তিনিটি কবিতা (ৰূপমৰুণ গগৈ)

 

সেউজীয়া

তোমাৰ ভালপোৱা
মোৰ বাবে বাটৰ জিৰণি ঘৰ নহয়
মাতাল দিনৰ কষ্টকৰ যাত্ৰাৰ
এচলু পানী আৰু
মচিব নোৱাৰা সেউজীয়া উপত্যকা৷

 

প্ৰহেলিকা

জোনাক ভাল পোৱা ৰাটো
এদিন নিৰুদ্দেশ
শুনিছোএতিয়া সি বোলে
লা সাজ পিন্ধি আন্ধাৰৰ গান গায়৷

 

ভালপোৱা

মাছবোৰে পুলটো পাৰ বিচাৰে
জালৰ বেষ্টনী ভাঙি
পথাৰখন বিহুতলী কৰিব বিচাৰে

মাছবোৰ অঁকৰা
টেঙৰ বুলিবলৈ চাৰিপাঁচটা

উজানে কৰে মন মতলীয়া
মাছবোৰে পাহৰে নিজৰ ঠিকনা

উজান মানে প্ৰেমৰ নিচান
নিচানৰ তলত মাছবোৰে গাব বিচাৰে
ভালপোৱাৰ জয়গান

 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!