তুমি নাস্তিক ধৰ্মভীৰু নে ভণ্ড (দীপ ৰঞ্জন বৈষ্ণৱ)

তুমি নাস্তিক ধৰ্মভীৰু নে ভণ্ড

পৰিচয় তোমাৰ কি
নাস্তিক ধৰ্মভীৰু নে ভণ্ড
ভগৱান বোলা কিবা এটাক
বিশ্বাস কৰা নে তাৰ স’তে
চৰ্তবহুল ব্যৱসায় কৰা
চাকৰি দিয়া ভগৱান, তোমাৰ নামত দান দিম
প্ৰেয়সী দিয়া, খুব সুন্দৰী
ৰুপৰ মূৰ্তি দিম
লেন-দেন নে ব্যৱসায়
নে তুমি ঠিকাদাৰ
মহাভৈৰৱৰ ঘন্টাত শব্দৰ ধ্বনি তুলি
কপালত সেন্দুৰীয়া প্ৰলেপ দি
কি ক’ব খোজা
তুমি নাস্তিক ধৰ্মভীৰু নে ভণ্ড

মেড’না, চাকিৰা, ক্লিওপেট্ৰা
সপোনত বিচাৰি ফুৰা
হয়তো তোমাৰ যন্ত্ৰণা
বিধৱাৰ শৰীৰত আঁকিব খোজা
সুবিধাৰ কামুক যন্ত্ৰণা
এন্ধাৰ এচুকত উদঙাব পাৰা
নাৰীৰ সংৰক্ষিত বেদনা
তোমাৰ হৃদয়ৰ তেজ কোনো
মিনাৰেল ৱাটাৰ নহয়
যে বিশ্বাসত গিলি দিব পাৰি
তোমাতকৈ হয়তো সহজ বুজিবলৈ
মেটলেবৰ এলগৰিথিম্
নতুবা ইমেজ প্রচেচিঙৰ
টেকনলজী অৱ ফিল্টাৰিং
পৰিচয় তোমাৰ কি, নে তুমি বৎসায়ন
প্রতিশোধৰ জোৱাৰ তুলিবা
ডাঠি ক’ব পাৰো, তমি নহয়
ভণ্ড, ধৰ্মভীৰু অথবা নাস্তিক
তুমিয়েইতো একবিংশ শতিকাৰ শ্রেষ্ঠ মানব ||

 

(কবিৰ ফেচবুক লিংক- দীপ ৰঞ্জন বৈষ্ণৱ)

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!