তুমি নাই ( ভূপেন দাৰ অবৰ্ত্তমানত কেইটিমান স্তৱক) – জ্যোতিমণি দেৱী৷
তুমি নাই
( ভূপেন দাৰ অবৰ্ত্তমানত কেইটিমান স্তৱক)
– জ্যোতিমণি দেৱী৷
১/
তুমি নাই
সকলোৱে ইনাই বিনাই
মই চাওঁ আলসুৱা মেঘৰ আঁৰত
কিজানিবা ভ্ৰমিছা
লুকাই লুকাই৷ ৷
২/
শেৱালি ফুল নুবুটলোঁ মই
গোটেই হৃদয়খন
তিতিকি তিতিকি হয়
তুমি নাই
তুমি নাই
সেমেকা দুৱৰিয়ে কয়৷ ৷
৩/
ৰংমন গৈছিল মাছলৈ পুৱাই
ৰহদৈৰ দুচকু
বাটৰ মূৰত
নাই মাছ
নাই ৰংমন
খবৰটো নাপাই চকু উখহাই
ঢৌবোৰ ওফন্দি আহি
লৈ গ’ল সকলো
বুকু উদঙাই৷ ৷
৪/
শীৰ্ণ দুহাত
গোটমৰা তুলিকাৰ ৰং
কাক আঁকো কেনেকৈ চাই
গোটেই কেনভাছতে
পৰি আছে ছাই
শুকান লোতকে
লিখে কলিজাত
তুমি নাই
তুমি নাই৷
৫/
লুইত স্থবিৰ হ’ল
লুইত তৰাং হ’ল
নিজক লুকুৱাই কান্দে
গতিশীলতাই
দিনৰ জোনাকী হৈ
দুৱৰিত পৰি হায়
নাৱৰীয়া ভটিয়াই যায়
বালিচৰত লিখা আছে
তুমি নাই
তুমি নাই৷ ৷
৬/
ভোটা কলমৰ আগ
ৠতুবোৰ আহে
ৠতুবোৰ যায়
নীৰৱে নিমাতে
ৠতুৰ মুখৰ মাত
কাকতি ফৰিঙৰ দলে
কুটি কুটি খায়
শব্দ হেৰাই
চিয়াহী শুকাই
তুমি নাই
তুমি নাই৷ ৷
৭/
“এইটি বা কোন ওলালে
সিংহ কেনি লুকালে
নেগুৰ কটা শিয়াল আজি
ৰাজসভালৈ যায়“
হোৱা দিয়ে কিৰিলিয়াই
আমিয়েই আমি
আমাক কোনে পায়
তুমি যোৱাৰ পৰাই
দাংহীন দুৱাৰৰ পঁজা
আয়ে শেতেলীত কান্দে
তুমি নাই
তুমি নাই৷ ৷