তলা পুৰাণ – লক্ষ্য জ্যোতি নাথ

 

দুদিনমান আগৰ ঘটনা, এটা ২৫ টকীয়া তলায়ে মোৰ মাথা নষ্ট কৰি দিলে৷ চাবি নোহোৱাকৈ বন্ধ কৰিব পৰা তলা এইটো, কিন্তু খুলিবলৈ হ’লে চাবিপাত ঠিকেই লাগে৷ চাবিপাত লকাৰৰ ভিতৰতে থৈ তলাটো বন্ধ কৰি কেণ্টিনত ৰাতিৰ সাঁজটো খাবলৈ গৈছিলো৷ খাই-বৈ আহি ৰুম পাই দেখো চাবিপাত নাই দেখোন তলা খুলিবলৈ৷ ডুব্লিকেট চাবিও নাছিল মোৰ হাতত৷ মনত পৰিল চাবিপাত ভিতৰতে থৈ কেণ্টিনকৈ যোৱা৷ কি কৰোঁ এতিয়া! গোটেই প্ৰয়োজনীয় বস্তু লকাৰৰ ভিতৰতে আছে৷ আনকি ৰাতিপুৱা উঠি ব্ৰাছ কৰিবলৈ, গ ধুবলৈ চাবোন, উনিফৰ্ম সকলো ভিতৰত৷ ৰাতি তলা নাভাগিলে ৰাতিপুৱা ৭.৩০ বজাত ডিউটি জইন কৰাৰ আগত এইবোৰ কৰিবলৈ সময় নাপাম৷ চহৰত থাকিলে আকৌ ডাঙৰ লেঠা৷ দৰকাৰত কিবা ভাঙিবলৈ ডাঙৰ শিল, ইটা আদি য’ত-ত’ত বিচাৰিলে পোৱা নাযায়৷ আনকি এদিন মাংস খাই দাঁতৰ চেপত লাগি থকা মাংস এৰুৱাবলৈ অকণমান বাঁহৰ দাঁত খুচৰা এডাল বিচাৰি নাপালো৷ অসমৰ ঘৰত থাকিলে এইবোৰ কথাৰ কাৰণে চিন্তা নাই৷ বিচনী-ঢাৰি আদিৰ চুকৰ পৰা পৰা বাঁহ অকণমান এৰুৱাই লব পাৰি৷ একো বিচাৰি নাপাই এঘণ্টা কাঠ এডোখৰ লৈ কোবাই থাকিলোঁ কিন্তু ২৫ টকীয়া তলা খোলাৰ নাম নলয়৷ কোবাই কোবাই ঘাম ওলাই গ’ল৷ টোপনি যোৱাৰ আগত খুলিবয়ে লাগিবয়ে বেলেগ বিকল্প নাই৷ তাৰ পিছত অকলে নোৱাৰি লগৰ বোৰৰ আগত ঘোষণা দি দিলোঁ “কোন কোন বাহুৱলী আছ আহ, নিজৰ জোৰ দেখা দম আছে যদি৷ “ দুটায়ে লাগি লাগি নোৱাৰিলে৷ এটায়ে শেষত পেৰেড কৰোঁতে পিন্ধা ’ড্ৰীল বুট’ লৈ আহিল৷ আৰু ’ড্ৰীল বুট’ৰ গেদীৰে ’হামলা’ আৰম্ভ কৰি দিলে৷ মই Josh দি আছো৷ ৭-৮ বাৰ ’হামলা’ কৰাৰ পাছত অৱশেষত ২৫ টকীয়া তলায়ে জিভা মেলি খোলকি মাটিত অচেতন হৈ পৰিল৷ ৷ মই স্বস্তিৰ নিশ্বাস ললো৷
ক’বলৈ বাধ্য হ’লো এইটো ২৫ টকীয়া তলা কি মেটেৰিয়েলে বনোৱা আছিল অ’, আমাৰ জিভা উলিয়াই দিলে৷ এটা ২৫ টকীয়া তলায়ে এনেকুৱা লীলা দেখুৱাব পাৰে বুলি ভবা নাছিলোঁ৷
এনেবোৰ কৰ্ম কৰি থাকিলে কেতিয়াবা নিজকে গছৰ ডালৰ আগত বহি লৈ ডাল কটা কালিদাসৰ দৰে যেন অনুভৱ হয়৷
আৰু এদিনৰ ঘটনা মুম্বাইতে৷ যোৰহাটৰ নাট্য দল এটা মুম্বাইত ’কমলা কুঁৱৰীৰ সাধু’ নাটকখন কৰিবলৈ আহিছিল৷ নাটকখন চাই পিছদিনা তেওঁলোক মুম্বাই ফুৰিব আহিছিল আৰু মই তাতে থকা বাবে তেওঁলোকক অসমৰ আলহী বাবে এবাৰ সাক্ষাৎ কৰি আহিবলৈ গৈছিলো৷ মুম্বাইত ইফাল-সিফাল কৰিবলৈ মোৰ সৰু দুচকীয়া স্কুটি এখন আছে৷ সেইদিনা কি কৰিলো স্কুটিখন বন্ধ কৰি চাবিটো মোৰ পিঠিত লোৱা বেগটোৰ ভিতৰত থলো আৰু বেগটো স্কুটিখনৰ ভিতৰৰ সৰু বস্তু থোৱা বক্সটোত থৈ বাহিৰৰ পৰা হেঁচি লক কৰি দিলে৷ তেওঁলোকক লগ কৰি আহি ৰুমলৈ আহিবলৈ স্কুটিখনৰ চাবিপাত বিচাৰিছোঁ নাই৷ বিচাৰি নাপাই তেতিয়া মনত পৰিল বেগটোত থোৱা৷ কিন্তু বেগটো দেখোন স্কুটিখনৰ ভিতৰত আছে৷ বেগটো উলিয়াবলৈ আকৌ দেখোন চাবিপাত লাগিব৷ মুঠতে কোনো উপায় নাই৷ ভাগ্যে মোৰ ডুপ্লিকেট চাবি এপাত ৰুমত আছিল৷ আকৌ স্কুটি থকাৰ পাছতো টেক্সী ধৰি ৰুম আহিছো৷ চাবি লৈ আকৌ টেক্সীত স্কুটি থোৱা ঠাইলৈ গৈছো৷ তাৰ পিছত স্কুটি লৈ ৰুমলৈ আহিছো৷ কালিদাসৰ দৰে কাম কৰাৰ বাবে মিছা-মিছি টেক্সী ভাড়া, সময় আদি অপচয় কৰিলো লগতে মূৰ গৰম লগত বিনামূলীয়াকৈ পালো৷
অন্য মানুহৰ অন্য কাহিনী আৰু আমাৰ জীৱনত এনেকুৱা কাহিনী৷ তথাপিও জীৱন জিন্দাবাদ৷

লক্ষ্য জ্যোতি নাথ
ফোন- ০৭৯০৪২৬৮১০৯
ক’লাবা, মুম্বাই-৪০০০০৫

Subscribe
Notify of

1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
ৰিদ্বীৱ
3 years ago

হাহাহা, সুন্দৰ খোৰাক যোগালে

Copying is Prohibited!