তিলৰ চাটনি- মনালিছা নেওগ

উপকৰণঃ ভজা ক’লা তিল 
কেঁচা মটৰ,
গোটা মগু,
সিজোৱা আলু,
পিঁয়াজ,
ধনীয়া পাত,
আদা,
কেঁচা জলকীয়া,
মিঠাতেল,
নিমখ

 

 

প্ৰণালীঃ তিলখিনি ভাজি লৈ অলপ পিচি ল’ব৷ পিচা তিলৰ লগত সিজোৱা আলু টুকুৰা টুকুৰকৈ কাটি দিব৷ পিঁয়াজ, ধনীয়া পাত, আদা, কেঁচা জলকীয়া মিহিকৈ কাটি দিব৷ কোমলাই থোৱা গোটা মগু, কেঁচা মটৰ দিব আৰু শেষত নিমখ, মিঠাতেল আৰু অলপ নেমু চেপি দিব৷ আপোনাৰ আখলৰ তিলৰ চাটনি সাজু৷
(কেঁচা মূলা ভালপোৱা সকলে মূলা কাটি দিব পাৰিব লগত)

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!