তাইক এটা ৰঙা ফোট লাগে (পৰাগ পিংকু)

PARAG PINKUনোৱাই তোলনী বিয়াৰ দিনা
তাই লাজতে আর্চি নাচালে,
ৰঙা ফোঁট ল’লে বাৰু কেনেকুৱা লাগে !
কলংপৰীয়া বতাহ এজাকৰ বা লৈ
গাভৰু হোৱাৰ দিনাৰে পৰা
তাই ৰঙা ফোঁট এটাৰ কথা ভাবে ।
ঘৰত কোনো নথকাৰ সোণালী সুবিধাত
আয়েকৰ জপা খুলি,
জাপি থোৱা কাপোৰ এসাজ পিন্ধি
ওৰণী টানি,
আর্চি চাই বিভোৰ হৈ ভাবে
ৰঙা ফোঁট দিলে চাগে এনেকুৱাই লাগে!
সমাজিকত কাৰোবাক দেখোঁ দেখোঁ লাগে,
জান নাজান !
দেখ নেদেখ হওঁতেই
ছাঁ যেন কোনোবায় টুপাই বুৰ মাৰে।
পনিয়ল বৰণৰ ৰাতি এটা,
তাই উজাগৰে থাকে!
তাইক বোলে এটা ৰঙা ফোঁট লাগে ।
কলঙৰ পানী অনা ঘাটত,
পিতলৰ কলহ ঘঁহি ঘঁহি কত দেৰি যায়
সিপাৰে কোনোবায় বিৰিণা কঁপায়!
দেখিও নেদেখা
নেদিখি দেখা
এনে ছঁয়া ময়া
ভৰিৰ পৰা মুৰলৈ কাঁহ পৰি জীন যায়!
ৰঙা ফোট এটা লৈ
কোনে আহি জুমি চাই !
কানাই কানাই
পূর্ণিমাৰ মহাৰাসৰ অজুহাতত,
জলফাই বৰণৰ সমাজিক এটাই
লাহে লাহে পোখা মেলে!
নৈৰ ঘাটৰ বিৰিণা ঘামি ঘামি শুকায়!
ৰঙা ফোঁট এটা বেলি হৈ ওলায়
আঘোন থাকে লুকাই লুকাই।
আজিকালি তাই আগফালে নোলাই।
পাছ চোতালত বহি,
ফুল বেজি এটাৰে
চিকুটি চিকুটি
তাই ৰুমাল চিলাই,
ৰঙা ফোঁট এটা তুলি চাই!
নৈৰ পাৰৰ কথাবোৰ কান বাগৰাৰ পৰাই
ৰঙাফোঁটৰ সমাজিকটোৱে
কলঙৰ পাৰে পাৰে বিনাই।
কেনি গ’লা কানাই,
তুমি নহ’লে
বেলিয়ে নাম নাপায়
বেলিয়ে নাম নাপায়
ৰঙা ফোঁটৰ প্ৰয়োজন আহিছে ঘনাই!
এটা ৰঙা ফোঁট লাগে ,
তাইক এটা ৰঙা ফোট লাগে ।
 

Subscribe
Notify of

1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
8 years ago

Raja mondal

Copying is Prohibited!