তিনি কথকৰ এটি কাহিনী — গীতুমণি বড়া

বৰ্ণম…মোৰ নাম বৰ্ণম আদিত্য৷ এইটো মোৰ নতুন নাম৷ মোৰ নতুন মায়ে দিছে এই নামটো৷ আগতে মোৰ নাম আছিল গোবিন্দ৷ কোনে কেতিয়া এই নাম দিছিল মই নাজানো৷ মোৰ জন্ম দিওঁতা পিতৃ-মাতৃ কোন মই নাজানো৷ ভক্ষণৰ অযোগ্য খাদ্য খাই ডাঙৰ হ’লো৷ মই দিনটো ফুটপাথত বহি ভিক্ষা খোজ।৷ কোনোৱে দুই এটকা দিয়ে, কোনোৱে দাবী ধমকি দিয়ে৷ ফুটপাথৰ পৰা উঠি গৈ ডাষ্টবিনবোৰ খুচৰি ফুৰো…কিবা খোৱা বস্তু পালেই খাই থওঁ৷ চহৰৰ পিছফালে মোৰ নিচিনা ভিন্ন বয়সৰ বহুত মানুহ এটা সৰু ঘৰত একেলগে থাকো৷ ঘৰ ঠিক নহয়…টিনৰ চালি আৰু নীলা পলিথিনৰ বেৰৰ সৰু সৰু কোঠালী৷ আমি সকলোৱে দিনত ভিক্ষা খুজিবলৈ যাওঁ আৰু গধূলি সকলোবোৰ পইছা এজন শকত মানুহক দি দিছিলো৷ আমাৰ লগত থকা লচমি বাই আৰু জেনি বাই সৱতকৈ ডাঙৰ আছিল৷ সিহঁতে আমাৰ পৰা পইচাবোৰ লৈ মানুহজনক দি দিছিল৷ সিহঁততকৈ সৰু জুনুকা বা আৰু দিম্পল বায়ে মোতকৈ সৰু ভাইটি ভন্তীক লৈ ফুৰিছিল৷ আমি জাৰত থকথককৈ কঁপিছিলো, গৰমত ঘামিছিলো আৰু ভোকত কান্দিছিলো৷ তেতিয়াই মই এজনী মানুহৰ সান্নিধ্য বিছাৰি বিয়াকুল হৈছিলো… মই কোনোদিনে নেদেখা এজনী মানুহ…৷ চহৰত মোৰ সমান ল’ৰা ছোৱালীবোৰক হাতত ধৰি নাইবা দাঙি লৈ ফুৰা মানুহবোৰলৈ মই ৰ লাগি চাইছিলো৷ সন্ধিয়া লচমি বাৰ বুকুত সোমাই উচুপিছিলো৷ লচমি বাই মোক মৰম কৰিব লঁওতে মোতকৈ সৰু কেইটা ঠেৰেঙা লাগি কন্দাৰ শব্দ আহিছিল৷ তাই মোক তাতে এৰি সিহঁতৰ ওচৰলৈ দৌৰিছিল৷ সিহঁতৰ কান্দোনে মোৰ কান্দোন বন্ধ কৰিছিল৷ মোৰ নিজতকৈ সিহঁতৰ বাবে দুখ লাগিছিল৷ সিহঁতৰ যদি মাক দেউতাক থাকিলহেঁতেন….
মোৰ বয়সো মাথোঁ পাঁচ বছৰ হে… তথাপিও মন বেয়া লাগিছিল সিহঁতৰ শৌচ-প্ৰস্ৰাৱেৰে ভিজি থকা অকণমানি দেহাকেইটা দেখি৷
এদিন মোৰ খুউব আইচক্ৰীম খাবলৈ মন গ’ল৷ সদায়ে মন যায়৷ সিদিনা বেছিকৈ মন গৈছিল৷ খুজি পোৱা পইচাৰে আইচক্ৰীম কিনি খাই থাকোঁতে মানুহ এজনে মোৰ গালত প্ৰচণ্ড জোৰেৰে চৰ এটা দিছিল৷ মানুহজন আমাৰ মালিক আছিল৷ আৰু আইচক্ৰীমটো ওফৰি এগৰাকী মানুহৰ গাত পৰিছিলগৈ….৷ সেই ঘটনাটোৱে মোক গোবিন্দৰ পৰা বৰ্ণম আদিত্য কৰি তুলিলে৷ অ সেইটোৰ পৰাই মোৰ ঠিকনা নৰকৰ পৰা সৰগ হৈ পৰিল৷

মই মৌপিয়া।

মৌপিয়া জোনাক৷ মই মৰিশালি চকীদাৰৰ সন্তান৷ মৰিশালিৰ কাষতে আমাৰ সৰু ঘৰটো৷ মোৰ বাবা অনবৰতে মদৰ নিচাত মাতাল হৈ থাকে৷ মোৰ দাদা বাইদেউহঁত স্কুললৈ যোৱাৰ পৰত মায়ে মোক ৰচী এডালেৰে পিছফালৰ বাৰাণ্ডাত বান্ধি থৈছিল৷ তেতিয়া আগফালৰ চোতালত মটৰ চাইকেল এখন ৰৈছিলহি৷ নিদিৰ্ষ্ট সময়ৰ পাছত মায়ে মানুহজনক হাঁহি হাঁহি বিদায় দি মোক মোকলাই দিছিল৷ একেজন মানুহ নাহে…বেলেগ বেলেগ মানুহৰ মটৰ চাইকেলেৰে আমাৰ চোতাল শুৱনি কৰে৷ মই মৰিশালিৰ আধা জ্বলা খৰি ছাই এইবোৰতে লেটিপেটি হৈ খেলি থাকো৷ ওচৰতে মদৰ বটল এটি বাবাই ৰ’দ লৈ থাকে….৷ ৰচীডালৰ পৰা মুকলি হ’বলৈ কৰা বৃথা চেষ্টাবোৰে মোৰ হাত ভৰিত ঘাঁ লগাইছিল৷ প্ৰথমতে মই চিঞৰি চিঞৰি কান্দিছিলো…তাৰপাছত উচুপি উচুপি…তাৰ পাছত নকন্দা হৈছিলো৷ মায়ে ভিতৰলৈ আগবঢ়ায় নিয়া মানুহজন যোৱালৈ নীৰৱে বাট চাই ৰৈছিলো৷ এদিন শ্মশানলৈ অহা এগৰাকী মানুহে মোৰ ভৰিৰ ঘাঁবোৰ দেখি কি হ’ল সুধিছিল….৷ মই তেতিয়াও স্পষ্টকৈ বাক্য ক’ব পৰা নাছিলো৷ কাৰণ মোৰ বয়স মাত্ৰ তিনি বছৰ৷ ওচৰৰ জগ্গু দাদাহঁতৰ দাদীয়ে মোক বান্ধি ৰখাৰ কথা কৈছিল তেওঁক৷ তাৰপাছত? তাৰপাছত মই মৰিশালিৰপৰা এখন ধুনীয়া ঘৰলৈ আহিলো৷ টিটলিৰ পৰা মৌপিয়া জোনাক হৈ পৰিলো৷

মই ৰুণালী হাজৰীকা৷

ঘৰৰ ওচৰৰে মহাবিদ্যালয়খনৰ সমাজতত্ত্ব বিভাগৰ প্ৰবক্তা৷ মোৰ স্বামী গৌৰাংগ দত্ত৷ তেৱোঁ নামজ্বলা মহাবিদ্যালয় এখনৰ অৰ্থনীতি বিভাগৰ প্ৰবক্তা৷ যদিও আমি স্বামী স্ত্ৰী, একেলগে নাথাকো৷ বাৰ বছৰীয়া প্ৰেমৰ পাছত আমাৰ বিবাহ৷ বিয়াৰ প্ৰায় পাঁচ বছৰ পাছত আমি বেলেগে থাকিবলৈ ল’লো৷ আমাৰ মাজত কাজিয়াও হোৱা নাই৷ সম্পূৰ্ণ বুজাবুজিৰে আমি আঁতৰি আছো৷ আগৰ দৰেই হিয়া উজাৰি ভালপাঁও গৌৰাংগক৷ তেওঁ ভালপায় মোক আগৰ দৰেই৷ আচলতে বিয়াৰ পাছৰ পৰা আমি ইটোৱে সিটোৰ চিন্তাধাৰা কামকাজ বোৰ বেয়া পোৱা হ’লো৷ পিছলৈ সেই বেয়াপোৱা বোৰ সহিব নোৱাৰা হ’লোগৈ৷ বজাৰৰ বুঢ়ী পাচলি বেপাৰ গৰাকীৰ পৰা লেৰেলী যোৱা লফামুঠি মই কিনি আনিলে তেওঁ মোক কয়
“-পাচলি কিনিব নাজানা….বিশ টকা লোকচান“
-“সকলো কথাটে তোমাৰ অৰ্থনীতিৰ লাভ লোকচানৰ তত্ত্ববোৰ খটুৱাই নাথাকিবা৷ অলপ মানবীয় দৃষ্টিয়েও চাবা“
-“যোৱা তেনে মানবীয় দৃষ্টিৰে সংসাৰকে উদ্ধাৰ কৰাগৈ“
এনেকৈয়ে বিভিন্ন কথাত আমাৰ বিতৰ্ক হৈছিল৷ তাৰ মাজতে তল পৰি ৰৈছিল আমাৰ সন্তানৰ কথাটো৷ মই লিখা মেলাত বেছি গুৰুত্ব দিবলৈ ধৰিলো৷ দুটা বছৰত দুখনকৈ গল্প সংকলন প্ৰকাশ হ’ল৷ মেল মিটিং, ৰাজহুৱা সভাবোৰত ব্যস্ত থাকিলো৷ ভিতৰি ভিতৰি গৌৰাংগৰ প্ৰতি মই বিদ্ৰোহী হৈ উঠিলো৷ গৌৰাংগই মোৰ কথা বতৰা ব্যৱহাৰত হৈ অতিষ্ঠ হৈ এদিন প্ৰস্তাৱ দিলে যে আমি কেইদিনমানৰ বাবে বেলেগকৈ থাকো৷ পিছদিনাই মই ভাৰাঘৰ এটালৈ আহিলো৷ তাৰপিছত হাউছিং ল’ন লৈ দেউতাই মোৰ নামত দি যোৱা ডেৰকঠা মাটিত এটা সৰুকৈ আসাম টাইপৰ ঘৰ সজালো৷ সঁচাকৈ ঘৰখন ফুলে গছে ধুনীয়াকৈ সজালো৷ ফুল আৰু কিতাপৰ মাজতে নিজক বিলীন কৰি দিলো৷ গল্প লিখাৰ কামো চলি থাকিল৷ মাজতে বৃক্ষৰূপন কায্যসুচী এলানিও চলালো৷ গৌৰাংগই এদিন আহি মোক ৰহস্যময়ী নাৰী বুলি কৈ গ’ল৷ মোৰ বেয়া নালাগিল৷ অৱশ্য মোৰ যিকোনো সমস্যা হ’লে তেওঁকেই প্ৰথম কঁও৷ মই জানো তেওঁ মোৰ শুভাকাংক্ষী৷ নিস্বাৰ্থভাৱে সমাধান কৰিব পৰা সমস্যাবোৰ সমাধান কৰি দিয়ে৷
গুৱাহাটিত সদৌ অসম ভিত্তিত আয়োজন কৰা নবীন লেখক সন্মিলনীত অংশ গ্ৰহণ কৰিবলৈ গৈছিলো৷ দুপৰীয়া সভাৰ শেষত গৰমত আইচক্ৰীম খাবলৈ ৰাস্তাৰ কাষৰ আইচক্ৰীমৱালাৰ ওচৰত ৰৈছিলোহি৷ ঠিক তেতিয়াই কাৰোবাৰ হাতৰ পৰা আইচক্ৰীম এটা মোৰ গাত পৰিছিলহি৷ ৰঙা চিঙা পৰি এটি গোঁসাই হেন ল’ৰাই মোলৈ চাইছিল ভয়াতুৰ দৃষ্টিৰে৷ সেই চাৱনিত মই কঁপিছিলো থৰ থৰকৈ৷ নিমিষতে তাক চৰ দিয়া মানুহজন সমাগমত মিলি গৈছিল৷ গোঁসাই ল’ৰাটোক মই থকা হোটেললৈ লৈ আহিলো৷ তাৰ পিছত একেবাৰে ঘৰলৈ৷ গৌৰাংগক জনাইছিলো কথাটো৷ একোৱে মন্তব্য নিদিলে৷ ল’ৰাটোৰ নাম ৰাখিলো বৰ্ণম আদিত্য৷ সি মোক মা বুলি মাতে৷ মই তেনেকৈয়ে শিকালো৷ তাক চোৱাচিতা কৰিবলৈ মীৰা বাইক আনিলো ঘৰলৈ৷ মোৰ ব্যস্ততা দুগুণে বাঢ়িল৷ আমাৰ আদৰ যত্নত তাৰ কংকালহেন শৰীৰটো নিপোটল হ’বলৈ ধৰিলে৷
বৰ্ণমক অনা ছমাহৰ পিছতে গৌৰাংগৰ দেউতাক ঢুকাল৷ তেওঁৰ অন্তিম বিদায়ৰ বাবে আমি পৰিয়ালৰ সকলো সদস্যই শ্মশানলৈ গৈছিলো৷ শস্যাগত হৈ থাকোঁতে তেওঁ ইচ্ছা প্ৰকাশ কৰিছিল যে আমি সকলোৱে সৎকাৰৰ সময়ত থাকিব লাগিব৷ সেই শ্মশানতে মই তিনিবছৰীয়া কণমানি এজনি দেখিছিলো৷ কেঁকুৰা চুলিখিনিয়ে আধা ঢাকি ৰাখিছিল তাইৰ গভীৰ ক’লা চকুযুৰি৷ শ্যামবৰণীয়া শৰীৰটোত শ্লীভলেছ ফ্ৰকটোৱে পুহমহীয়া জাৰ কণ সামৰিবলৈ পৰা নাছিল৷ আগদিনা জ্বলোৱা খৰিৰ পৰা উমি উমি জ্বলা জুইৰ সেক লৈ মদত মচগুল হৈ আছিল চকীদাৰজন৷ ওচৰতে কণমাণিজনীয়ে ফুটছাই এখিনি লৈ উমলি আছিল৷ তাইৰ ভৰি দুখনত ঠায়ে ঠায়ে ঘাঁ৷ হাত দুখনতো৷ বাওহাতত চিচাৰৰ নীলা খাৰু দুপাত৷ সোঁভৰিত এটা জুনুকা৷ বৰ মৰমলগা ছোৱালী৷ ওচৰলৈ গৈ মাতিলো..
“মাইনা…খেলিছা….
তাই আচৰিত হৈ মোলৈ চালে৷ কিয় জানো তাইৰ চকুযুৰি কৰুণ দেখা পালো৷ ইতিমধ্যে আমাৰ সৎকাৰৰ কাম শেষ হৈছিল৷
“তোমাৰ ভৰিদুখনত কেনেকৈ ঘাঁ লাগিল?“
অলপ পিছুৱাই গৈ তাই মোলৈ ৰ লাগি চাই থাকিল৷ মই ওচৰলৈ মাতিলো… তাই নাহে৷ মই হাঁহি দেখুৱালো৷ তাইয়ো হাঁহিলে৷ বগা অকণি দাঁতকেইটাই মোক মুহি পেলালে৷ মই আগুৱাই গ’লো…তাইয়ো আগুৱাই আহিলে৷ তাইৰ নিচেই সন্মুখত আঁঠুকাঢ়ি বহি তাইৰ দুয়োহাতৰ বাউসীত ধৰি ল’লো… তাৰ পাছত অকণি হাত দুখন মোৰ দুয়োহাতৰ মাজত সুমোৱাই ল’লো৷ মায়া জাগিছে মোৰ… বুকুৰ উম অকণ দিব মন গৈছে গৰম কাপোৰে ঢাকি নৰখা এধানি শৰীৰটোক৷
“এইবোৰ কেনেকৈ হ’ল? কেনেকৈ দুখ পালা? “
ফুটা নুফুটাকৈ তাই কিবা ক’লে৷ মই ভাষাটো নুবুজিলো৷
“বৌ যাও বলক৷ “
গৌৰাংগৰ সৰু ভনী জোঁৱায়েকে মোক পিছফালৰ পৰা মাত দিলে৷
“তোমালোক গৈ থাকা…অলপ পিছত মই যাম….“
সি গ’লগৈ৷ এনেকুৱা সময়ত মোৰ পাগলামি সহিব পৰাকৈ কাৰো ধৈৰ্য নাছিল৷
ওচৰৰ বুঢ়ী এজনীয়ে আমাক চাই আছিল৷ আগবাঢ়ি আহি তাইৰ হাত-ভৰিত ঘাঁ লগা কাহিনীবোৰ ভঙা ভঙা অসমীয়া বৰ্ণনা কৰিলে৷
সিদিনাৰে পৰা বুকুত হাহাকাৰ৷ ৰাতি ৰাতি সাৰ পায় চমকি উঠো৷ সপোনতো তাইকে দেখো৷ বৰ্ণমক জোৰকৈ সাৱটো৷ টোপনিত লালকাল বৰ্ণমে নেদেখে মোৰ বুকুৰ হাহাকাৰ…হৃদয়ৰ কান্দোন৷
গৌৰাংগক কাণছোৱালো৷ বোধহয় তেওঁৰ খং উঠিছিল৷ কিন্তু একোৱে মন্তব্য নিদিলে৷ প্ৰায় এমাহৰ পিছত টিটলিক লৈ আহিলো৷ ৰামলাল চকীদাৰৰ কোনো প্ৰতিক্ৰিয়া মন্তব্য নাছিল৷ শৰীৰ বিকি পৰিয়াল চলোৱা মাকজনী হৃদয়খন মই কিনি পেলাইছিলো৷ মই বাকৰুদ্ধ হৈ পৰিছিলো যেতিয়া মানুহজনীয়ে মোৰ ভৰিত ধৰি কান্দি কান্দি মোক দেৱী বুলিছিল….৷ কেনেকৈ তুলি দিব পাৰে নিজৰ সন্তানক এনেকৈ আনৰ হাতত? মোক ইমান বিশ্বাসী যেন লাগিছিল নে? …. টিটলিয়ে প্ৰথমতে কান্দিছিল…৷ মই আলফুলেৰে সাৱটি লৈ বহু পৰ মৰম কৰা পাছত তাই মোৰ হাতত ধৰি নিৰ্ভয়ে গাড়ীত বহিছিলহি৷
টিটলিৰ নামটো মৌপিয়া জোনাক ৰাখিলো৷ বৰ্ণমৰ কিমান যে ফূৰ্তি ভনীয়েকক পাই৷ তাই অসমীয়া ক’বলৈ শিকিলে৷ বৰ্ণমক ককাইদেউ বুলি মাতে৷ ফুল, গছ কিতাপ আৰু দুটি দেৱশিশুৱে মোক ভৰাই ৰাখিলে৷ দহজনৰ দহষাৰ কটূক্তি নেওচি মই সুখী হৈ আছো মোৰ সৰু ঘৰখনিত৷ সিহঁত দুটাৰ মাক হোৱাৰ আইনী প্ৰক্ৰিয়াবোৰো আগবাঢ়িছে৷ বৰ্ণমে ক-ফলা, অ-ফলা, সংখ্যা শিকিছে৷ সৰু সৰু পদ্যবোৰো আওৰাব পাৰিছে৷ মৌপিয়াই মোৰ গল্প লিখা বহীবোৰত আকঁ-বাক কৰে৷ ফুলবোৰৰ যতন সিহঁতেও লয়৷ মই সৰুতে শুনা সাধুবোৰ পুনৰাই মনত পেলাইছো৷ সাধু নুশুনাকে সিহঁতে নুশোৱে৷
আজি পুৱাতে গৌৰাংগলৈ মেইল এটা কৰিছিলো৷ মানে বৰ্ণমৰ স্কুলৰ ফৰ্মখনত নেইম অৱ ফাদাৰ কি ভৰাম সেইটোকে সুধি৷ ফৰ্মখনৰ ফৰ্মেটটো দি দিছো৷ উত্তৰ নিদিয়ে বুলি ভাবি আছিলো৷ তেওঁৰ অনুমতি অবিহনে ইমান ডাঙৰ সিদ্ধান্ত দুটা লৈ পেলালো৷ তেতিয়াৰে পৰা মোৰ খবৰ ল’বলৈও প্ৰায় এৰাৰ দৰেই….৷ হয়তো এদিন ডিৰ্ভ’ছ বিছাৰিব৷ মই বৰ্ণম আৰু মৌপিয়াৰ বাবে যিকোনো ত্যাগ কৰিবলৈ সাজু আছো৷ আনকি গৌৰাংগকো…মোৰ প্ৰেম মোৰ ভালপোৱা সকলো…. সন্তানতকৈ ডাঙৰ প্ৰেম কিবা আছে জানো!
গধূলি সিহঁত হালক হৰলিক্স খাবলৈ দিওঁতে গৌৰাংগৰ মেইলটো আহিল৷ ঢক ঢক… বুকুৰ কঁপনিৰ শব্দ নিজে শুনিছো৷ কিয় বা ভয় লাগিছে মেইলটো খুলিবলৈ…

ফৰ্মখন তেওঁ ফিল আপ কৰি পঠাইছে…… বৰ্ণম আদিত্য দত্ত…নেইম অৱ ফাদাৰ…গৌৰাংগ দত্ত….
উস… সুখতো ইমান চকুলো সৰেনে…
“মোৰ প্ৰিয়তমা পত্নী তুমি মোৰ পৰা সন্মান আৰু মৰমৰ বাহিৰে একোৱে ডিৰ্জাভ নকৰা… তোমাৰ সমান উচ্চ হ’ব নোৱাৰো… কিন্তু মোৰ সন্তান দুটাক বুকুৰ সুমুৱাই মৰম কৰিব পাৰো…৷ ফ্যেমলি ফটোশ্বটৰ বাবে ৰেডি হৈ থাকিবা…সোনকালে লগ পাম…টেইক কেয়াৰ..“
মোৰ এনে লাগিল যেন জীৱনৰ শ্ৰেষ্ঠ গল্পটোৰ সফল পৰিসমাপ্তি ঘটিল৷ সুখবোৰ সামৰিবলৈ ঠাই অকণ বিচাৰি ল’লো হৃদয়ত৷


Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!