তীখৰ (সুস্মিতা দাস)
অম্বুবাচী মেলাৰ সময় । তীখৰ তেতিয়া নিচেই সৰু ল’ৰা । ১০ বজাত স্কুললৈ গৈ ১১.৩০ বজাত ঘৰ পোৱা সময়ৰ কথা । তীখৰৰ বায়েক তেতিয়া দশম শ্ৰেণীৰ ছাত্ৰ্ৰী । মাক দেউতাকৰ এটাই চিন্তা, ভালদৰে প্ৰথম বিভাগত লেটাৰ মাৰ্কসহ উত্তীৰ্ণ হ’ব লাগে ছোৱালীজনী । আমতী চুৱা ভঙাৰ দিনৰ কথা । ৰাতিপুৱাৰে পৰা কাম কৰি কৰি ভাগৰি পৰিছে তীখৰৰ মাক । বায়েকে পঢ়ি আছে । তাইৰ ছয় মাহিলী পৰীক্ষা চলি আছে । দুবেলা পৰীক্ষা থাকে । মাকে তাইক একো কৰিবলৈ দিয়া নাই । নিজেই সকলো কাম সামৰিছে । ঘৰ চাফা কৰা, কাপোৰ কানি ধোৱা, পূজা কৰা এশ এবুৰি কাম । তাৰ মাজতে তীখৰে স্কুল শেষ কৰি( একেবাৰে বিশ্ববিজয় কৰা যেন কৰি) দাঁত নিকটাই ঘৰ পাইছেহি । মাকে লৰালৰিকৈ ভাত ৰান্ধিলে । দালি-আলুপিটিকা । ভোকে-ভাগৰে লেবেজান হোৱা মাকৰ বিশেষ একো ৰান্ধিবলৈ নহ’ল । ল’ৰা-ছোৱালীকেইটাক লৈ মাকো ভাতৰ পাতত বহিল । তেতিয়াই আমাৰ তীখৰৰ মহামূল্যবান মগজুৰ ঢাকোনখন খোল খালে । ………
তীখৰ : মা, অ’ মা……..
মাক( কিছু বিৰক্তিৰে) হু, কি হ’ল ?
তীখৰ : তোমাৰ মা আছে নে নাই?
মাক : নাই
তীখৰ: কি হ’ল ?
মাক : ঢুকাল …..
তীখৰ 🙁 ভাত পানী খোৱা বন্ধ কৰি উইথ ফুল কনচেনন্ট্ৰেচন) কি হৈছিল?
মাক : ( অলপ নৰম স্বৰত) অসুখ হৈছিল ।
তীখৰ: (আচৰিত হৈ) ঔষধ আনি দিয়া নাছিলা ?
মাক : দিছিলোঁ অ’, ভাত খা এতিয়া ..
তীখৰ : (ডিঙিটো সোঁফালে বেঁকা কৰি চকু দুটা চিলিঙৰ ফালে প্ৰায় ১০ মিনিটমান সময় নিবদ্ধ ৰাখি): অ’ মা, তোমালোকে আবুৰ কাৰণে মৰা ঔষধ আনিছিলা?………………………………………????????????????????????