তিৱা জনজাতীয় খাদ্য : তিল আৰু পিঠাগুৰিৰে কুকুৰাৰ মাংস -(পূৰবী বৰদলৈ)

তিৱা জনজাতীয় খাদ্য : তিল আৰু পিঠাগুৰিৰে কুকুৰাৰ মাংস -(পূৰবী বৰদলৈ)
(এই তৰকাৰী বিয়াৰ পাছদিনা দৰা ঘৰত দৰা কইনাক একেলগে খাবলৈ দিয়াৰ নিয়ম আছে। )

উপকৰণ সমূহ :
পিয়াজঁ দুটা কুটি লোৱা, আদা এটুকুৰা আৰু নহৰু এটা বটি লোৱা, গোটা জিৰা জালুক প্রয়োজন মতে লৈ গুৰি কৰি লোৱা, তেজপাত দুখিলা, মিঠাতেল নিমখ আৰু হালধি আন্দাজ মতে, ৫০০ গ্ৰাম কুকুৰাৰ বাবে ৩ চামুচ তিল বটা আৰু ২ সৰু চামুচ কেঁচা পিঠাগুৰি। আৰু শেষত গোট কুকুৰা এটা জুইত পুৰি চাফা কৰি সৰু সৰুকৈ কাটি লোৱা।

tiwa recipe

প্ৰণালী :
অতি সহজ আৰু সুস্বাদু এই ব্যঞ্জন ৰান্ধিবৰ বাবে কেৰাহিত তেল গৰম কৰি প্ৰথমে তেজপাত দিব আৰু পিয়াজ দি ভাজিব। ভজা গ’লে আদা নহৰু বটা দিয়ক। অলপ ভাজি জিৰা আৰু জালুক দিব। আটাইবোৰ ভালকৈ ভজা গৈ তেল বিৰিঙি উঠিলে মাংস দিয়ক। নিমখ হালধি মিলাই ঢাকোন দি সিজিব দিব। জুই কমাই ৰাখিব। মাংস সিজা যেন পালে তিল বটা মিলাওক। তিল ভাজ খাই মাংসত লাগিলে গৰম পানী দি উতলিব দিব। তৰকাৰী উতলি প্ৰায় হওঁ হওঁ হলে পিঠাগুৰি অকণমান পানীত গুলি মিলাব। তৰকাৰীখন থুপথুপীয়া হলে নমাই গৰম ভাতৰ লগত পৰিবেশন কৰক।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!