তুমি মমতাজ হ’ব নোৱাৰা কিম্বা জুলিয়েট কিম্বা লাইলা ( – প্রদ্যুৎ জ্যোতি শইকীয়া )
তুমি নাথাকিলেই কেতিয়াবা উন্মাদ হৈ যাওঁ
সাঁতুৰিব খোজোঁ তোমাৰ প্ৰেমৰ সাগৰত
বিচাৰোঁ সুখৰ দুটি এটি মুকুতা ।
তুমিও মেলি দিয়া মাজ সাগৰত
অগণন অশান্ত ঠাট্টা মস্কৰাৰ জেলিফিছ ।
ভাঙিব খোজোঁ জাতি ভেদৰ শক্তিশালী প্ৰাচীৰ
তোমাৰ জাতিৰ অহংকাৰৰ লাইখুটা,
চূৰমাৰ কৰিব খোজোঁ তোমাৰ প্ৰতিৰোধ ৰূপী চীনৰ প্ৰাচীৰ ।
বিদ্ৰোহী হৈ হিচাব কৰোঁ কমিউনিজিমৰ সাফল্যৰ দিন
তুমিও মেলি দিয়াৰ জনসংখ্যা বিস্ফোৰণৰ ব্ৰহ্মাস্ত্ৰ ।
মূৰৰ ওপৰত ভৰি ৰাখি চিঞৰ মাৰোঁ..
আমিও চন্দ্ৰত ভৰি থ’লোঁ ।
কিন্তু মইযে এতিয়াও নোৱাৰিলোঁ
তোমাৰ মন-চন্দ্ৰত ৰাখিব
মোৰ ভৰিৰ খোজ ।
তোমাৰ অনুপস্থিতিত মন উৰা মাৰে বাৰ্মুদা ত্ৰিভুজলৈ
মই, তুমি আৰু তেওঁক মাজতলৈ….
বিচাৰোঁ ত্ৰিকোণীয়া সম্বন্ধত স্থিৰতাৰ সূত্ৰ ।
নিজকে লাগে এনে লাগে যেন,
পুৰণি পৃথিৱীৰ
সপ্তম আশ্চৰ্য,
বেবিলনৰ ওলোমা বাগান ।
হৈ পৰোঁ এটা অলৰ-অচৰ প্ৰানী ।
ভাবনাহীন ।
তুমি হেৰোৱা দিনবোৰত চুই চাব বিচাৰোঁ
তুমি তুমি যেন লগা সেউজীয়া অনুভৱৰ পথাৰখন ।
সঁচা প্ৰেমৰ অসীম সংখ্যক কীটনাশক লৈ বিচাৰি ফুৰোঁ
বাৰ্মুদা ত্ৰিভুজত তেওঁ হোৱা গান্ধী পোকবোৰক ।
তুমিও ঢাকি দিয়া সিহঁতক
ভাল পাওঁ ভাল পাওঁ ভাবেৰে ।
তুমি এৰি যোৱা দিনবোৰত সোমাই পৰোঁ
চাহজাহান হৈ মমতাজমহলত,
খেপিয়াই ফুৰোঁ দেৱালত মোৰ প্ৰেমবোৰ
কংক্ৰীটবোৰে চিঞৰে “শূন্যতা” “শূন্যতা” “শূন্যতা”
মমতাজৰ সত্বাবোৰে চিঞৰে ওলোটাই প্ৰেম প্ৰেম প্ৰেম ।
মোৰ বাবে হৈ যায় চিঞৰবোৰ অপ্ৰেম ।
তুমি মমতাজ হ’ব নোৱাৰা কিম্বা জুলিয়েট কিম্বা লাইলা
কাৰণ তুমি মোৰ বাবে জীয়াই থাকিব নোৱাৰা
তুমি মোৰ কাৰণে মৰিবও নোৱাৰা ।
সেইবাবেই,
তুমি মমতাজ হ’ব নোৱাৰা কিম্বা জুলিয়েট কিম্বা লাইলা ।