তই নিজক বিচাৰি ওলাই আহ! মূল-তনবীৰ গাজী অনুবাদ -(সংগীতা বৰুৱা লাহন)

তই নিজক বিচাৰি ওলাই আহ
হতাশাই তোক আৱৰিব কিয়
তই আগবাঢ়ি আহ, খোজ দে

তোৰ অস্তিত্বক সময়েও ফুৰিছে বিচাৰি
তোক আৱৰি ৰখা বাধাৰ প্ৰাচীৰক
পোচাকী কৰি নল’বি

উভালি পেলা সেই বাধাৰ প্ৰাচীৰ
যিবোৰেৰে সাজি ল’ তই তোৰ আমোঘ অস্ত্ৰ

তই নিজক বিচাৰি ওলাই আহ!
হতাশাই তোক আৱৰিব কিয় ?
তই আগবাঢ়ি আহ
তোৰ অস্তিত্বক সময়েও ফুৰিছে বিচাৰি

নিৰ্মল যেতিয়া তোৰ সত্বা
তেন্তে এই অপযশ মানি ল’বি কিয়?

পাপীহঁতৰ অধিকাৰ নাই
পৱিত্ৰতা পৰীক্ষা কৰাৰ৷

জ্বলাই ছাঁই কৰি দে
নিষ্ঠুৰতাৰ এই ভণ্ড জাল

তই থাপনাৰ মজিয়াত জ্বলা
বন্তি শিখাৰ খীণ পোহৰ নহয়
তই ক্ৰোধৰ অগ্নপিণ্ড!

তই নিজক বিচাৰি ওলাই আহ!
হতাশাই তোক আৱৰিব কিয়
তই আগবাঢ়ি আহ
তোৰ অস্তিত্বক সময়েও ফুৰিছে বিচাৰি

তোৰ আঁচলেৰেই ধ্বজা উৰুৱা
আকাশো উঠিব কঁপি

আৰু যেতিয়া তোৰ আঁচল খহিব..
আকৌ এবাৰ ভূমিকম্প হ’ব
আকৌ এবাৰ ভূমিকম্প …

তই নিজক বিচাৰি ওলাই আহ!
তই হতাশ কিয়
তই আগবাঢ়ি আহ, সন্মুখলৈ খোজ ল’

তোৰ অস্তিত্বক সময়েও ফুৰিছে বিচাৰি …..!

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!