তিনিপোৱা চাউল (দ্বীজেন্দ্ৰনাথ শৰ্মা)
তিনিপোৱা চাউল
ৰাতিপুৱাই অকল নিমখেৰে কৰা ফিকা চাহ কাপ খাই সি ওলাই গ’ল। প্ৰথম নিমখেৰে খোৱা ফিকা চাহ কাপলৈ তাৰ মনত পৰিল। বিয়া হোৱাৰ দুসপ্তাহমান পিছৰ কথা। মালতীৰ গাৰ পৰা মাহ হালধিৰ গোন্ধ তেতিয়া যোৱাই নাই। সেই দিনা অসম বন্ধ আছিল গতিকে সি বজাৰলৈ নাযায় বাবে দেৰিলৈ শুই আছিল। মালতীয়ে বিচনালৈয়ে চাহ কাপ লৈ আহিছিল। তাৰ নিজকে ডাঙৰ মানুহ যেন লাগিছিল। সি চিনেমাত দেখিছে যে ডাঙৰ মানুহে বিচনাতে চাহ খায়। তাৰ অকস্মাৎ মনলৈ ভাৱ এটা আহিছিল -“ডাঙৰ মানুহে বাৰু মুখ নুধুৱে নেকি? নে ৰাতিপুৱাই উঠি মুখ হাত ধুই শুই থাকে চাহ কাপ খাবলৈ….” বিচনাতে চাহ কাপত শোহাটো মাৰি তাৰ জিভা কোঁচ খাই গ’ল। গিলাতো বেলেগ কথা সি চাহৰ শোহাটো মজিয়াত থুৱাই দিবলগীয়া হ’ল। ভয়ে ভয়ে মালতীয়ে তাৰ মুখলৈ ভেবা লাগি চাই ৰ’ল। তাইৰ মুখলৈ চাই তাৰ হাঁহি উঠি গৈছিল। সেই দিনাও তাৰ ডাঙৰ মানুহৰ দৰে বিচনাত মুখ নুধুৱাকৈ চাহ খোৱা নহ’ল। মালতীয়ে সেই দিনা ভুলতে চাহত চেনীৰ সলনি নিমখ দিছিল।
আজি অৱশ্যে নিমখৰ ফিকা চাহ কাপত মালতীয়ে ভুলতে নিমখ দিয়া নাই। আগতে এদিন ঘৰত চেনী নথকাত সিয়ে নিমখেৰে চাহ কৰিবলৈ কৈছিল। ৰাতিপুৱাই টোপনিত আল-জাল ভাঙিবলৈ কেতিয়াবা চেনী নহ’লে সিহঁতে নিমখেৰে কাম চলায়। আনকি চাহ পাত নাথাকিলে চেনী পানী, আৰু চেনী আৰু চাহপাত দুইবিধে নাথাকিলে গৰম নিমখ পানীও কেতিয়াবা নখোৱা নহয়। অৱশ্যে তেতিয়া মালতীয়ে তাত আদা বা জালুকগুৰি বা কেতিয়াবা আদা বা জালুকগুৰি নাথাকিলে শুকান জলকীয়াও দি দিয়ে। আনে তেনেকৈ ৰাতিপুৱাৰ আল-জাল ভাঙে নে নাভাঙে সি নাজানে। সি কাকো কেতিয়াও সোধা নাই। সুধিলে সি কেতিয়াবা চেনী আৰু চাহপাত নোহোৱাকৈ ৰাতিপুৱাৰ চাহ খোৱা কথাটো আনে জানিলে সি লাজ নাপাব জানো। মানুহবিলাকে কিমান যে কথা আনৰ ওচৰত লাজ পাব বুলি লুকুৱাই ৰাখে!
সচৰাচৰ দেওবাৰৰ বাহিৰে এইখিনি সময়ত সি ষ্টেচনলৈ ওলায়। অৱশ্যে আগদিনা বিক্ৰী ভাল নোহোৱাৰ দিনাও ৰাতিপুৱা সি বজাৰ মেলে। কালি বিক্ৰী ভাল হ’ব বুলি আন সকলোৰে দৰে সিও পাচলি সৰহকৈ আনিছিল। সাধাৰণতে সি দীনদয়ালৰ পৰা এহেজাৰ টকা নিয়ে বজাৰৰ বাবে। যোৱা কালি বিক্ৰী ভাল হ’ব বুলিয়েই পোন্ধৰশ টকা নিছিল। হয়তো বিক্ৰী ভালেই হ’লহেঁতেন কিন্তু গধূলি অহা আবতৰীয়া বৰষুণজাকে আউল লগাই দিলে। অন্তত দুহেজাৰ ওঠৰশ বিক্ৰী হ’ব বুলি সি ভাবিছিল। তাৰে ষোল্লশ পঞ্চাশ টকা দীনদয়ালক দিবলগীয়া। কালি তাৰ দীনদয়ালৰ পইচা ঘূৰোৱা নহ’ল। আজি তাক ফাইন দিব লাগিব। সদায় বজাৰৰ বাবে পইছা দিয়াসকলৰ নিয়মটো হ’ল গধূলি সুদে-মূলে আদায় দিব লাগিব নহ’লে পিছদিনালৈ ফাইন দিব লাগিব। বাকী সকলে এশ টকাত দহ টকা ফাইন লয়। দীনদয়াল ল’ৰাটো ভাল সি পাঁচ টকা লয়। দীনদয়ালহঁতে সিহঁতক সহায় কৰিছে নে শোষণ কৰিছে সি ভাবি উলিয়াব নোৱাৰে। বজাৰলৈ যোৱাৰ সময়ত সিহঁতে টকা দিয়ে গধূলি সিহঁতক ঘূৰাই দিব লাগে। মাথোঁ এশ টকাত দহ টকা ওপৰঞ্চি দিব লাগে। দীনদয়াল বুলিয়েই নহয়, মংগল, জগন্নাথ আদি ছয়-সাতজন ল’ৰা আছে, সিহঁতে এনেকৈ দৈনিক বজাৰৰ সৰু-সুৰা বেপাৰীবিলাকক টকা দিয়ে। সি দীনদয়ালৰ পৰাই সাধাৰণতে টকা লয়। ল’ৰাটো বাকী কেইজনৰ দৰে উগ্ৰ নহয়।
তিনিজনীয়া পৰিয়াল। কণমনিৰ বাবে বেলেগে চাউলৰ হিচাপ কৰিবলগীয়া নাই। সিহঁত দুইটাৰ মাজতে তাইৰখিনি হৈ যায়। থুনুক-থানাক মাত ফুটিছেহে। দুপৰীয়াৰ সাজে ৰাতিৰ সাজে তিনিপোৱা চাউল হ’লে তাৰ এদিনৰ বাবে হৈ যায়। কালি তাৰ তিনি পোৱা চাউল নিয়া নহ’ল। মাথোঁ ছশ টকা বিক্ৰী হৈছিল। তাৰ বাজেট আৰাম্ভ হয় দীনদয়ালক দিবলগীয়া টকাখিনি হাতলৈ অহাৰ পিছৰ পৰাহে। গধূলি টকাখিনি ঘূৰাই দিলেহে পিছদিনা বজাৰ কৰিবলৈ টকা পাব। আকৌ ঘূৰাই নিদিলে এশ টকাত পাঁচ টকাকৈ বেচিকৈ দিবলগীয়া হ’ব। সি সদায় এটা কথাত গুৰুত্ব দিয়ে সেইটো হ’ল তিনি পোৱা চাউল। দীনদয়ালক দিবলগীয়া টকাখিনি যোগাৰ হোৱাৰ পিছত সি প্ৰথমতে তিনিপোৱা চাউল লয়। তাৰ পিছত সি অন্যান্য বজাৰ সমাৰ কৰে। লাগতীয়াল বজাৰ-সমাৰখিনি কৰি পিছত হাতত টকা থাকিলে সি আৰু এপোৱা চাউল লয়। এক কিলো কৈ নিয়া কেইদিনৰ ৰাহি চাউলখিনি বিপদ আপদ বা আলহী দুলহী আহিলে কামত আহে। কিন্তু বহুদিন ধৰি সি ওপৰঞ্চি চাউলপোৱা ল’ব পৰা নাই। তৰকাৰীৰ দাম যিহে বাঢ়িছে সেই অনুপাতে লাভৰ পৰিমাণটো কমিছেহে। তদুপৰি দাম বঢ়াৰ বাবে সি দীনদয়ালৰ পৰা টকাও বেচিকৈ ল’বলগীয়া হৈছে। কিছুদিন আগলৈ সি ছয়-সাতশমান টকা নিয়া হ’লেই হৈ গৈছিল কিন্তু আজি কালি হাজাৰ বাৰশ নিনিলে নহয়। বেছিকৈ টকা নিলে বিক্ৰী ভাল নহ’লে তাৰ সমস্যাটো বাঢ়ে। সেইদিনাই টকা ঘূৰাব নোৱাৰিলে ওপৰঞ্চি ভৰিব লগা হয়। এই কেইদিন দীনদয়ালক দিবলগীয়া টকাখিনি যোগাৰ হোৱাটোতে টনাটনি। ওপৰঞ্চি চাউলপোৱা সি বহুদিন মেনেজ কৰিব পৰা নাই।
কালি তাৰ তিনিপোৱা চাউলো লোৱা নহ’ল। কালি বৰষুণজাক অহালৈ ছশ টকাহে বিক্ৰী হ’ল। দিব লাগে ষোল্লশ পঞ্চাচ টকা। গধূলি টকা নাপালে পিছদিনা ফাইনটো লয়েই ওপৰঞ্চি অশ্ৰাৱ্য গালি ফ্ৰীতে শুনিব লগা হয়। তদুপৰি টকা উঠাবলৈ অহা সময়ত সিহঁত একেবাৰে টুংটাং হৈ আহে। সময়মতে টকা দিব নোৱাৰিলে কেতিয়াবা লপা-থপাও সহ্য কৰিবলগীয়া হ’য়। আৰু সিহঁতে এইবিলাক ধৰি নাথাকে। মদৰ নিচাত টকা নাপালে খঙটো অলপ বেছিকৈ উঠেতো। সি ভাবিলে, যিহেতু আজি দীনদয়ালক দিবলগীয়া টকাখিনি যোগাৰ হোৱাই নাই, বিনা কাৰণত গালি খোৱাতকৈ ঘৰলৈ যোৱাই ভাল। সি বজাৰ সমৰিব লওতেই দীনদয়াল হাজিৰ। আজি বিক্ৰীয়েই নাই বুলি সি টকা ছশ তালৈ আগবঢ়াই দিলে। তাৰ মুড ভাল আছিল বাবেই নে বৰষুণ দিয়া দেখি অৱস্থাটো বুজি সি হাত পাতি ল’লে কিন্তু কালিলৈৰ ফাইনৰ কথাটো সোঁৱৰাই দিবলৈ নাপাহৰিলে। সি ঠেতেলা খোৱা তৰকাৰী অলপ সৰহকৈ ল’লে। মালতীয়ে আগতে ঠেতেলা খোৱা তৰকাৰী নিয়াৰ বাবে কেট কেট কৰিছিল কিন্তু আজিকালি বুজে যে সিহঁতে ঠেতেলা খোৱা তৰকাৰীহে খাব পাৰে। ঘৰত চাউল নোহোৱাৰ সম্ভৱনাই বেছি। চাউল তিনিপোৱা কিনিবলৈও আজি তাৰ উপায় নাই। ৰামলাল চাচাক দুদিনমান বস্তাৰ ভাড়াই দিয়া হোৱা নাই। আগৰো দুটা কিস্তিৰ গেলামালৰ পইচা দিব আছে। গতিকে বাকী খুজি লঘুহে হোৱা যাব। তৰকাৰীবিলাক বস্তাত ভৰাই ৰামলাল চাচাৰ গেলামাল দোকানৰ পিছত থবলৈ যোৱাত চাচাই ক’লে, “তই দুদিনৰ পইচা দিয়া নাই”। চাচাই প্ৰতি বস্তা তৰকাৰী থোৱাৰ নামত দহ টকাকৈ লয়। সি কালিলৈ দিম বুলি ক’লে। চাচাই হিচাপ কৰি কলে- “দুদিন দুটা বস্তাত বিশ টকা বিশ টকা চল্লিশ টকা আজি তিনিবস্তা ত্ৰিশ টকা মিলাই অহাকালিকৈ সত্তৰ টকা দিব লাগিব।” সি উম বুলি শলাগি ঘৰলৈ খোজ লৈছিল।
সি ভাবে বজাৰ কৰিবলৈ নিয়া টকাখিনি আনৰ পৰা ল’ব নলগা হ’লে….. এশ দুশকৈ যোগাৰ কৰি সি বহুবাৰ স্বাৱলম্বী হৈছে। কিন্তু বিভিন্ন আহুকাল আহি তাক আকৌ এই অৱস্থালৈ লৈ আহে। হাতত দুপইচা ৰাহি ৰাখি চলা দিনকেইটা তাৰ বাবে যেন সোণালী দিন। কিন্তু সেই সোণালী দিনবোৰ হঠাৎ অহা কিছুমান এৰাব নোৱাৰা প্ৰয়োজনে তাৰ পৰা কাঢ়ি লৈ যায়। মালতীৰ টায়ফয়দ হোৱা বাৰ….. তাৰ হাতত দহ হাজাৰ মান জমা হৈছিল। সি ভাবিলে ভালেই হৈছিল, হাতত টকা জমা থাকোতে মালতীত বেমাৰ হৈছিল। এতিয়া হোৱা হ’লে কি কৰিলেহেঁতেন। টকা আকৌ আহিব, তেনেকৈ প্ৰয়োজনো আহিব বানে ধোৱা পথাৰৰ দৰে তাক লাওলোৱা কৰি যাব। কণমনিৰ ডায়েৰীয়া হোৱা বাৰো সেই একেই কথা। ছমাহমান আগতে সি আকৌ এবাৰ দীনদয়ালৰ পৰা টকা নলোৱাকৈ বজাৰলৈ যাব পৰা হৈছিল। কিন্তু ট্ৰেইনৰ পৰা দৌৰাদৌৰিকৈ বস্তা নমোৱাতে ভৰি ভাঙি দুমাহ বহোতে আকৌ এই অৱস্থা পালে।
এইবিলাক পাগুলি পাগুলি সি বজাৰ পালে। যোৱাৰাতি মালতীয়ে কৈছে বিপদৰ বাবে লুকাই থোৱা চাউলৰ টেমাটোত এপোৱামান চাউল আছে আৰু সেইখিনি ৰাতি ৰান্ধিছে। আজি সি বজাৰলৈ নাহিলহেঁতেন। কিন্তু দীনদয়ালৰ টকাৰ সুদৰ ওপৰত সুদ লগতে গালি। ইপিনে চাউল নাই। বন্ধৰ দিনতো কেতিয়াবা ৰাতিপুৱা বেপাৰ ভাল হয়। সিহঁত সৰু দোকানী গতিকে বন্ধৰ দিনত ৰাতিপুৱা অলপ সময় খুলিলে কেতিয়াবা ভাল বিক্ৰী হয়। কেঁচা তৰকাৰী। যোৱাকালি আধাও বিক্ৰী নহল। তদুপৰি গধূলিলৈ বহুত তৰকাৰী নষ্ট হৈ যাব। আজি দুপৰীয়া লঘোণ হ’ব। কিন্তু তাতকৈও ডাঙৰ চিন্তাটো হ’ল, দীনদয়ালক দিবলগীয়া টকাখিনি যোগাৰ নহ’লে সি কি কৰিব। পিছপিনৰ দুৱাৰ খুলি মাল বিক্ৰী কৰি আগপিনে অসমবন্ধ পালন কৰা ৰামলাল চাচাৰ দোকানৰ পিছৰ পৰা সি তৰকাৰীৰ বস্তা তিনিটা উলিয়াই আনি ফুটপাথত পোহাৰ মেলিলে। সি ৰাষ্টালৈ চালে, প্ৰায় জনশূন্য। দুই এজনে পিছপিনে খুলি ৰখা দোকানবিলাকত সোমাইছে আৰু হাতত সৰু-সুৰা টোপোলা লৈ ওলাই গৈছে। সি গ্ৰাহকৰ অপেক্ষাত ৰৈ আছে। অকলে অকলে তৰকাৰীসোপা আগত লৈ বহি থাকিব তাৰ মনটোত আচাং-ইচিং লাগিল। দুজনমান মানুহ তাৰ পিনে অহা দেখি তাৰ ভাল লগি গ’ল। যি কি নহওক বহ্নিটো অন্তত হ’ব। বাকী যি হয় হ’ব তিনিপোৱা চাউলৰ দামটো হলেও হ’ব।
গ্ৰাহক কেইজন ঠিক তাৰ সম্মুখ পাইছেহে মাথোন, হঠাৎ দুখন মটৰ চাইকেলত তিনিজনকৈ ছয়জন চেঙেলীয়া ডেকা তাৰ সম্মুখত ৰ’ল। সি প্ৰথমতে গ্ৰাহক বুলিয়েই ভাবিছিল। কিন্তু সিহঁতে তাক ধমকি দিয়াতহে বুজিলে যে তাৰ বেপাৰ বন্ধ কৰিবলৈহে আহিছে। সি লক্ষ্য কৰিলে তাৰ ওচৰলৈ আহি থকা মানুহকেইজনে একো নেদেখাৰ ভাও জুৰি আঁতৰি গ’ল। সি কিবা কোৱাৰ আগতে দুজনমানে তাৰ তৰকাৰীবিলাক নৰ্দমাত পেলাই দিলে আৰু মটৰ চাইকেলত উঠি তৰিৎ বেগে তাৰ পৰা আঁতৰি গ’ল। সি নৰ্দমাত ছেদেলি-ভেদেলি হৈ পৰি ৰোৱা তৰকাৰীৰ পিনে বিষণ্ণ বদনে চাই ৰ’ল। আজিও তাৰ তিনিপোৱা চাউল লোৱা ন’হল। আমন জিমনকৈ সি ঘৰলৈ খোজ ল’লে।