তুমি নাই বুলিয়েই (ঘনশ্যাম ডেকা)

 
তুমি নাই বুলিয়েইGHANASHYAm dsek
তুমি নাই বুলিয়েই হৰতাল হ’ৱ নেকি
তুমি নাই বুলিয়েই আন্ধাৰ হ’ৱ নেকি
তুমি নাই বুলিয়েই গুগলটো
বিচাৰি নাপাম নেকি
হেপাঁহ আৰু সপোনৰ বতৰা!
এন্ধাৰৰ চমু বাট,
উজুটিত শিল ভাঙি আগবাঢ়িছোঁ।
আবতৰীয়া বৰষূণ নালাগে আজি,
হেপাঁহৰ চকুৰে চাই যাম
ৰামধেনুৰ ৰঙবোৰ।
দুখৰ অৱচেতন মনক মচি পেলাম
সুখৰ সোণসেৰীয়া তুলিকাৰে
চোতালত উমলিম মই
মোৰ সপোনৰ বাগিচাত
মন গ’লেই আহিবা তুমিও
সুখৰ সাধু শুনিবলৈ।
 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!