তিনি ধৰণৰ মানুহ (অঞ্জল বৰা)

তিনি ধৰণৰ মানুহ

 

এজন শিক্ষকে ছাত্ৰ এজনক তিনিটা পুতলা দেখুৱালে আৰু পুতলা তিনিটাৰ মাজত পাৰ্থক্য বিচাৰিবলৈ ক’লে৷ তিনিওটা পুতলা দেখিবলৈ একেই গঢ়ৰ, একেই আকাৰৰ আৰু একেই ধাতুৰে গঢ়া আছিল৷ ভালদৰে নিৰীক্ষণ কৰাৰ পিছত, ছাত্ৰজনে পুতলা তিনিটাত তিনিটা পাৰ্থক্য দেখা পালে৷ প্ৰথমটো পুতলাৰ দুইখন কাণতে ফুটা আছে, দ্বিতীয়টো পুতলাৰ এখন কাণত আৰু মুখত এটাকৈ ফুটা আছে আৰু তৃতীয়টো পুতলাত কেৱল এখন কাণত এটা ফুটা আছে৷

তাৰপিছত ছাত্ৰজনে এডাল তাঁৰ প্ৰথম পুতলাটোৰ এখন কাণেৰে সুমুৱাই দিলে৷ তাঁৰডাল এখন কাণেৰে সুমাই আনখন কাণেৰে ওলাই গ’ল৷ দ্বিতীয়টো পুতলাত যেতিয়াই ছাত্ৰজনে তাঁৰডাল সুমুৱাই দিলে তাঁৰডাল মুখেৰে ওলাই গ’ল আৰু তৃতীয় পুতলাটোত তাঁৰডাল সুমুৱাই দিয়াত তাঁৰডাল বাহিৰলৈ নাহি ভিতৰতে ৰৈ গ’ল৷

 

তেতিয়া শিক্ষকজনে ক’লে, প্ৰথমটো পুতলাই তোমাৰ চাৰিওফালে থকা সেইসকল ব্যক্তিক প্ৰতিনিধিত্ব কৰিছে যিসকলে তুমি কোৱা সকলো কথা শুনে আৰু তোমাৰ বিষয়ে চিন্তাও কৰা যেন দেখুৱাই৷ কিন্তু সেইয়া অলপ সময়ৰ কাৰণেহে৷ শুনাৰ পিছত বা তুমি আঁতৰি যোৱাৰ পিছত, সেই তাঁৰডাল পুতলাটোৰ আনখন কাণেৰে পাৰ হৈ যোৱাৰ দৰে, তুমি কোৱা গুৰুত্বপূৰ্ণ কথাবোৰো তেওঁৰ আনখন কাণেৰে ওলাই যায়৷ গতিকে তুমি তোমাৰ চাৰিওফালে থকা এনে ব্যক্তিৰ আগত কথা কওঁতে অতি সাৱধান হ’বা, কাৰণ এনে ব্যক্তিয়ে কেতিয়াও তোমাক বিপদত সহায় কৰিব নোৱাৰে৷

দ্বিতীয়টো পুতলাই সেইসকল ব্যক্তিক প্ৰতিনিধিত্ব কৰিছে যিসকলে তুমি কোৱা সকলো কথা শুনে আৰু তোমাৰ বিষয়ে চিন্তাও কৰা যেন দেখুৱাই৷ কিন্তু পুতলাটোৰ মুখেৰে তাঁৰডাল ওলাই যোৱাৰ দৰে সেইসকল ব্যক্তিয়ে তুমি কোৱা সকলো কথা আন তৃতীয় এজন ব্যক্তিৰ আগত কৈ তোমাৰ বিষয়ে আলোচনা বা সমালোচনাত মত্ত হয় বা তোমাৰ কোনো গোপনীয় কথা নিজৰ সুবিধা অনুসৰি আনৰ আগত কৈ তাক ব্যৱহাৰ কৰে৷

তৃতীয়টো পুতলা, যাৰ কাণেৰে তাঁৰডাল সোমাই বাহিৰলৈ ওলাই যোৱা নাছিল সেই ধৰণৰ ব্যক্তিয়েহে তুমি কোৱা যিকোনো কথাৰ গুৰুত্বতা উপলব্ধি কৰিব পাৰে৷ তোমাৰ চাৰিওফালে থকা তেনে ব্যক্তিৰ লগতহে বন্ধুত্ব কৰিবা আৰু নিজৰ মনৰ কথা আদান-প্ৰদান কৰিবা৷

সদায় বিশ্বাসযোগ্য ব্যক্তিৰ সৈতেহে সম্বন্ধ কৰিবা৷ তুমি কোৱা কথা কোনজন ব্যক্তিয়ে কিমান মন দি শুনিছে তাৰ ওপৰতে ব্যক্তি এজনক চিনিব নোৱাৰি, ব্যক্তি এজনক চিনিব পাৰি তেওঁ কিমান গুৰুত্ব সহকাৰে তোমাৰ কথাৰ মৰ্যদা ৰক্ষা কৰিছে তাৰ ওপৰতহে৷

(ইংৰাজীৰ পৰা কৰা ভাৱানুবাদ৷ লেখক অজ্ঞাত৷)

 

Subscribe
Notify of

1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
phanindra sarmah
9 years ago

it is a good hope for the Assamese language
it is a good sign for the future
10.2.2014

Copying is Prohibited!