তুমি ক’ব বিচৰা কথাত সদায় সাৱধান হ’বা! (মূল উত্স-Akramulla Syed, অনুবাদ- অঞ্জল বৰা)
তুমি ক‘ব বিচৰা কথাত সদায় সাৱধান হ‘বা!
এটা অতি খঙাল সৰু ল’ৰা আছিল৷ তাৰ খং দেখি দেউতাকে তাক গজালেৰে ভৰ্তি এটা বেগ দিলে আৰু ক’লে, “যেতিয়াই তোমাৰ খং উঠিব তেতিয়াই তুমি এটা হাতুৰীৰে এই বেৰখনত এটা গজাল মাৰিবা৷”
প্ৰথম দিনা ল’ৰাটোৱে ৩৭ টা গজাল বেৰখনত মাৰিলে৷ কেইদিনমানৰ পিছত, সি গম পালে যে সি তাৰ খং কিছু কম কৰিব পাৰিছে৷ গতিকে সি প্ৰতিদিনাই এটাৰ পিছত এটা গজাল হাতুৰীৰে বেৰখনত মাৰি যাবলৈ ধৰিলে৷ লাহে লাহে সি অনুভৱ কৰিলে যে, বেৰখনত গজাল এটা মাৰি দিয়াৰ লগে লগে তাৰ খং কম কৰাটো একেবাৰে সহজ হৈ পৰিছে৷
শেষত সেই নিশ্চিত দিনটো আহিল৷ ল’ৰাটোৰ খং একেবাৰে নোহোৱা হৈ পৰিল৷ সি তাৰ দেউতাকক এই কথাটো ক’লে৷ দেউতাকে তাক পুনৰ তাৰ খঙৰ সময়ত বেৰখনত মৰা প্ৰতিটো গজাল এটা এটাকৈ উঠাবলৈ পৰামৰ্শ দিলে৷ শেষত ল’ৰাটোৱে বেৰখনৰ পৰা প্ৰতিটো গজাল উঠাই দেউতাকক দেখুৱালে৷ দেউতাকে ল’ৰাটোক হাতত ধৰি বেৰখনৰ কাষলৈ লৈ গ’ল আৰু ক’লে “তুমি ভালদৰেই কামটো সম্পন্ন কৰিলা, তোমাৰ খঙো কম কৰিলা, কিন্তু এতিয়া বেৰখনত ৰৈ যোৱা ফুটাবিলাক লক্ষ্য কৰিছানে?”
বেৰখন তুমি আগৰদৰে কেতিয়াও কৰিব নোৱাৰা৷ যেতিয়া তুমি কাৰোবাক খঙেৰে কিবা কথা কোৱা, তেতিয়া তেওঁৰ জীৱনত এই বেৰখনত ৰৈ যোৱা ফুটাবোৰৰ দৰেই সাঁচ ৰৈ যায়৷ তুমি এজন ব্যক্তিৰ পেটত এখন চুৰি সোমোৱাই দি তাক পুনৰ উলিয়াই আনিব পাৰা৷ কিন্তু সেই আঘাত তুমি জীৱনত কেতিয়াও পূৰণ কৰিব নোৱাৰা৷ কাৰোবাক কিবা এটা জগৰ লগোৱাৰ পিছত তেওঁক তুমি কিমান বাৰ ক্ষমা বিচাৰিছা সেইটো ডাঙৰ কথা নহয়, ডাঙৰ কথা হৈছে, তেওঁৰ জীৱনত পোৱা সেই আঘাত তেওঁৰ লগত চিৰ দিন থাকি যায়৷ সেয়ে মুখেৰে কাৰোবাক দিয়া আঘাত সিমানেই বেয়া যিমান তুমি কাৰোবাক শাৰিৰীকভাৱে আঘাত দিয়া৷
বন্ধুত্ব আৰু ভালপোৱা হৈছে অতি আপুৰুগীয়া অলংকাৰ৷ সি তোমাৰ জীৱনটো হাঁহিৰে ভৰাই তোলে আৰু তুমি সফল হোৱাত উত্সাহিত কৰে৷ যি সদায়েই তোমাৰ বাবে হৃদয়ৰ দুৱাৰ খুলি ৰাখে৷ দয়া আৰু অনুকম্পাৰে সৈতে তুমি তোমাৰ বন্ধুত্বৰ গুৰিত পানী দিয়া দেখিবা লহ-পহকৈ সি বাঢ়ি আহিছে…!! সেয়ে তুমি ক’ব বিচৰা কথাত সদায় সাৱধান হ’বা..! যাতে তোমাৰ বন্ধু কেতিয়াও তোমাৰ পৰা আঁতৰি যাব লগা নহয়৷
( মূল উত্স-Akramulla Syed, অনুবাদ- অঞ্জল বৰা)
ধুনীয়া