তিনিবাৰত নিবাৰ (এটা আধৰুৱা গল্প) (প্ৰতিভূ দত্ত)

(লিখকৰ দুআষাৰ: পাতনিতে সামৰণি : বহুতৰে ধাৰণা হ’ব পাৰে যে এইটো এটা সঁচা ঘটনা ৷ সেয়ে দৃঢ় ভাবে কওঁ, ‘‘এইটো এটা মনে সজা গল্প৷’’

 

বহুতেই সঁচা বুলি ভাবিব পাৰে কাৰণ, এই গল্পত থকা ভালেমান চৰিত্ৰৰ নাম মোৰ ভালেমান সহপাঠীৰ নামৰ সৈতে মিলি যায়৷ নামকেইটাহে মিলিছে, তাৰ বাহিৰে একো কথাতে কোনো ধৰণৰ সাদৃশ্য নাই৷

কথাবোৰ অলপ স্পষ্ট কৰি দিওঁ৷ হয় মোৰ ৰূমমেটৰ নাম মৃদু, মৃদুমলয় সোনোৱাল৷ তাৰ ভুতলৈ অকনমান ভয় নথকা নহয়৷ লগতে এইটোও সঁচা কথা যে সি এবাৰ ৰেলিং বেকা কৰিবলৈ যত্ন কৰিছিল৷ তাৰ বাহিৰে আন একো কথাতেই এই কাহিনীৰ মৃদুৰ সৈতে মোৰ প্ৰকৃত ৰূমমেটৰ সৈতে সাদৃশ্য নাই৷

দিবাকৰ, অনিৰ্বান, দীপক, নয়ন, ভাস্কৰ, কছম’ৰ বিশ্ব, কল্যাণ এইবোৰ মোৰ সহপাঠী আছিল৷ আমি একে লগে আছিলোঁ৷ গল্প এটা লিখোতে সিহঁতৰ নামবোৰকে দিবৰ মন গ’ল কাৰণে দি দিলোঁ৷ তাৰ বাহিৰে আন একো সাদৃশ্য নাই৷

উদাহৰণ স্বৰূপে শৌচাগাৰত দীপকে মৃদুৰ ৰখীয়া হোৱা নাছিল৷ বৰং সি আৰু মৃদুৱে মোৰহে ৰখীয়া হৈছিল৷ উদাহৰণ স্বৰূপে, আমাৰ লগত যি নয়ন আছিল সি বৰ সুখ্যাতিৰে পাছ কৰিছিল৷ বৰ্তমান সি স্থায়ীভাৱে ছিকাগো চহৰৰ বাসিন্দা৷ উদাহৰণ স্বৰূপে, পৰীক্ষা শেষ কৰি ছামিমৰ সৈতে পাৰ্টি নকৰা নহয়৷ পাছে বি.এন.ডেৰ এই পাৰ্টিৰ সৈতে একো সম্বন্ধ নাছিল৷ আমি পাৰ্টি অশোকাত কৰিছিলোঁ৷ এইটো যে এটা কল্পনাপ্ৰসূত গল্প তাৰ আন এক উদাহৰণ আমি ১৯৮৮ চনত উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা দিয়াই নাছিলোঁ, বৰং ১৯৮৯ চনতহে দিছিলোঁ৷

পাছে আৰু এটা সৰু কথাও নথকা নহয়৷ আমি পৰীক্ষা দিয়া বছৰ কিন্তু মঙলবাৰ আৰু শনিবাৰ এটাত ক্ৰমে মাধৱ আৰু বিপুলদাৰ চতিয়না গছজোপাৰ ওচৰত অলপ লতিঘটি নোহোৱা নহয়৷ মাধৱ এতিয়া এখন চিকিৎসা মহাবিদ্যালয়ত সহকাৰী অধ্যাপক হিচাবে কৰ্মৰত৷ বিপুলদা এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ O.S.D৷ পাছে তেওঁলোকৰ কথা মই ইয়াত লিখা নাই৷

বাকী কোনো ল’ৰা পৰীক্ষাৰ নামত শিলিগুড়ীলৈ গুছি যোৱা নাছিল।)

====================

 

হোষ্টেলত আমাৰ এটা নিয়ম আছিল৷ নিশা ভাত খাই উঠি আমি কেইটামানে মানৱৰ ৰূমলৈ গৈ আড্ডা মাৰোঁ৷ ছিগাৰেট, চাধা আৰু আড্ডাৰ প্ৰায় আধা ঘন্টামানৰ এটা ভাল লগা বিৰতি৷ মানৱ যায় অনিৰ্বানৰ ৰূমলৈ৷ সিহঁতে বোধহয় ফিজিক্স, কেমেষ্ট্ৰীৰ  কথা পাতে৷ দহ বজাৰ লগে লগে মানৱ নিজৰ ৰূমলৈ উভটি অহাৰ লগে লগে আমাৰ আড্ডাৰ অন্ত পৰে৷ নিজৰ নিজৰ ৰূমলৈ উভটি আহোঁ৷

উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা আৰম্ভ হ’ল৷ মানৱৰ ৰূমৰ আড্ডা নিয়ম মাফিক চলি আছে৷

১৯৮৮ চনৰ ফেব্ৰুৱাৰী নে মাৰ্চ মাহৰ কোনো এক মঙলবাৰৰ কথা৷ মাহটো পাহৰিলোঁ যদিও মঙলবাৰ বুলি মনত আছে৷ কিয়, কেনেকৈ আপোনালোকে বুজি পাব সময়ত৷

সেই মঙলবাৰৰ নিশা আমাৰ আড্ডা চলি আছে৷ এপাকত কোনোবা এটাই মাত লগালে, ‘‘আৰে এঘাৰ বাজিবৰ হ’ল দেখোন! মানৱ অহা নাই যে?’’ ‘‘এঘাৰ বাজিবৰ হ’ল ???’’ দৌৰা-দৌৰিকৈ নিজৰ নিজৰ ৰূমলৈ উভটিলোঁ৷ দুটামানে মানৱক বিচাৰিবলৈ ধৰিলে৷ ৰূমলৈ আহিয়ে মই বিচনাত উঠিলোঁ, ৰূমমেট মৃদু পঢ়া টেবুলত বহিল৷ চকু দুটা মুদিবলৈ নৌ পাওঁতেই বাহিৰত হুলস্থুল এটা শুনিলোঁ৷ ‘কি হৈছে অ’ মৃদু?’ মৃদু পঢ়াৰ পৰা উঠি বাহিৰলৈ ওলাই গ’ল৷ অলপ পাছতে সি দৌৰ মাৰি আহি মোক বিচনাৰ পৰা উঠাই ক’লে, ‘‘ব’ল ব’ল! মানৱক বিচাৰি পাইছে৷’’ টিঙিচ্‌ কৈ খঙটো উঠি আহিল৷ ‘‘মানৱক যদি বিচাৰি পালেই তেনেহ’লে আকৌ বাহিৰলৈ কিয় যাব লাগে?’’ ‘‘এহ্ তই ব’ল না!’’ উপায় নাপায় বাহিৰলৈ ওলাই আহিলোঁ৷ মানৱৰ ৰূমত সকলোৱে ভিৰ কৰিছে৷ গৈ দেখো মানৱ শুই আছে বিচনাত৷ কোনোবাই তাৰ মূৰত তেল মালিছ কৰিছে, আন এটাই গৰম হৰলিক্স খুৱাবলৈ যত্ন কৰিছে৷ মই ধৰিব পৰা নাই কি হৈছে৷ সংকল্পৰ পৰাহে গম পালো ঘটনাটো কি৷ আমাৰ হোষ্টেলৰ খোৱা ঘৰটোৰ পাছফালে এজোপা চতিয়না গছ আছে৷ তাৰ কাষতে দেৱালৰ ওচৰত এটা প্ৰস্ৰাৱগাৰ আছে৷ ৰাতি মানৱ হেনো তালৈ যাওঁতে কোনোবাই তাক পাছ ফালৰ পৰা গতা মাৰি দিলে৷ কোনে গতা মাৰি দিলে সি গম নাপালে৷ সংকল্পই হেনো পেচাব কৰিবলৈ যাওঁতে মানৱক চতিয়না গছৰ ফেৰেঙণিত ওলমি থকা অৱস্থাত দেখি নমাই আনিলে৷

‘‘ধুই আজি বেছিকৈ ‘পু টানিলে’ চাগৈ! টোপনিৰ জালত গৈ গছতে শুলে গৈ৷ ব’ল ব’ল আমিও শুই থাকোঁ৷’’ মানৱৰ কথা নাজানোঁ, মোৰ চকু জাপ খাই আহিছে৷ মই নিজৰ ৰূমলৈ উভটি আহিলোঁ৷ মৃদু থাকি গ’ল৷ সি যে গোটেই খবৰখিনি লৈ আহিব মই জানোঁ৷ এনেকুৱা ধৰণৰ কথাবোৰত তাৰ বৰ আগ্ৰহ৷ সময় কিমান হৈছিল নাজানোঁ, কিন্তু টোপনিৰ মাজতে এবাৰ চকু দুটা মেলি দেখিলোঁ মৃদু পঢ়া টেবুলত বহি আছে৷ এপাকত সি আহি মোক মাত দিলে, ‘‘আজি কি বাৰ তই জান নে?’’ ‘‘কুকুৰ! এক গোৰ মাৰি দিম৷ ৰাতিখন কিহৰ কুইজ পাতিছ?’’ ‘‘অই, তই জান’নে আজি মঙলবাৰ৷’’ ‘‘মৃদু, মোক এতিয়া শুব দে৷ আৰু এতিয়া মঙলবাৰ হৈ থকা নাই৷ বুধবাৰ হ’ল৷ বৃহস্পতি আৰু শুকুৰবাৰ পাৰ হ’লেই শনিবাৰে ফিজিক্স আছে৷ তোৰ কথা নাজানোঁ, মোক শুব দে৷’’ ‘‘নহয় অ’ মানৱ যে ওলমি আছিল সেইদিনা মঙলবাৰ আছিল৷’’ ‘‘আব্বে ছন! মানৱ ওলমি থকাৰ লগত মঙলবাৰ বুধবাৰৰ কি কথা আছে?’’ ‘‘ধেই তই নাজান’ নেকি?’’ মই আঠুৱাৰ তলত বহি ল’লোঁ৷ ‘‘মই কি নাজানোঁ?’’ ‘‘ৰাজাই কৈছে মঙলবাৰে হেনো ভুত ওলায়৷ কথাটো হয় নেকি?’’ ‘‘মঙলবাৰ? ভুত? পাগল হৈছ’ নেকি? মানে তহঁতে কথা পাতিলি মানৱক ভুতে গতা মাৰিছিল? কাম নাই আৰু! আব্বে, সি আগতে তেতিয়াও মনিপুৰী মাল টনা নাই৷ যোৱাকালি বেছি হৈছিল৷ হয়ে তেনেকুৱা৷ শুই থাক এতিয়া৷’’ ‘‘নহয় মানে..’’। ‘‘মৃদু মা কছম কৈছোঁ! তই আৰু এবাৰ ভুতৰ নাম ল’বি আৰু মই তোক টানি নি মুতনীত পেলাই থৈ আহিম৷ শুব দে!’’

বুধবাৰে পুৱাই গম পালোঁ, হোষ্টেলত বহুতকে মঙলবাৰৰ ভুতে পালে৷ কেইবাটায়ো ভুতৰ কথা পাতি আছে৷ আমি এইবোৰ বিশ্বাস নকৰা কেইটাই চাহ খাই খাই বেলেগ কথাত মন দিলোঁ৷ আৰে ভাই এই কুৰি শতিকাত গুৱাহাটীৰ মাজ মজিয়াত ভুতৰ কথা পাতিম নেকি? ‘‘মালবিকাক যোৱা কালি লাগিছিল কিন্তু..’’, ‘‘ডিম্পীক আকৌ কেতিয়া লগ কৰিবি ?…’’,‘‘শনিবাৰে ফিজিক্স শেষ কৰি বি.এন.ডেৰ পৰা হাফ এটা আনিম দেই ৷’’ … ইত্যাদি ইত্যাদি৷ বুধ, বৃহস্পতি পাৰ হৈ শুকুৰবাৰ পালে গৈ৷ ফিজিক্সত ফেইল মাৰিম যেনেই লাগিছে৷ কল্যাণ, ভাস্কৰহঁতৰ ওচৰত টিউচন ল’ব লগা অৱস্থা এটা হৈছে৷ মই পঢ়া টেবুলৰ পৰা উঠিবলৈকে সাহস কৰিব পৰা নাই৷ মাজে মাজে কোনোবা এটাই আহি ছিগাৰেট বা মনিপুৰৰ পৰা অহা বিধ দি যায়৷ তাৰ মাজতে এপাকত মৃদুৱে মাত লগালে, ‘‘অই গৰু! কাইলৈ শনিবাৰ তই জাননে?’’ ‘‘নাজানিম? কাইলৈ মোৰ বিয়া৷ কুকুৰ ফিজিক্স আছে, ফিজিক্স! @#$ পাগল হৈ যাম৷’’ ‘‘তই খালি ফিজিক্স ফিজিক্সকৈয়ে থাক’৷ আব্বে কাইলৈ শনিবাৰ৷ কাক বা নিয়ে কাইলৈ!’’ মই মৃদুৰ ফালে চাই সুধিলোঁ, ‘‘কাক বা নিয়ে মানে? কোনে, ক’লৈ নিব?’’ ‘‘গৰু, তোকেই নিব! নাস্তিক ছালা!! ভুত মঙলবাৰে ওলায় আৰু শনিবাৰে ওলায়৷ কাইলৈ শনিবাৰ আৰু মই কৈছোঁ চাই থাক, তোকে নিব৷’’ ‘‘অই মৃদু, তোক এইবোৰ ৰাজাই কৈছে নে?’’ মৃদু মনে মনে আছে৷ ‘‘চা মৃদু, তই ডাঙৰীৰ পৰা আহিছ’, পঢ়ি শুনি মানুহ হ’বলৈ৷ এই ৰাজা কুকুৰৰ কথা শুনি শুনি নিজৰ মৰণ চপাই নল’বি৷ পঢ়া শুনাত মন দে৷ আৰু শনিবাৰে যদি ভুত ওলায় দেখা যাব৷ তই ভয় খাব নালাগে৷ মোৰ ওচৰত ভুতৰ তাবিজ আছে৷’’ ‘‘দেখা, দেখা!’’ ‘‘শুই থাক৷ কাইলৈ দেখাম৷’’

শনিবাৰ, বিয়লি ৫ মান বাজিছে৷ পৰীক্ষা দি, বন্ধুৰ দোকানত আড্ডা মাৰি, ছোৱালী জোকাই হোষ্টেল আহি পালোঁ৷ দূৰৰ পৰায়ে দেখিলোঁ, খোৱা ঘৰৰ পাছফালে থকা চতিয়না গছজোপাৰ ওচৰত ল’ৰাৰ ভিৰ লাগিছে৷ তাৰ মানে শনিবৰীয়া ভুত ওলাল নেকি?

গম পালো মঙলবাৰৰ দৰেই ঘটনা৷ এইবাৰ কোনোবাই দিন দুপৰতে বিমানদাক গতা মাৰি দিলে৷ পাৰ্থক্য ইমানেই যে বিমানদা চতিয়না গছৰ সলনি পৰিল গৈ প্ৰসাবখিনিৰ ওপৰত৷ মই গৈ পাওঁতে যো-জা চলিছে বিমানদাক তাৰ পৰা তুলি গা ধোৱা ঘৰৰ ওচৰত থকা পানীৰ চৌবাচ্ছা দুটাৰ ওচৰলৈ লৈ যোৱাৰ৷ তাৰ পাছত তেওঁক তাতেই পৰিস্কাৰ কৰা হ’ব৷ বিমানদাৰ সৈতে ব্যস্ত থকা কেইজনৰ বাহিৰে বাকী সকল ব্যস্ত হ’ল ভুতৰ চাল-চলন, ভুতৰ বৈশিষ্ট, ভুতৰ হবি আদিৰ ওপৰত আলোচনাত৷ নক’লেও হ’ব, মৃদু সেই আলোচনাৰ অংশ লোৱা সকলৰ ভিতৰৰ এজন অন্যতম৷

ৰাতি ভাত খাই উঠি মন কৰিলো পেচাব কৰিবলৈ চতিয়ান জোপাৰ ফালে কোনো যোৱা নাই৷ যোৱা নাই মানে ভুত বিশ্বাস নকৰা সকলো যোৱা নাই৷ মানৱৰ ৰূমৰ আড্ডা মঙলবাৰেই শেষ বাৰৰ বাবে বহিছিল৷ গতিকে মই পোনে পোনে নিজৰ ৰূম পালোঁগৈ৷ পাছৰ মঙলবাৰে কেমেষ্ট্ৰী আছে৷ অৰগেনিকে খাই দিব যেন আশংকা এটা বহু দিনৰে পৰা আছে৷ পঢ়িবলৈ বহিলোঁ ৷ মৃদু আহি ৰূম সোমাইছেহে৷ মই মাত দিলো, ‘‘মৃদু এই খুকুৰীখন দেখিছ? ভুতৰ কথা যদি ভুলতেও তোৰ মুখৰ পৰা ওলাই, এইখন তোৰ পেটত ভৰাই দিম৷’’ মৃদুৱে মোৰ কথাত বিশেষ গুৰুত্ব নিদি পঢ়াত বহিল৷ মাজে মাজে সি ভোৰভোৰাবলৈ ধৰিলে, ‘‘তিনিবাৰত নিবাৰ, তিনিবাৰত নিস্তাৰ নাই৷ তিনিবাৰত নিবাৰ, তিনিবাৰত নিস্তাৰ নাই৷’’ মই মনতে ভাবিলোঁ ই পঢ়িছে কি? ‘‘এই গৰু, কি কৈ আছ’?’’ ‘‘আব্বে তই হৈছ’ নাস্তিক মানুহ৷ তই ভুতৰ কথা কি জানিবি? ভুতে তিনিবাৰ গতা নামাৰে৷ এইবাৰ লৈ যাব৷ মঙলবাৰে নিব বুলি কৈছে৷’’ অৰগেনিক, ইনঅৰগেনিকে মোক বাপ বাপ দেখুৱাই দিছে৷ মনতে ভাবিলো মৃদুৰ সৈতে অকনমান ভুতৰ কথা পাতি ল’লে মনটো পাতল হ’ব৷ ‘‘ৰাজাই কৈছে নেকি? সি ইমানবোৰ কথা কেনেকৈ জানিলেনো?’’ ‘‘ৰাজাহঁতৰ ঘৰৰ ওচৰতে এখন কালীবাড়ী আছে৷ তাৰ আহঁতগছ জোপাৰ তলত হেনো এজন নাগা সন্যাসী থাকে৷ তেওঁৰ পৰাই ৰাজাই ভুতৰ বহুতো কথা শিকিলে৷ তই জাননে আমাৰ দৰে ভুতৰো এখন পৃথিৱী আছে?’’ ‘‘ভুতৰ পৃথিৱী?’’ ‘‘আব্বে সেইখন পৃথিৱী নহয় আমাৰ বিশ্বব্ৰহ্মাণ্ডখনৰ দৰেই এখন ভুতৰ বিশ্বব্ৰহ্মাণ্ড৷ ভুতে মানুহবোৰ টান মাৰি হেনো তালৈ লৈ যায়৷ আমাৰ ইয়াত যিবোৰ বস্তু আছে তাতো সেইবোৰ বস্তু থাকে৷’’ মৃদুৰ কথা শুনি অলপ ভয় খালোঁ৷ ভুতে টান মাৰি লৈ যাব সিহঁতৰ বিশ্বব্ৰহ্মাণ্ডখনলৈ সেইখিনিলৈকে কথাটো ঠিক আছে৷ এইখন বিশ্বব্ৰহ্মাণ্ডত বৰ বিশেষ একো কৰিব পৰা নাই৷ নতুন এখনত কিবা এটা ভাল হ’বও পাৰে৷ কিন্তু আমাৰ বিশ্বব্ৰহ্মাণ্ডখনৰ দৰে যে সকলো বস্তু তাতো আছে সেই কথাটোত ভয় লাগি গ’ল৷ তালৈ গৈ যদি ভুতৰ ফিজিক্স, কেমেষ্ট্ৰী পঢ়িব লাগে পগলা হৈ যাব লাগিব!

মৃদুৱে ৰাজাৰ পৰা শিকি অহা নাগা সন্যাসীৰ ভুত-তত্ত্বৰ ওপৰত ভাষণ দি গ’ল৷ লৱনুদাৰ মুখত universe mutliverse ৰ কথা শুনিছিলোঁ৷ সঁচাকৈয়ে বাৰু আমাৰ ব্ৰহ্মাণ্ডখনৰ সমান্তৰালকৈ আন এখন ব্ৰহ্মাণ্ড আছে নেকি? মৃদুৰ ভাষণ কেতিয়া শেষ হ’ল ক’ব নোৱাৰোঁ৷ পাছদিনা পঢ়া টেবুলত বহি Modern Approach To Chemistry খন পৌৰাণিক যুগৰ গ্ৰন্থ যেন হে লাগিবলৈ ধৰিলে৷ ভুতৰ জগতৰ কেমেষ্ট্ৰী কেনেকুৱা হ’ব সেই কথা জানিবলৈহে বেছি মন গ’ল৷ এনেও পৰীক্ষাৰ ৰিজাল্টৰ পাছত মই ভুতেই হ’ব গৈ লাগিব৷

ৰাজাৰ ৰূম পালোঁগৈ৷ ‘‘অই তোৰ মতে বাৰু মঙলবাৰে ভুত ওলাব নেকি?’’ ৰাজাই আচৰিত হৈ মোৰ ফালে চালে, ‘‘ওলাব নেকি মানে? আৰে ভুত সদায়ে থাকে, সদায়ে ওলায়৷ কিন্তু মঙলবাৰ আৰু শনিবাৰে সিহঁতে মানুহ টানি নিয়ে৷’’ ‘‘তই ভুত দেখিছ?’’ ৰাজাই ঢেক-ঢেকাই হাঁহি দিলে, ‘‘আৰে আমি ভুত দেখা নাপাওঁ৷ সিহঁতে আমাক দেখি থাকে কিন্তু৷ আচল কথা কি জান’ নে? আমি ভুত দেখা নাপাওঁ এই কথাটোও একদম ১০০ % সঁচা নহয়৷ পাওঁ দেখা, কিন্তু বুজি নাপাওঁ৷’’ ‘‘আব্বে কি বকি আছ অ? দেখা নাপাওঁ, দেখা পাওঁ!’’ ‘‘ভুত আহি আমাৰ কাৰোবাৰ শৰীৰত সোমাই যায়৷ ধৰ আহি মোৰ শৰীৰতে সোমাই গ’ল৷ তই ভাবি থাকিবি মই তোৰ চিনাকী গোলোকগঞ্জৰ ৰাজা৷  কিন্তু মই আচলতে এটা ভুত৷ দুদিন তোৰ সৈতে কথা পাতি থাকিম৷ তাৰ পাছত শনিবাৰ বা মঙলবাৰে লৈ যাম তোক আমাৰ দুনীয়ালৈ৷ তই গমেই নাপাবি তোৰ চিনাকীবোৰৰ মাজতে কেইটা ভুত আছে৷’’ তাৰ পাছতে ৰাজাই হা হা কৈ আচৰিত ধৰণে হাঁহিবলৈ ধৰিলে৷ এনে অৱস্থা পালেগৈ যে তাৰ মুখেৰে লেলাউটি ওলাই গ’ল৷ তাৰ ৰূপ দেখি মোৰ সন্দেহ হ’ল ই ‘গোলোকগঞ্জৰ ৰাজা’ নে ‘ভুত ৰাজা’৷ ‘‘অই মই কছম’(cosmo)ৰ পৰা আহোঁগৈ৷ বিশ্বৰ পৰা ন’ট্‌ছ্‌ অকনমান আনিবলৈ আছে৷ তই থাক৷’’ ‘‘সাৱধানে থাকিবি৷’’

বিশ্বৰ তালৈ গৈ থাকোঁতে চিন্তা কৰি গ’লোঁ ৰাজাই কোৱা কথাবোৰ৷ অন্ততঃ এটা সঁচা কথা কৈছে সি৷ ‘‘তই গমেই নাপাবি তোৰ চিনাকীবোৰৰ মাজতে কেইটা ভুত আছে৷’’ মই কেইবাটাও ভুতক চিনি পাওঁ৷ বিশ্বৰ তাৰ পৰা ন’ট্‌ছ্‌ আনি পঢ়িবলৈ আৰম্ভ কৰিলোঁ৷ অকনমান পঢ়িয়ে বুজিলোঁ মোক ভুতে পালে৷ পঢ়াত মন বহাব নোৱাৰা হৈছোঁ৷ ৰাজাৰ ৰূমলৈ খোজ দিলোঁ৷

মঙলবাৰ আহিল৷ কেমেষ্ট্ৰী পৰীক্ষা শেষ হ’ল৷ সেই নিশা ভাত-পানীও সোনকালেই খালোঁ৷ দহমান বজাত আহি ৰূম সোমালোঁ৷ মঙলবৰীয়া ভুতৰ কথা মনৰ পৰা আঁতৰি যোৱা নাই৷ মৃদুক সুধিলোঁ, ‘‘অই একো হোৱা নাই দেখোন!’’ ‘‘হ’ব ৰ৷ মঙলবাৰ এতিয়াও শেষ হোৱা নাই৷ ৰাজাই কৈছে তিনিবাৰত নিবাৰ৷’’ ‘‘অই এই ‘নিবাৰ’ মানে কি?’’ ‘‘নাজানো মই৷ ৰাজাই কৈছিল সেইদিনা৷ নিবাৰ মানে লৈ যোৱা নেকি জানো!’’

মই নিবাৰ-চিবাৰ বাদ দি পঢ়াত মন দিলোঁ৷ কেমেষ্ট্ৰী বেয়া হোৱা নাই৷ অহা শনিবাৰে অংক আছে৷ যেনে তেনে পাছ কৰিব পাৰিলেই হ’ব৷

অকনমান পাছতে দুৱাৰত কোনোবাই টক-টকালে৷ সঁচা কথা কৈছোঁ মৃদুৰ সৈতে ময়ো উচপ খাই উঠিলোঁ৷ মনতে ভাবিলোঁ, ‘‘ভুতে দুৱাৰত টোকৰ মাৰি আহে নেকি বাৰু? ৰাজাক সোধা নহ’ল নহয়৷’’  সাহস গোটাই সুধিলোঁ, ‘‘কোন?’’ সিফালৰ পৰা বিজয় দাস দাদাৰ মাত, ‘‘নয়ন আছে নেকি তোমালোকৰ ৰূমত?’’ বাহিৰলৈ ওলাই আহিলোঁ৷ দেখিলোঁ আৰু দুটামান ৰৈ আছে৷ তাৰ মাজতে ৰাজাও আছে৷ মনতে ভাবিলোঁ, ‘‘এইবোৰ বাৰু মই চিনি পোৱা মানুহবোৰ নে ভিন্ন জগতৰ পৰা অহা কোনোবা ভুত?’’ কোনোবাই কৈছে, ‘‘আছে সি বেলেগ কৰ’বাত৷’’ আন এটাই কৈছে, ‘‘চিনেমা চাবলৈ গৈছে৷’’ বিজয়দাৰ খং উঠি আহিল, ‘‘সি কিয় চিনেমা চাবলৈ যাব? যোৱা দুবছৰত সি এখনো চিনেমা চোৱা নাই৷ এতিয়া সি পৰীক্ষাৰ মাজত চিনেমা চাবলৈ যাব?’’ ৰাজাই মাত লগালে, ‘‘নয়নে চিনেমা চাব নাযায়৷ তাক ভুতেই নিলে৷ তিনিবাৰত নিবাৰ৷’’ মই মনতে ভাবিলোঁ ৰাজাই কেনেকৈ ইমান নিশ্চিত হৈ কথাবোৰ কৈছে৷ মন কৰিলো মৃদুৱে মোৰ হাতত খামোছ মাৰি ধৰিছে৷ এঘাৰমান বজিল৷ নাইট শ্ব’ চাই বিভিন্ন চিনেমা হ’ল পৰা দলে দলে ল’ৰাবোৰ উভটি আহিল৷ এটা দলটো নয়ন নাই৷ ইতিমধ্যেই হোষ্টেলৰ সকলোবোৰ ল’ৰা আহি সৰু ফিল্ডখনত জুম বান্ধিলে৷ সকলোৰে চকু-মুখত এক উৎকন্ঠাৰ চিন৷ ভাগে ভাগে ল’ৰা ওলাল৷ এটা দল গ’ল থানালৈ এজাহাৰ দিবলৈ৷ আন এটা দল গ’ল মহেন্দ্ৰ মোহন চৌধুৰী হস্পিতালৰ ইমাৰ্জেঞ্চীত খবৰ কৰিবলৈ৷ বহুতেই ধাৰণা কৰিছে কৰ’বাত কিবা এটা দুৰ্ঘটনাত নয়ন আহত হৈছে চাগৈ৷ ৰাজাৰ নেতৃত্বত আন এটা দল ওলাল খাল-ডোং, আহঁত গছ – বট গছবোৰ নিৰীক্ষণ কৰিবলৈ৷ সেই দলটোৱে ধাৰণা কৰিছে ‘তিনিবাৰত নিবাৰ’৷ ভুতে নয়নক লৈ গ’ল৷

আমি কেইটামান হোষ্টেলতে ৰৈ গ’লোঁ৷ ভবেন কাইৰ লগত ছুপাৰ ছাৰো আহিল৷ মৃদুৱে মাত দিলে, ‘‘ধৰি ল’ ভুতে নয়নক লৈ গ’ল৷ ৰাজাহঁতে তাক আহঁত গছ এজোপাত বিচাৰি পালে৷ তেতিয়া কি হ’ব?’’ ‘‘আব্বে মাইকেল!!!! তাক গছৰ পৰা নমাই আনিব৷ তাৰ পাছত দিবাকৰে তাক হৰলিস্ক খুৱাব আৰু আমি গৈ শুই থাকিম৷’’ মৃদুৱে লাহেকৈ ক’লে, ‘‘নহয় অ’, মই সুধিছোঁ সেইটো আমাৰ নয়ন নে ভুতৰ নয়ন?’’ মোৰ খং উঠি গ’ল, ‘‘তই মনে মনে থাকচোন৷’’ আচলতে মৃদুৰ কথা শুনি খং যিমান উঠিছিল তাতকৈ ভয় বেছি খালোঁ৷ মনতে ভাবিলোঁ, ‘‘শনিবাৰে শেষ পৰীক্ষা৷ তাৰ পাছত হোষ্টলৰ ফালে ঘূৰিও নাচাওঁ৷ এই ভুতবোৰৰ লগত নাথাকোঁ৷’’ এটা এটা কৈ তিনিওটা দলেই উভটি আহিল৷ থানাৰ পৰা উভটি অহা দলটোৱে জনালে এজাহাৰ দিয়া হৈ গ’ল৷ লগতে এইটোও জনালে যে গুৱাহাটীত যোৱা কেইঘন্টামানত কোনো পথ দুৰ্ঘটনা ঘটা নাই৷ হস্পিতালৰ পৰা উভটি অহা দলটোৰ মতেও ‘মহেন্দ্ৰ মোহন’ত কোনো আহত যুৱক ভৰ্তি হোৱা নাই৷ মৃদুৱে প্ৰশ্ন কৰিলে, ‘‘যুবক হোৱা নাই যদি কোনোবা যুৱতী হৈছে নেকি? ৰাজাই কৈছে ..’’ মই মৃদুৰ হাতত টান মাৰি দিলোঁ৷ সি মনে মনে থাকিল৷ হাতত জোৰ লৈ লৈ ৰাজাৰ দলটোও আহিল৷ ‘‘কি পালি?’’ ‘‘নাই নয়নক নাপালোঁ৷ কিন্তু বেলেগ এটা বস্তুহে দেখা পালোঁ৷ তাৰ মানে ……..’’ ‘‘কি দেখা পালি?’’ ‘‘এজোপা আহঁত গছৰ ডাল এটা ভাগি মাটিত পৰি আছে৷’’ ‘‘কি পৰি আছে? আহঁত গছৰ ডাল? তাৰ লগত নয়নৰ কি সম্পৰ্ক?’ মই ৰাজাৰ মুখখন ভালকৈ মন কৰিলোঁ৷ দেখিবলৈ গোলোকগঞ্জৰ ৰাজা যেনেই লাগিছে! ‘‘মানে ভুতে যেতিয়া কাৰোবাক লৈ যায় তেতিয়া চিন হিচাবে গছৰ ডাল ভাঙি থৈ যায়৷’’ ছুপাৰ ছাৰে গল হেকাৰী এটা মাৰি ক’লে, ‘‘যোৱা যোৱা, তোমালোক শুই থাকাগৈ৷ ময়ে কাইলৈ কিবা এটা কৰিম৷ ময়ো যাওঁ এতিয়া৷’’ ছুপাৰ ছাৰ গ’লগৈ৷ আমি ৰাজাৰ আশে পাশেই থাকি গ’লোঁ৷ মই আৰু মৃদু অৱশ্যে ৰাজাৰ পৰা যিমান পাৰি সিমান দূৰৈত অৱস্থান কৰিলোঁ৷ মোৰ কিয় জানো মনতে ৰাজাৰ ওপৰত এটা সন্দেহ হ’বলৈ ধৰিলে৷ অকনমান সময় পাছত আমি দুয়ো ৰূমলৈ ঘুৰি আহিলোঁ৷ মই বিচনাখনত আঠুৱা লগাবলৈ ধৰিলোঁ৷ মৃদু পালেগৈ খিৰিকিখনৰ ওচৰ৷ সি কি কৰি আছে মই বৰ মন কৰা নাই৷ মৃদুৱে গালি পৰাৰ দৰেই ক’লে, ‘‘অই গৰু, অকনমান হেল্প কৰ না!’’ ঘুৰি চাই দেখোঁ সি খিৰিকিৰ ৰেলিঙ কেইডাল টানি আছে৷ ‘‘অই অই কি কৰিছ’?’’ ‘‘দেখা নাই নেকি? বেকা কৰিছো৷’’ ‘‘বেকা কৰিছ’? কিয়?’’ ‘‘আব্বে গৰু! বাকীবোৰৰ ৰূমত দুখন দুখন দুৱাৰ আৰু আমাৰ মাত্ৰ এখন দুৱাৰ নাজান’ নেকি?’’ ‘‘জানোঁ, কিন্তু তাতে কি হ’ল?’’ ‘‘ধেই টান না! ভুত এখন দুৱাৰেৰে সোমালে বাকীবোৰ আনখনেৰে পলাব৷ আমি কেনেকৈ পলাম?’’ ‘‘তাৰ মানে ভুত যদি দুৱাৰেদি আহে আমি খিৰিকিৰে পলাম!!’’ হে প্ৰভু কোনে এইটোক বুজাব ‘‘কানুনৰ দৰে ভুত কা হাথ ভি লম্বে হ’তে হ্যায়!’’ উপায় নাপায় মৃদুৰ সৈতে ৰেলিঙৰ লোহা টানিবলৈ ধৰিলোঁ৷ লোহা টানি থাকোতে মৃদুৱে সুধিলে, ‘‘ছুপাৰে যে কৈছে কাইলৈ কিবা এটা কৰিব তাৰ মানে কি?’’ ‘‘মৃদু মই একো নাজানোঁ আৰু শুন এই লোহা বেকা নহ’ব৷ এতিয়া শুই থাক৷ ৰাতিপুৱা কিবা এটা কৰিম৷’’ ‘‘নহয় যদি আজি ৰাতি….’’ ‘‘শুই থাক বুলি কৈছোঁ নহয়৷’’

শুবলৈ চেষ্টা কৰিলো যদিও টোপনি নাহিল৷ বাৰে বাৰে দুৱাৰখনৰ ফালেই চাই থাকিলোঁ৷ কেতিয়ানো চকু দুটা জাপ খালে গম নাপালোঁ৷  পুৱা বাহিৰত মেল আৰম্ভ হ’ল৷ শনিবাৰে অংক, আজি বুধবাৰ৷ অকনমান আড্ডা মাৰি ল’ব পাৰি৷ খোৱা ঘৰ আৰু আমাৰ ব্লকৰ মাজৰ খালী ঠাইডোখৰতে কেইবাটাও বহি, থিয়হৈ আড্ডা মাৰি আছে৷ নক’লেও হ’ব আড্ডাৰ বিষয় বস্তু – নয়নৰ আকস্মিক অন্তৰ্ধান আৰু ৰাজৰ ভুত সম্পৰ্কীয় ভাষণ৷ বিশেষ নতুন তথ্য বা খবৰ একো ওলোৱা নাই৷ অকনমান সময় কথা-বতৰাবোৰ শুনি বুজিলোঁ ৰাজৰ কথাত উপস্থিত ৰাইজ লাহে লাহে অতিষ্ঠ হ’বলৈ ধৰিছে৷ সি মুখ মেলিলেই কোনোবা নহয় কোনোবাই তাক হয় বাধা দিয়ে নহয় ‘ডাউন’ দিয়ে৷ ‘‘আব্বে ৰাজা বন্ধ ক’ৰ তোৰ এই ফাটা লেকচাৰ!’’ ‘‘আজিৰ তাৰিখত তই এনেকৈ ভুতৰ কথা কৈ কৈ মাথা গৰম কৰি নাথাকিবি!’’ মই মনতে ভাল পালোঁ৷ ভুতৰ এংগলটো নাই যেতিয়া নয়নৰ অন্তৰ্ধানত মৃদুৰ আগ্ৰহ কমি আহিব৷ ৰূমত অন্ততঃ পঢ়া শুনাত মন দিব পাৰিম৷

ৰূমলৈ আহিবলৈ লওঁতেই দেখিলোঁ তামোল চোবাই চোবাই ভবেনকাই আহি আছে৷ ‘‘আপোনালোকে জানে নে এই হোষ্টলৰ আচল কাহিনী?’’ ‘‘হোষ্টেলৰ আচল কাহিনী? সেইটো আকৌ কি ?’’

ভবেনকায়ে আৰম্ভ কৰিলে হোষ্টেলৰ আচল কাহিনী৷ ‘‘এইটো কলেজ হোষ্টেল হ’ল ১৯২৯ চনত৷ কিন্তু বৃটিছ সকলে এইটো ১৯১৪-১৫ চন মানতে সাজিছিল৷ প্ৰথম বিশ্বযুদ্ধৰ সময়ত এইটো এখন হস্পিতাল আছিল৷ আৰু আপোনালোকে এই ৰূমটো দেখিছে?’’ আমি আটায়ে ভবেনকায়ে দেখুৱাই দিয়াৰ ফালে চাবলৈ মুৰ ঘুৰালোঁ৷ তেওঁ আচলতে দেখুৱাইছে এটা বন্ধ গুদাম ঘৰৰ ফালে৷ আমি কেনেও একো নোকোৱা দেখি ভবেনকায়ে মাত লগালে, ‘‘এইটো বৃটিছসকলে মৰ্গ হিচাপে ব্যৱহাৰ কৰিছিল৷’’ মৰ্গ শব্দটো শুনাৰ লগে লগে গুদামৰ ফালে ঠিয় হৈ থকা দুটামান একে জাপে আহি আমাৰ ওচৰ পালেহি৷ লৱনু দা নে কোনোবা এজন ছিনিয়ৰে অলপ জেৰা কৰাৰ দৰেই ভবেনকাইক সুধিলে, ‘‘আমাৰ এই হোষ্টেলত তিনিবছৰ হ’ল হে৷ আজিলৈ শুনা নাই ইয়াত হস্পিতাল আছিল৷ আপুনি আকৌ কৈছে মৰ্গৰ কথা!’’ ভবেনকায়ে তামোলৰে ৰঙা হৈ থাক দাঁত কেইটা উলিয়াই ধেক ধেকাই হাঁহি ক’বলৈ ধৰিলে, ‘‘কেই বছৰ হ’ল? তিনি বছৰ? মোৰ ৩০ বছৰ হৈ গ’ল৷ হাঃ হাঃ মোক সুধিছে কেনেকৈ গম পালোঁ? হাঃ হাঃ বহু কথাই জানোঁ৷’’ ভবেনকাইৰ ৰূপটো দেখি মোৰ মনতে সন্দেহ হ’ল ৰাজাই যে কৈছিল ভুতে মানুহৰ শৰীৰত সোমাই যায় আৰু আমি গমকে নাপাওঁ মানুহ নে ভুত৷ এইজন বাৰু কোন? আমাৰ ভবেন কাই নে ভুতৰ ভবেন কাই?

ভবেন কায়ে আকৌ ক’বলৈ আৰম্ভ কৰিলে, ‘‘মই জানোঁ কোনটো ৰূমত কোনে চিপজৰী লৈছিল৷ মই জানোঁ হোষ্টেলত মাজে মাজে কিয় জুনুকাৰ মাত শুনা যায়৷’’ ‘‘কিয়, কিয় …..৷’’

সকলোৱে আহি ভবেনকাইক বেৰি ধৰিলে৷ ময়ো গৈ তেওঁৰ ওচৰ পালোঁগৈ৷ ভবেনকায়ে কৈ গ’ল হোষ্টেলৰ কোনটো ৰূমত কোনে কেতিয়া কেনেকৈ আত্মহত্যা কৰিছিল৷ লগতে ক’লে এক ৰহস্যময়ী নাৰীৰ কথা৷ বহুজনে হেনো দুই নম্বৰ ব্লকৰ বাৰাণ্ডাত দেখিছে এই জুনুকা পিন্ধি ঘুৰি ফুৰা নাৰীগৰাকীক৷ বহুজনে হেনো শুনিছে সেই জুনুকাৰ মাত৷ মই মনতে ভাবিলোঁ, ‘‘ময়ো দেখোন দুই নম্বৰ ব্লকত এবছৰ আছিলোঁ৷ কেতিয়াও কোনো জুনুকা পিন্ধা নাৰীক দেখা মনত নপৰে বা জুনুকাৰ মাত শুনাও মনত নপৰে৷’’ ৰমেনদাই আমাৰ ফালে চাই গালি পাৰিলে, ‘‘অই তহঁতৰ পৰীক্ষা নাই? যা যা৷ ইয়াত আকৌ দেখিলে কোবাই ভৰি ভাঙি দিম৷’’ পৰীক্ষা থকা কেইটা অনিচ্ছাস্বত্তেও নিজৰ ৰূমলৈ যাবলৈ বাধ্য হ’লোঁ৷ ৰমেনদাৰ ঠিক নাই৷ কৈছে যেতিয়া কোবাই ভৰি ভাঙি দিবও পাৰে৷ আহি থাকোঁতে ভাবিলোঁ, ‘‘ৰমেনদা বাৰু ভুত নেকি?’’

পঢ়া টেবুলত এনেয়েহে বহি থাকিলোঁ৷ বাৰে বাৰে ভবেনকাইৰ কথা, ৰাজাৰ জ্ঞান আদি মনলৈ আহিবলৈ ধৰিলে৷ তাৰ মাজে মাজে তাৰকেশ্বৰ চৌধুৰী ছাৰ, সীতানাথ লহকৰ ছাৰ আদিলৈকো মনত পৰে৷ তেতিয়া জোৰ কৰি অংকত মন বহাবলৈ যত্ন কৰোঁ৷ ভুত আৰু অংকৰ সৈতে কাবাদী কাবাদী খেলি চাৰি মান বজালৈকে টেবুলত বহি থাকিলোঁ৷ অংক কিমান কৰিলোঁ, কিমান বুজিলোঁ নাজানোঁ ৷ কিন্তু ৰাজাক কথা এটা সুধিব লাগিব বুলি নিশ্চিত হ’লোঁ৷

আবেলি আমিবোৰে সাধাৰণতে হোটেল কেলীফৰ্নিয়াত অকনমান সময় বহি আড্ডা মাৰোঁ৷ মই গৈ পাওঁ মানে দেখোঁ চাৰিটা বহি আছে৷ ‘‘ৰাজা নাই?’’ মই নাম লোৱা মাত্ৰেই ৰাজা আহি উপস্থিত৷ ‘‘অই ৰাজা, কথা এটা বুজাই দে৷ তই যে কৈছিলি কিছুমান মানুহ আচলতে মানুহ নহয়৷ মনত আছে?’’ ৰাজাই মুৰ দুপিয়ালে৷ ‘‘কেনেকৈ গম পাম মানুহ নে ভুত?’’ ‘‘মানুহটোৰ ফালে ভালকৈ চাবি৷ ভৰি কেইটা অনবৰতে মন কৰি থাকিবি৷ যদি মানুহৰ ৰূপত থকা ভুত তেতিয়া দেখিবি খোজ কাঢ়ি থাকোতে তাৰ ভৰিৰ পতা পাছফাললৈ ঘূৰ খাই যাব৷ আৰু তাৰ ছাঁটো মন কৰি থাকিবি৷ গৈ থাকোতে হঠাতে দেখিবি ছাঁটো নোহোৱা হৈ যায় কেই ছেকেণ্ডমানৰ কাৰনে৷ আৰু এটা লক্ষণ আছে৷’’ মৃদু ইতিমধ্যে আহি হাজিৰ হ’ল৷ ‘‘কি সোনকালে ক৷ মই পঢ়িবলৈ যাব লাগে৷’’ ৰাজাই অলপ মাতটো সলনি কৰি ক’লে, ‘‘চকুবোৰলৈ মন কৰিবি৷ বেলেগ দেখিবি?’’ ‘‘বেলেগ দেখিম মানে?’’ ‘‘তাৰমানে নৰমেল্‌ নেদেখিবি৷’’ বাকী কেইটাই এই ‘চকু বেলেগ দেখা’ কথাটো কিমান বুজিলে নাজানোঁ, মই কিন্তু বুজিলোঁ মোৰ দ্বাৰা এইটো টেষ্ট নহ’ব৷ মই ভৰিৰ পতা আৰু ছাঁৰ টেষ্টকে কৰিম বুলি ঠিক কৰিলোঁ৷ চাহ-পৰঠা খাই হোষ্টেল উভটো মানে সন্ধিয়া হ’ল৷ মৃদু, ৰাজা আৰু বাকীকেইটাক আগবাঢ়িবলৈ দিলোঁ৷ মই সবাতোকৈ পাছত৷ খোজ কাঢ়ি যাওঁতে মই আটাইকেইটাৰে ছাঁ আৰু ভৰিৰ পতাবোৰ মন কৰি গ’লোঁ৷ বিশেষ সন্দেহজনক একো চকুত নপৰিল৷ এপাকত ৰাজাই এটা শিলত উজুটি খাওঁতে তাৰ ভৰি পতা ঘূৰ খাই যোৱাৰ দৰে লাগিছিল৷ কিয় নাজানোঁ মোৰ কিন্তু ৰাজাৰ ওপৰত বৰকৈ সন্দেহ হ’বলৈ ধৰিছে!

হোষ্টেল পাই উঠি ৰূমলৈ নগ’লো৷ এটা এটা কৈ কেইবাটাৰো ৰূমলৈ গ’লো৷ ছাঁ, পতা, চকু যি পাৰোঁ লক্ষ্য কৰিবলৈ ধৰিলোঁ৷ ৰাজাই কোৱা দৰে একো চকুত নপৰিল, কিন্তু তথাপিও দুটামানৰ ওপৰত সন্দেহ নোহোৱা নহয়৷

ভুতৰ ভয়ে হোষ্টেলত সকলোকে কোঙা কৰাৰ দৰেই হ’ল৷ ৰাতি ৮ বজাৰ আগতেই সকলো ভাত পানী খাই আজৰি হৈ যায়৷ প্ৰসাব লাগিলে যতেই মন যায় ত’তেই কৰিবলৈ ধৰিলে৷ বাৰান্দাত থিয় হৈয়ো দুই একে কৰিবলৈ ধৰিলে৷ অৱশ্যে নিজৰ ৰূমৰ সন্মুখতে প্ৰসাব কৰাৰ আন এক কাৰনো আছিল৷ ৰাজাৰ মতে ভুতে হেনো প্ৰসাবলৈ ভয় কৰে৷

কোনোবা দুটা লগ হ’লেই ভুতৰ কথা আৰম্ভ হৈ যায়৷ নয়নলৈ মনত পেলাওঁ৷ কি বা হ’ল তাৰ? ভুতে বা তাক নি কি কৰিছে? সংকল্পৰ মতে যদি পঢ়িবলৈ লগাই দিছে মৰি গ’ল বাপ্পেকে! মিন্টু শালৈয়ে তিনি নম্বৰ ব্লকত থকা লণ্ডন ব্ৰীজত বহি দাঁত খৰকিয়াই আছে৷ সি বৰ গহীণ ভাবে ক’লে, ‘‘বুজিছ’ ১৪ নম্বৰৰ কেছটো সঁচা৷ মই কেইবাদিনো দেখিছে সেই মানুহজনীক৷’’ ‘‘কানতলীয়া চৰ চিনি পাৱ? দুবছৰে তোৰ মনত নপৰিল! এতিয়া শুনাব আহিছ?’’ ‘‘নহয় অ’ মই মানে আগেতে মানে …..’’ ‘‘থ’ থ’ তোৰ বাজে লেকচাৰ৷ ডাইনামিক্সৰ বহীখন দে৷’’

এইবোৰৰ মাজে মাজে অৱশ্যে আমি পৰীক্ষা থকাকেইজনে পঢ়িবলৈ দুৰ্বল প্ৰচেষ্টা চলাই থাকিলোঁ৷ শুকুৰবাৰৰ নিশা ভাত পানী খাই পঢ়িবলৈ বহিছোঁ৷ মৃদুৱে মাত লগালে, ‘‘অই ব’ল না!’’ পঢ়াৰ পৰা মুৰ নোতোলাকৈয়ে সুধিলো, ‘‘ক’লৈ যাৱ?’’ ‘‘এহ্ মোৰ বৰ জোৰত লেট্ৰিন লাগিছে অ’৷’’ ‘‘তই লেট্ৰিন কৰিবি আৰু মই গৈ কি কৰিম?’’ ‘‘আৰে দেখা নাই নেকি লেট্ৰিন কেইটা কিমান দূৰত আছে৷ তাক ইমান আন্ধাৰ! মোৰ ভয় লাগে৷ ধেই ব’ল না ভাই!’’ মৃদুৰ অৱস্থা দেখি বেয়া লাগিল৷ ‘‘ব’ল ব’ল৷’’ আমি দুয়ো অকনমান আঁতৰত থকা শৌচাগাৰকেইটাৰ ওচৰ পালোঁগৈ৷ মৃদু ভিতৰলৈ সোমাই গ’ল, মই বাহিৰত ৰৈ থাকিলোঁ৷ ‘‘অই, মই দৰ্জাখন বন্ধ নকৰোঁ৷ তই কিন্তু গুছি নাযাবি পাৰ্টনাৰ৷’’ ‘‘অই মৃদু আৰম্ভ কৰিলি নেকি?’’ ‘‘নাই কৰা৷ কিয়? কিবা ওলাইছে নেকি বাহিৰত?’’ তাৰ মাতত ভয়ৰ চিন৷ ‘‘নাই মানে মোৰ ইয়াত অকলে অকলে থাকিবলৈ ভয় লাগিছে৷ আৰু এটাক মাতি আনো ৰ’৷’’ দীপকক মাতি আনিলোঁ৷ ৰজা মহাৰজাৰ কথা নাজানোঁ৷ কিন্তু সাধাৰন প্ৰজাই মল ত্যাগ কৰোতে পহৰা দিয়াৰ ঘটনা চাগৈ মানৱ ইতিহাসত আৰু ক’তো পোৱা নাযাব৷

কামবন শেষ কৰি ৰূমলৈ আহিলোঁ৷ মৃদুক ক’লো, ‘‘কাইলৈ শেষ পৰীক্ষা৷ তই কি কৰিবি নাজানোঁ৷ মই আৰু নোৱাৰিছোঁ৷ আবেলিয়ে যামগৈ৷’’ মৃদুৱে মুখেৰে একো মাত নিদি পঢ়াত মন দিলে৷ পঢ়ি থাকোতে মনলৈ বাৰে বাৰে আহিল হোষ্টেলত পাৰ কৰা দিনবোৰৰ কথা৷ নয়নলৈকো মনত পৰিল৷ মাজে মাজে অংককেইটালৈকো চকু নোযোৱা নহয়৷ সেইকেইটা দেখি মনত পৰি গ’ল দুবছৰ আগৰ কথা৷ ‘মেট্ৰিকত ৪টা লেটাৰ, ষ্টাৰ মাৰ্কছ, অংকত ১০০ৰ ভিতৰত ১০০৷’ আৰু কাইলৈ গেৰা মাৰিম! ছেহ্ ভুতে মোকেই লৈ যোৱা হ’লে ভাল আছিল! এবাৰ ভাবিলোঁ মৃদু টোপনি যোৱাৰ পাছত মই পলাই যাওঁ নেকি? পলাই মানে ৰেলত উঠি দিল্লীৰ ফালে যামগৈ৷ তাত গৈ কৰিম আৰু কিবা৷ কিন্তু মানুহেতো ভাবি থাকিব শনিবৰীয়া ভুতেই নিলে বুলিয়ে৷

এইবোৰ কৰি থাকোতেই ৰাতিপুৱা হওঁ হওঁ হ’ল৷ গম পালোঁ শুবলৈ ল’লে গণ্ডগোল হৈ যাব৷ সাৰ নাপাম৷ গতিকে পঢ়া টেবুলতে বহি থাকিলোঁ৷ কাহিলিপুৱাতে টুথব্ৰাছত ক’লগেট সানি বাহিৰলৈ ওলাই গ’লোঁ৷ হোষ্টেলৰ গেটেৰে বাহিৰলৈ ওলাই গৈ অকনমান আতৰত থকা পুলটোত বহি দাঁত মাজি আছোঁ৷ সেই আহল-বহল ৰাষ্টাটোত মোৰ বাহিৰে কুকুৰ দুটামানহে আছে৷ অংকৰ পৰীক্ষাটোৰ কথা চিন্তা কৰি আছোঁ৷ আৰু তিনি ঘন্টামান পঢ়িব পাম৷ হৈ যাব!

এনেতে মন কৰিলো ৰেল ষ্টেচনৰ দিশৰ পৰা এখন ৰিক্সা আহিছে৷ ৰাতিপুৱা ৰেলষ্টেচনৰ ফালৰ পৰা আহেই ৰিক্সা৷ গুৰুত্ব নিদিলোঁ৷ ৰিক্সাখন মোৰ কাষেৰেই পাৰ হৈ গ’ল৷ যাত্ৰীজন বৰ চিনাকি যেন লাগিল৷ ক’ত দেখিছিলোঁ জানোঁ? পাছে সাজ-পোচাক, কেশ বিন্ন্যাস সকলো ফালৰে পৰা বৰ জধলা৷ চকুদুটাও বেলেগ ধৰণৰ, এবনৰ্মেল টাইপ! ৰজাই কোৱা ভুত নেকি বাৰু? ৰিক্সাখন গৈ ৰ’ল গৈ আমাৰ হোষ্টেলৰ গেটৰ মুখত৷ ‘‘ৰাতিপুৱাই আকৌ কোন আহিল?’’ মনতে ভাবিলোঁ ৷ আৰে !!!!!!!!!!!!!!!!!!!!!!!!!!!! জাপ এটা মাৰি ৰিক্সাৰ পৰা নমা মানুহজনৰ (নে ভুত ?) কাষেদি উধাতু খাই দৌৰ মাৰিলোঁ৷  ‘‘বিজয় দা, বিজয় দা’’ বুলি দৌৰ মাৰি গৈ ৩ নম্বৰ ৰূমত এটা প্ৰচণ্ড গোৰ মাৰিলোঁ৷ বিজয়দা চকু মোহাৰি মোহাৰি উঠি আহে মানে ‘ৰিক্সাত অহাজন’ তিনি নম্বৰ ৰূম আহি পালে৷ মোক ঠেলা এটা মাৰি ক’লে, ‘‘যাব দে মোক৷’’ তাৰ পাছত ‘তেওঁ’ গৈ নয়নৰ বিচনাত বাগৰি দিলে ৷ বিজয় দাই চিঞৰি উঠিল, ‘‘নয়ন !’’

ক’ত আৰু তিনি ঘন্টা পঢ়া হ’ব? গোটেই হোষ্টেল গৈ তিনি নম্বৰ ৰূমত উপস্থিত হ’ল৷ আনৰ কথা নাজানোঁ, মৃদু আৰু মোৰ বিশ্বাস হ’ল এইটো আমাৰ নয়ন হ’বই নোৱাৰে৷ কোনোবা ছিনিয়ৰে মনত পেলাই দিলে আজি অংকৰ পৰীক্ষা আছে৷ অকনমান সময় ৰৈ মই ৰূম পালোঁগৈ৷ নয়নৰ কথা পাছত শুনিম৷

পৰীক্ষা কোনোমতে শেষ কৰিয়ে একো দৌৰে আহি হোষ্টেল পালোঁহি৷ নয়ন বিচনাতে শুই আছে৷ ছেমিমে ‘নয়ন ভুত’ৰ জন সম্পৰ্কৰক্ষী বিষয়াৰ কাম কৰিছে৷ মোক দেখা পাই ক’লে, ‘‘প্ৰভু বুজিছা, নয়নেই ভাল কাম কৰিলে৷ তোমালোক দেখাতহে স্মাৰ্ট কিন্তু এটা এটা বেহুদা!’’ ‘‘আব্বে ছেমিম, কি কৰিলে নয়নে?’’ ‘‘পৰীক্ষা বেয়া হ’ব৷ সি আগৰে পৰা জানে, সেই কাৰণে শিলিগুড়ী ফুৰি আহিলেগৈ৷’’ ‘‘তাৰ মানে তোক ভুতে নিয়া নাছিল?’’ ‘‘ধুৰ ক’ৰ ভুত? গুছি গ’ল সি শিলিগুড়ী৷ দুদিন টকা পইছা নোহোৱাকৈ থাকি ভুত টাইপত ঘুৰি আহিছে৷’’ ‘‘তেনেহ’লে মানৱ আৰু বিমানদাক যে গতা মাৰি দিছিল?’’ ‘‘আব্বে সিহঁতৰো কিবা কেছ আছে৷ মাল বেছি খালে চাগৈ৷’’ ‘‘অই ছেমিম, পৰীক্ষা শেষ৷ ব’লা বি,এন.ডেৰ পৰা আহোঁগৈ ৷ আজি ৰাতি পাৰ্টি কৰিম৷’’

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!