তাইক সিহঁতবোৰে বেয়া পায় (সন্ধ্যা বেজবৰুৱা)

সন্ধ্যা বেজবৰুৱা


তাইক সিহঁতবোৰে বেয়া পায়
যেতিয়া ..
অন্যায়ৰ বিৰুদ্ধে মাত মাতে
তাইক সিঁহতবোৰে বেয়া পায়
যেতিয়া ..
অসৎ কাৰ্যৰ প্ৰতি সজাগ দৃষ্টি ৰাখে,
দৰিদ্ৰৰ ওপৰত কৰা অত্যাচাৰৰ প্ৰতিবাদ কৰে
আটাইতকৈ বেয়া পায়
যেতিয়া মাত মাতিবলৈ মুখামুখি হয়
তাৰ বাবে …
যিমান অপমানিত কৰে কৰক
আক্ষেপ নাই,
যিমান বদনাম ৰচনা কৰে কৰক
ভ্ৰুক্ষেপ নাই,
তাই আগবাঢ়ি গৈয়েই থাকিব যেতিয়ালৈকে লক্ষ্যত
উপনীত নহয়।
তাই প্ৰতিবাদ কৰিয়েই থাকিব যেতিয়ালৈকে
তাইৰ মৃত্যু নহয়।
তাই ভাবে…..
শব্দৰ জন্ম হয়, যিমানেই কাঁড় মাৰে কেতিয়াও বিনাশ নহয়,
প্ৰতিবাদৰ জুই বাঢ়ি যায়, যিমানেই পানী ঢালে কেতিয়াও নুনুমায়।
কাৰোবাক যদি অন্তৰত আঘাট দিছা
সেই শব্দৰেই মালা গাঁঠি যোৱা
এডাল ৰঙীন সূতাৰে…
তাতেই বিচাৰি পাবা, যদিহে বিচাৰিব জানা
কাৰোবাৰ প্ৰতিবাদৰ ভাষা
মিছাক সঁচা, সঁচাক মিছা কৰিব নজনা
অন্তৰৰ সৰলতা।
 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!