিছে। ক্ষেত্ৰ অধ্যয়নত গুৰুত্ব দিয়াৰ লগতে লোককাহিনী এটাক নতুন দৃষ্টিভংগীৰে সজোৱা দেখা যায়। চহা শব্দৰ ব্যৱহাৰেৰে আকৰ্ষণীয় কৰি তোলা দেখা যায়। এই বিষয়ে আপুনি কি ভাৱে?
ড° অৰূপা পটংগীয়া কলিতা: মই গল্প এটা লেখোঁতে বিষয়বস্তুক বেছি গুৰুত্ব দিওঁ। বিষয়বস্তুৱেহে গল্প এটাৰ ৰূপ নিৰ্দ্ধাৰণ কৰে। গল্প এটাত কি ক’ব খোজা হৈছে সেয়া বেছি গুৰুত্বপূৰ্ণ। কিন্তু সাহিত্য সংবাদ নহয়, সাহিত্যৰ ৰূপগত দিশটো কোনোমতে উলাই কৰিব পৰা নাযায়। গল্প এটা কেনেকৈ কোৱা হৈছে সেই কথা বাদ দিব নোৱাৰি, কিন্তু কি কোৱা হৈছে সেয়া বেছি গুৰুত্বপূৰ্ণ। বিষয়বস্তু আৰু ৰূপগত দিশটোৰ মাজত সামঞ্জস্য থাকিলেহে এটা সাৰ্থক গল্প সৃষ্টি হয়।

সাহিত্য ডট অৰ্গ: আপোনাৰ গল্প বা উপন্যাসৰ চৰিত্ৰবোৰ বৰ জীৱন্ত ৰূপত প্ৰতিফলিত হোৱা দেখা যায়। আপুনি ইমান নিখুঁটকৈ চৰিত্ৰবোৰ কেনেকৈ উপস্থাপন কৰে?
ড° অৰূপা পটংগীয়া কলিতা: মোৰ সকলোবোৰ চৰিত্ৰ মানুহৰ মাজৰ পৰাই আহে, জীৱনৰ পৰা উঠি আহে। সেই কাৰণেই চাগৈ চৰিত্ৰবোৰ পাঠকৰ জীৱন্ত যেন লাগে।

সাহিত্য ডট অৰ্গ: উপন্যাস আৰু গল্পৰ মাজত বিশেষ পাৰ্থক্য থকা দেখা যায়। উপন্যাস লিখোঁতে যিদৰে লেখকে স্বাধীনতা ভোগ কৰে গল্প এটাত সেইখিনি পোৱা নাযায়। আপোনাৰ মতে গল্প এটাক কি দৰে লিখা উচিত?
ড° অৰূপা পটংগীয়া কলিতা: গল্প বা উপন্যাস সকলোতে মানুহ আৰু মানুহৰ জীৱনে প্ৰাধান্য পাব লাগে বুলি মই বিশ্বাস কৰোঁ। মানুহৰ কথা কোৱা লেখাই অমৰত্ব লাভ কৰে।

সাহিত্য ডট অৰ্গ: আজিকালি চছিয়েল মাধ্যমৰ জৰিয়তে সাহিত্য চৰ্চা কৰা লোকৰ সংখ্যা বাঢ়িছে। বিভিন্ন ধৰণৰ ই-আলোচনীও প্ৰকাশ হৈ আছে। সাহিত্য ডট অৰ্গ তেনে এখন ই-আলোচনী; ন-পুৰণি লেখকৰ লেখাৰে সমৃদ্ধ। চছিয়েল মাধ্যমত সাহিত্য চৰ্চা কৰা বহুজন এতিয়া প্ৰতিষ্ঠিত লগতে জনপ্ৰিয়। অসমীয়া সাহিত্য জগতলৈ ই আশাৰ বতৰা কঢ়িয়াই আনিছে বুলি আপুনি ভাবেনে?
ড° অৰূপা পটংগীয়া কলিতা: মানুহৰ মাজত সৃষ্টিসত্বাই অতীজৰে পৰা বিভিন্ন ৰূপত আত্মপ্ৰকাশ কৰি আহিছে। গছৰ বাকলিৰ পৰা কম্পিউটাৰলৈকে এই যাত্ৰা অব্যাহত আছে। কেনেকৈ কৈছে সেই কথাৰ ৰূপান্তৰ ঘটিছে কিন্তু মূল কথাখিনি একেই আছে। মানুহৰ মাজৰ সৃষ্টিসত্বাই ন ন ৰূপ বিচাৰি লয়। চছিয়েল মিডিয়াও তেনে এক ৰূপান্তৰৰ পৰ্ব। আকৌ এবাৰ কওঁ- কি কৈছে, কি মাধ্যমেৰে কৈছে, কেনেকৈ কৈছে, ক’ত কৈছে, সকলোতকৈ ডাঙৰ কথা হ’ল কি কৈছে। সকলো ৰূপান্তৰৰ মাজত বিষয়বস্তুৱে স্থায়ী হয়।

সাহিত্য ডট অৰ্গ: আপুনি অসম উপত্যকা বঁটা, ভাৰতীয় ভাষা পৰিষদৰ বঁটাৰ লগতে মৰিয়ম অষ্টিন অথবা হীৰা বৰুৱা গল্পপুথিখনৰ বাবে সাহিত্য অকাডেমী বঁটা পাইছে। ইয়াৰ লগত জড়িত বিশেষ স্মৃতি বা অনুভৱৰ বিষয়ে অলপ কওঁকচোন!
ড° অৰূপা পটংগীয়া কলিতা: কেইবাটাও বঁটা মোলৈ ছিটিকি আহিছে। সাহিত্যৰ লক্ষ্য বঁটা-বাহন নহয়। সাহিত্য উৎসৱৰ বাবেও নহয়। সাহিত্য মানুহ আৰু জীৱনৰ পৰা উঠি অহা এক কলা। সাহিত্য হ’ল মানুহৰ সত্যানুসন্ধান, জীৱনৰ জয়গান। বৰ্তমান শাসক শ্ৰেণীয়ে সাহিত্যক তেওঁলোকৰ ক্ষমতা বাহাল ৰখাৰ এক যন্ত্ৰ ৰূপে ব্যৱহাৰ কৰিব খুজিছে। বিশেষকৈ নতুন প্ৰতিভাসকলক বঁটা-বাহন, সা-সুবিধা, বিভিন্ন টোপেৰে বান্ধি পেলাব খুজিছে। মোৰ বাবে বঁটা-বাহন বা আন সা-সুবিধাৰ কোনো গুৰুত্ব নাই। এজন লেখকক পাঠকেহে জীয়াই ৰাখিব পাৰে। কোনোবাই মোৰ লেখাক বঁটা-বাহন দিছে, তাত মোৰ আপত্তি বা ক’বলগীয়া একো নাই। মই ভাল লেখিলেহে পাঠকে মোক গ্ৰহণ কৰিব। মোৰ সৃষ্টি মানুহৰ নিৰন্তৰ সংগ্ৰামৰ সংগী হোৱাটোৱেই মই বিচাৰোঁ।

সাহিত্য ডট অৰ্গ: আপোনাৰ ভৱিষ্যত পৰিকল্পনা কি সেই সম্পৰ্কে অলপ কওকচোন!
ড° অৰূপা পটংগীয়া কলিতা: অলপতে চন্দ্ৰপ্ৰকাশনে তানিয়া নামৰ এখন শিশু উপন্যাস প্ৰকাশ কৰিছে। হাতত এখন নতুন উপন্যাসৰ কাম আছে। প্ৰয়োজনীয় কিতাপ-পত্ৰবোৰ গোটাই আছোঁ।

সাহিত্য ডট অৰ্গ: আপোনাক লগ পাই খুব ভাল লাগিল। সাহিত্য ডট অৰ্গৰ পৰিয়ালৰ পৰা আপোনাক ধন্যবাদ জনালোঁ।
ড° অৰূপা পটংগীয়া কলিতা: দুআষাৰ কথা পাঠকৰ সৈতে বিনিময় কৰিব পাৰি আনন্দিত হ’লোঁ। আপোনালোকৰ অনুষ্ঠানৰ প্ৰতি শুভেচ্ছা আৰু ধন্যবাদ থাকিল।

            ********************
Subscribe
Notify of

2 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Rajashree
4 years ago

“সাহিত্য মানুহৰ সত্যানুসন্ধান! সাহিত্য জীৱনৰ জয়গান!” কি সুন্দৰ কথা ক’লে মোৰ সৰ্বকালৰ প্রিয় সাহিত্য- সাধক গৰাকীয়ে।
সম্পাদকলৈ আন্তৰিক ধন্যবাদ জনালো এই অন্তৰংগ আলাপটিৰ জৰিয়তে বাইদেউৰ সৈতে আমাকো লগ কৰাই দিয়া বাবে। প্ৰশ্নসমূহৰ নিৰ্বাচন অতি সুন্দৰ হৈছে।

Anonymous
4 years ago

বাইদেউৰ বহুতো গল্প পঢ়াৰ সৌভাগ্য হৈছে ৷”দৈৱকীৰ দিন” নামৰ গল্পটো আজিও মনত সজীৱ হৈ আছে ৷সাক্ষাৎকাৰটিৰ পৰা উপকৃত হ’লোঁঁ ৷

Copying is Prohibited!