ঢেঁকীয়াৰে মূৰ্গী মাংস (-চিত্ৰালী ফুকন)

উপকৰণঃ
মুৰ্গীৰ মাংসঃ ৫০০ গ্ৰাম
পিয়াজঃ ২-৩টা ডাঙৰ (মিহিকৈ কুটি লোৱা)
আদা-নহৰু: অলপকৈ খুন্দি লোৱা তিনিচামুচ (মিহিকৈ খুন্দিব নালাগে)
জিৰা গুড়ি, ধনীয়া গুড়ি, জলকীয়া গুড়ি, জালুকৰ গুড়ি।
কেঁচা জলকীয়া দুটা।
বিলাহী: বেছিকৈ পকা ১টা ডাঙৰ
আলু: ১টা ডাঙৰ
ঢেঁকীয়া: দুমুঠি (বা অনুমান মতে)
পাঁচ ফোৰণ অলপ
মুঠ সময়: এঘন্টা

প্ৰণালী:
প্ৰথমতে ঢেঁকীয়াখিনি ভালকৈ ধুই নুকুটাকৈ ৰ’দত শুকাই কিছু লেৰেলিব দিব লাগে। মাংসখিনি ধুই পানী টুকি লওঁক শুকানকৈ।
কেৰাহীত তেল গৰম কৰি অলপ পাঁচ ফোৰণ অলপ আৰু শুকান জলকীয়া এটা দি পিয়াঁজ আৰু আদা-নহৰু একেলগে দি কিছু দেৰি ভাজি ল’ব। অলপ ৰঙচুৱা বৰণ ধৰিলে মাংস আৰু কাটি লোৱা আলুখিনি দি কম জুইত ভাজিব।
কিছুদেৰি পিছত নিমখ, হালধি, জিৰা আৰু ধনিয়া গুড়ি দি দিব।
মাংস আৰু আলু কিছু সিঁজি যোৱা যেন পালে একেবাৰে মিহিকৈ কাটি লোৱা বিলাহীখিনি দি দিয়ক। বিলাহীখিনি ভালদৰে মজি গ’লে সুন্দৰ ৰঙ এটি আহিব।
এতিয়া ঢেঁকীয়াখিনি আনি হাতেৰে টুকুৰা-টুকুৰকৈ চিঙি দি দিব। ভালকৈ ঢেঁকীয়াখিনি ভাঁজিবলৈ দিলে হ’ল। ঢেঁকীয়াখিনি সিজি যোৱাৰ পিছত কেঁচা জলকীয়া আৰু জালুক অলপ খুন্দি দি দিয়ক। সাধাৰণতে পানী নিদিয়াকৈ ৰান্ধিব পাৰিলে খুউব সোৱাদভৰা হয়। অলপ পৰ পিছতে আপোনাৰ ব্যঞ্জন ৰে’ডী!
এতিয়া গৰমে গৰমে পৰিৱেশন কৰি নিজে সোৱাদ লওঁক আৰু আনকো সেই সোৱাদৰ ভাগ দিয়ক!

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!