ঢকুৱাখনা-ধেমাজি অঞ্চলৰ মাঘবিহু — দেৱকৃষ্ণ বৰুৱা
জাতি একোটাৰ কিছুমান উমৈহতীয়া সাংস্কৃতিক পৰম্পৰা থাকে, যিবিলাক জনগোষ্ঠী, ধৰ্ম নিৰ্বিশেষে পালন কৰে। উদাহৰণস্বৰূপে অসমীয়াৰ বিহু তিনিটাৰ কথা ক’ব পাৰি। অৱশ্যে স্থান আৰু জনগোষ্ঠীভেদে এই পৰম্পৰাৰ ৰেহ-ৰূপ সামান্য বেলেগ হোৱা দেখা যায়। যথা, ঢকুৱাখনাৰ ফালৰ গৰুবিহুৰ ‘চাট’ত লাউ, বেঙেনা, বৰথেকেৰা আৰু হালধি দিয়া হয়; কিন্তু বহুতে তিতা কেৰেলাও দিয়া দেখা যায়। এই প্ৰসংগত “কেৰেলা দিলে চেৰেলা হয়” (লোকবিশ্বাস)বুলি কোৱা শুনিছিলোঁ! তেনেকৈ মাঘৰ ভোজৰ সময়ৰ ক্ষেত্ৰত আমাৰ তাৰ লগত ডিব্ৰুগড়ৰ ফালৰ পাৰ্থক্য দেখিছোঁ।
সি যি কি নহওক, আমাৰ বিহু তিনিটা অসমীয়া সাংস্কৃতিক জীৱনৰ অমূল্য সম্পদ। ইয়াতে অসমীয়াৰ আচাৰ-অনুষ্ঠান, ৰীতি-নীতিৰ পূৰ্ণ প্ৰতিফলন ঘটে। পিছে আমি তিনিওটা বিহুতে ধৰ্মীয় পৰম্পৰাতকৈ কৃষিজীৱী চহা লোকৰ বিশ্বাস আৰু জীৱনচৰ্যাৰ ওচৰ সম্পৰ্ক দেখোঁ। কাৰণ তিনিওটা বিহুতে কৃষিকৰ্মৰ তিনিটা বিশেষ পৰ্যায়ৰ সৈতে সম্পৃক্ত বিশ্বাস আৰু মানৱিক তথা সামাজিক আচৰণ বিজড়িত হৈ আছে। প্ৰথম, কৃষিভূমি উৰ্বৰ কৰা বিশ্বাসৰ লগতে কৃষিৰ বাবে কৰ্মোদ্দীপনা বঢ়োৱা, দ্বিতীয়, ফলসম্ভৱা শস্যৰ বিঘিনি দূৰ কৰা আৰু তৃতীয়তে দীৰ্ঘদিনৰ কষ্টৰ পিছত তাৰ ফল লাভৰ আনন্দ উপভোগ কৰা।
উল্লেখযোগ্য যে কেৱল মাঘ বিহুতে নহয়, তিনিওটা বিহুতে অগ্নিৰ গুৰুত্ব দেখা যায়; কিন্তু এই গুৰুত্ব তিনিও ক্ষেত্ৰতে সুকীয়া। ব’হাগ বিহুত সন্ধিয়া গোহালি আৰু চোতালত মহ-ডাঁহৰপৰা পৰিত্ৰাণ বিচাৰি জাগ দিয়া হয়; কাতি বিহুত শস্যনাশী কীট-পতংগ বিনষ্টৰ বাবে পথাৰত চাকি জ্বলোৱা হয় আৰু মাঘ বিহুত জুয়ে শীতৰ অন্ত পেলাব বুলি জুই (মেজি)জ্বলোৱা হয়। “পণ্ডিতসকলৰ মতে মাঘ বিহুৰ মেজিৰ জুইকুৰাৰ মাজত প্ৰাক্ বৈদিক অগ্নি উপাসক আৰ্যসকলৰ মূল দেৱতা মাগী বা মেজাই মেজিৰ জুইলৈ ৰূপান্তৰিত হোৱাৰ পৰম্পৰা নিহিত হৈ আছে।” (ডিম্বজ্যোতি বৰুৱা, প্ৰান্তিক, ১-১-২০১৬)। মেজিৰ লগত বহুতে মহাভাৰতৰ পিতামহ ভীষ্মৰ চিতাৰ লগতো সম্পৃক্ত কৰা দেখা যায়। কাৰণ মকৰ সংক্ৰান্তিৰ দিনা তেওঁ দেহত্যাগ কৰিছিল।
এনেদৰে মেজিৰ লগত বিভিন্ন ধৰ্মীয় বা লোকবিশ্বাস জড়িত হৈ আছে। কিন্তু এই পৰম্পৰা সম্পূৰ্ণ কৃষিভিত্তিক যেন অনুমান হয়। আঘোণত শস্য পূৰঠ হোৱাৰ পিছত কাতিৰ কঙালত পৰাজনো শস্যসমৃদ্ধ হৈ পৰে। পুহ মাহৰ শেষলৈ সকলো মানুহেই ধান চপাই আজৰি হয়। কৰ্মব্যস্ততাৰপৰা সাময়িক মুক্তি আৰু সমৃদ্ধিৰ আনন্দই মানুহৰ মন উৎসৱমুখৰ কৰি তোলে। সেই আনন্দৰ সমূহীয়া উদ্দীপনাই হয়তো মাঘ বিহুৰ উৎস। ৰাতি সমূহীয়া ভোজন থলীত শীত নিবাৰণৰ বাবে হয়তো ডাঙৰ জুইৰ দিহা কৰা হৈছিল। সম্ভৱতঃ সেই জুয়েই পিছলৈ মেজিলৈ ৰূপান্তৰ হ’ল আৰু পিছৰ পৰ্যায়ত হয়তো তাৰ লগত অগ্নি পূজাৰ দৰে ধৰ্মীয় আৰু আন আন বিশ্বাস নিহিত হৈ পৰিল। সি যি নহ’লেও ঐতিহাসিক কালত মাঘ বিহুত অগ্নিসেৱা কৰাটো এক এৰাব নোৱৰা পৰম্পৰা হিচাপে চিহ্নিত হৈ আহিছে।
মাঘ বিহুৰ মূল তাৎপৰ্য একে হ’লেও ঠাইভেদে পৰম্পৰাৰ সামান্য ভিন্নতা দেখা যায়। কোনো ঠাইত ধৰ্মীয় ৰীতি-নীতিৰ অধিক ওচৰ চাপি মেজিৰ ওচৰত নাম লোৱা আৰু মাহ-প্ৰসাদৰ ব্যৱস্থা কৰাৰ কথাও শুনিছোঁ। আমাৰ ঢকুৱাখনা-ধেমাজিৰ ফালে কিন্তু ধৰ্মীয় আচৰণতকৈ লৌকিক আচাৰহে সৰুৰেপৰা বেছিকৈ দেখি আহিছোঁ।
ঢকুৱাখনাৰ ফালে বিহুৰ কিছুদিন আগৰেপৰা গাঁৱৰ চেমনীয়া আৰু ডেকাসকলে (প্ৰায়ে বেলেগে বেলেগে) খৰি আৰু নৰা গোটাবলৈ ধৰে। মেজিৰ বাবে খৰি আৰু ভেলাঘৰৰ বাবে নৰা। বিশেষকৈ নৈ-বিলৰ পাৰত এই কাম কৰা হয়। উৰুকাৰ দিনা পুৱাৰেপৰা খৰি ফলা আৰু মেজি পতাৰ কাম আৰম্ভ হয়। আমাৰ ফালে বিযুৰীয়াকৈ কেইবাটাও মেজি সজা হয়; তাৰে এটা ঘাই মেজি। ঘাই মেজিটো আটাইতকৈ ওখ। মাটিত যোগ চিনৰ আৰ্হিত গাঁত খানি তাৰ চাৰিটা চুকত ওখ ভীমকল চাৰিজোপা বুঢ়া পাতবোৰ গাৰ সংযোগস্থানত ধুনীয়াকৈ কাটি পোতা হয়। তাৰে পূবফালৰ গাঁতটোত তামোল-পাণ এযোৰ আৰু দক্ষিণা এটি দিয়াটো নিয়ম। কলকেইজোপা ওপৰলৈ সামান্য ঠেকাই শলখা আৰু তমালেৰে বন্ধা হয়। তলত দুডাল গড় পাৰি কলগছৰ মাজত অথালি-পথালিকৈ খৰি জপা হয়। আম, নিম, থাকিলে চন্দন আদি পৱিত্ৰ খৰিৰে ঘাই মেজি সজাবলৈ চেষ্টা কৰা হয়। খৰিৰ মাজে মাজে কুমলীয়া বাঁহৰ হিলৈ দিয়া হয়।
আচলতে ঘাই মেজিটো ৰখিবলৈহে পালি মেজিকেইটা সজা হয়। কাৰণ, ঘাই মেজি পুৱতি জ্বলোৱা হয়। তেতিয়ালৈকে সেই মেজি ৰখি থকাটো নিয়ম। গতিকে ৰাতি শীত নিবাৰণৰ বাবে সৰু মেজিকেইটা জ্বলোৱা হয়। ঘাই মেজিৰ দৰে সৌন্দৰ্যৰ ক্ষেত্ৰত এইকেইটাত বিশেষ গুৰুত্ব দিয়া নাযায়; সাধাৰণতে যোগ চিন আৰ্হিৰ গাঁতৰ মাজত কেঁচা বাঁহ এডাল পুতি তাক কেন্দ্ৰ কৰি খৰি জপা হয়। সন্ধিয়াৰপৰা ভোজৰ আয়োজন কৰা হয়। প্ৰায় গোটেই ৰাতি ঢোল-তালসহ বিহু আৰু ধেমালি চলে। তাৰ মাজতে ডেকাসকলে কিছু নিৰ্দোষ ধেমালিও কৰে। যেনে, কাৰোবাৰ জপনা আনি কাৰোবাৰ দুৱাৰত লগাই থোৱা, কাৰোবাৰ ঢেঁকী আনি বাৰী বা পথাৰত থিয়কৈ পুতি থোৱা, কাৰোবাৰ দুৱাৰত বাহিৰৰপৰা শলখা লগাই থোৱা, বগৰীজেং বান্ধি থোৱা আদি! পিছত এনে কাৰ্যকলৈ কোনো হাই-কাজিয়া নহয়; বৰং এইবোৰ পিছত ৰগৰৰ বিষয় হৈ পৰে। কেতিয়াবা শুকান জেওৰা, হাঁহ-কুকুৰা চুৰ কৰাৰ দৰে কামো নকৰা নহয়!
জীয়ৰী-বোৱাৰীসকলে বিহুৰ আগতেই জা-জলপান খুন্দি থয়। সেইদিনা ৰাতি দুপৰলৈকে তেওঁলোকে পিঠা পোৰে। মুখ চুপতি ভাল পোৱা ডাং বৰলা দুই-একে ঘৰে ঘৰে গৈ পিঠাৰ খোলাত গৰম পিঠাৰ জুতি লয়গৈ। পিছত লগৰীয়াৰ আড্ডাত বিহুৰ দিনা কোন গাভৰুৰ লগত কি কি কথা পাতিলে, কাৰ ফুটনি দেখি পিঠা নুঠা মন্ত্ৰ মাৰি কন্দুৱাই থৈ আহিলে, কাৰ পিঠাৰ গঢ় আৰু সোৱাদ কেনেকুৱা— এইবোৰ কথাই বেছ গুৰুত্ব লাভ কৰে!
ৰাতি ঘৰত থকা পুৰুষসকলে নিজৰ নিজৰ বাৰীৰ ফল-মূলৰ গছ, ঘৰৰ মূধৰ খুটা, ঢেঁকী আদি সৰণ খেৰৰ ৰছীৰে বান্ধে। (এই পৰম্পৰাৰ লৌকিক উদ্দেশ্য যিয়েই নহওক, বৈজ্ঞানিক কাৰণো আছে। পোক-পতংগবোৰ গছত বগাওঁতে শকত ঘেৰ পালে ঘূৰি আহে। মুগা পোহোঁতে চোম গছত দিয়া ঘেৰটোৱেই তাৰ প্ৰমাণ। )
ধল পুৱাতে গা-পা ধুই তিতা তিয়নিৰে ঘাই মেজিত সেৱা জনাই অগ্নি সংযোগ কৰা হয়। পোহৰ হোৱাৰ লগে লগে গাঁৱৰ জ্যেষ্ঠসকলো আহি উপস্থিত হয়হি। আটায়ে মেজিত সেৱা জনায়; জ্যেষ্ঠজনে আশীৰ্বাদ দিয়ে। ঘৰৰপৰা অনা পিঠাপনা, ৰাতিয়েই সিজাই থোৱা কাঠ আলু (লোকবিশ্বাসমতে সেইদিনা আলু নাখালে পিছৰ জন্মত বোলে গাহৰি হয়! ) গোটকঁৰাই (বা মাহ-কঁৰাই) প্ৰথমে অগ্নিত অৰ্পণ কৰি আটায়ে গ্ৰহণ কৰে।
(মোৰ বন্ধু এজনে কোৱামতে, ধেমাজিত পিছদিনা দিনৰ ভাগতো ভোজ, খেল আৰু ৰং-ৰহইচ হয়। )
আমাৰ গাঁৱত তিনিওটা বিহুতে প্ৰথমদিনা নামঘৰত ৰাজহুৱা শৰাই আগবঢ়োৱা হয় আৰু সকলোৱে আলু, পিঠা জলপানেৰে সেই অনুষ্ঠান সমৃদ্ধ কৰি তোলে।