তিনি শৰীয়া তিনিটা স্তৱক ( প্ৰাণজিৎ বৰুৱা )
আক্ষেপ :
(১)
পাৰিলে মোকো এবাৰ চুই যোৱা,
শুনো বহুতে কোৱা,
সি বৰ দুৰ্ভগীয়া যাৰ নাথাকে হেনো ভালপোৱা ।
*******
প্ৰাপ্তি :
(২)
ৰাতিপুৱা এটাত সপ্ৰতিভ হৈ মই ওলাই গ’লো,
দুপৰীয়া এটাত উলাহেৰে প্ৰেমত পৰিলোঁ,
আৰু একে দিনাই ৰাতিটোতে মই নিখোঁজ হৈ থাকিলোঁ ।
*******
অভিজ্ঞতা :
(৩)
দৰাচলতে মানুহ বোৰৰ দুখন মুখ,
বুজি নাপালেই সুখ,
বুজি পালে মনৰ অসুখ ।