তিনিটা স্তৱক ( নৱ কোঁৱৰ )

Tinita Stabak

—(১)—

স্থিৰ নদীখনলৈ চালো

ধীৰ গতিৰ সোঁত, চকুৰে নমনি…

নদীৰ সোঁতত বিভোৰ হৈ

শুকান পাৰত ৰৈ গলো মই

তুমি গ’লা উটি, সোঁতৰ সৈতে

লক্ষ্য হয়তু দূৰ দূৰণি…………

—(২)—

তেতিয়া পূজাৰ আৰতি সপ্তমত

আৰু সি…

বিচাৰি ফুৰিছিল শামুকৰ খোলা

কোনোবা সমুদ্ৰৰ শুকান তীৰত…

নতুবা এক ফিনিক্স পক্ষী

নীল সাগৰৰ ধূসৰ দিগবলয়ত…..

—(৩)—

বতাহত উৰে কমোৱা তুলা

ছবিঘৰত নিতৌ ন ন চিনেমা

চেঁচা বতৰত

একাপ গৰম কফিত তপত চুমা…..

সাঁচতিয়া জেপত উদং আয়ু ৰেখা..

Subscribe
Notify of

1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
nilim hamudra nilowfa khirud gogoi
7 years ago

nice poet…pohi vaal lagil…bhabisyate aru vaal kobita pohibo paam buli akha thakil…

Copying is Prohibited!