তুমি মোৰ বাবে এটি সেউজীয়া কবিতা (নিবেদিতা হাজৰিকা)

Nibedita Hazarika

তুমি মোৰ বাবে এটি সেউজীয়া কবিতা

তুমি কৈছিলা এদিন
তোমাৰ সৃষ্টিৰ পথাৰত জীপাল হৈ উঠে
আমাৰ আত্মিয়তাৰ প্ৰতিটো পল
তোমাৰ নীৰৱতাত মূখৰীত হৈ থাকে
আমাৰ হৃদয়ৰ গুণ গুণ গান
আৰু কৈছিলা
আস্হাৰ সীৰলুত আমি সিঁচি দিয়া
সপোনৰ শইচবোৰ এতিয়া
লহপহকৈ বাঢ়িছে
আৰু মই
তোমাৰ প্ৰতিটো শব্দত
আৱিস্কাৰ কৰিব’লে তৎপৰ হওঁ
মোৰ ভিতৰৰ ‘মই’ নামৰ সত্তাটোক

তুমি মোৰ কোনো নোহোৱা
অথবা মই তোমাৰ !
অথচ বুকু জুৰি বিয়পি আছা তুমি
এটি উত্তাপ হৈ
এটি শিহৰণ হৈ
এটি মিঠা অনুভৱ হৈ

তোমাৰ অনুভৱৰ প্ৰাচুৰ্যত বন্দী হৈ
পাৰ কৰো মোৰ একান্ত নিজস্ব সময়
জোনাকে কঢ়িয়াই অনা তোমাৰ সুঘ্ৰাণত
ঠন ধৰি উঠে মোৰ হেপাহৰ গঁজালি

মোৰ বিষণ্ণ ৰাতিবোৰ
উমাল কৰি তোলা তুমিয়েই
জ্বলি উঠা এটি আশাৰ নক্ষত্ৰ হৈ,
তোমাৰ পৰা চিটিকি অহা পোহৰবোৰ
এমুঠি কোমল গান্ধাৰৰ গোপন আলাপ হৈ
অহৰহ বাজি থাকে মোৰ হৃদয় চুবুৰীত

তুমি মোৰ বাবে নক্ষত্ৰ হৈয়ে থাকা
তোমাক চুই চোৱাৰ প্ৰয়াস
অথবা
মোক চুই চোৱাৰ আকুলতাক তোমাৰ
প্ৰশ্ৰয় মই কেতিয়াও দিয়া নাই
তোমাৰ আত্মিয়তাক অধিগ্ৰহণ কৰাৰ
আকাঙ্খাও মোৰ নাই
মাথো জীয়াই থাকিব বিছাৰো
তোমাৰ অনুভৱত
মুখৰীত হৈ উঠিব খোজো
তোমাৰ নীৰৱতাত

তুমি কেৱল তুমি হৈয়ে থাকা
তুমি আছা বাবেইতো এই পৃথিৱীত
মোৰ বাবে সকলো সুন্দৰ

– নিবেদিতা –

Subscribe
Notify of

3 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Anonymous
7 years ago

হৃদয়ত চুই গ’ল

Anonymous
4 years ago

অতি সুন্দৰ অনুভৱ

Hemanta Kumar Goswami
3 years ago

ভাল লাগিল। সুন্দৰ অনুভৱ

Copying is Prohibited!