তিনিটা প্ৰেমৰ কবিতা – অনুপ দত্ত
এক.
লুংলুঙীয়া বাটেৰে জোনাক নামে
ৰূপালী নদীৰ ঢৌত,
কি চিনাকি
কি অচিনাকি৷ ৷
ঢৌত জঁপিয়াই
ওঁঠে ওঁঠে চুমাখোৱা মাছ ..
মই টোপনি যাব বিচাৰোঁ
পাল নাৱত – যিখনৰ নাৱৰীয়া তুমি ..
দুই.
পথাৰখনত মুকলিকৈ
পৰা দেখিছোঁ ৰ’দ
ধান দাই থাকোতে ইমানকৈ
জিলিকি আছিলা তুমি,
হাউলি পৰা বুকুক
চুইছিল ধানে
গুণগুণাই উৰি গৈছিল বতাহত
শইচ গোন্ধৰ মালিতা ..
তিনি.
টোপনিত দেখোঁ –
জুনুকা বজাই বিমুগ্ধ
গুণগুণনি ..
ৰাতিৰ বুকুত ৰেলৰ উকি,
গ’লা নেকি তুমি –
তাতেই গুচি ..৷ ৷