তুমি যাওঁ বুলি কোৱাৰ দিনা( – তিৰুজ্যোতি বৰা দাস )
তুমি যাওঁ বুলি কোৱাৰ দিনা
শব্দ হেৰাল ।
তুমি ৰ’দ আছিলা ।
তুমি আছিলা বৰষুণ ।
তুমি হৈছিলা পাৰাপাৰহীন
সপোন সপোন যেন
দুলি থকা এক আকাশ ।
বুলনিতে যে কি হৈ গ’ল ।
কজলা চকুৰ অবাক চাৱনিৰে,
হাজাৰ তৰাৰ কৰুণ উচুপনিৰে
তুমি যাওঁ বুলি ক’লা ।
উশাহ নললোঁ নে হেৰুৱাই পেলালোঁ ।
বিদায় বুলি ক’বও নোৱাৰিলোঁ ।
গান হেৰাল ।
শব্দ হেৰাল ।
কথা হেৰাল ।
আকাশখনৰ আলফুল সপোনবোৰো
ক’ৰবাত লুকাল ।
কঁপিছিল নেকি দুচকু ?
কঁপিছিল নেকি
ওঁঠৰ সেই মৌন সংলাপ ?
উজুটি খাইছিল নেকি
ডিঙিলৈকে উজাই অহা বুকুৰ শবদে ?
তুমি যে সেই যাওঁ বুলি ক’লা
আৰু উভতি নাহিলা ।
এৰি আহিলোঁ সেই দেশ, সেই মাটি
সেই সপোন, সেই হেঙুলীয়া নদী ।
হালধীয়া সোণাৰুৰ নিষ্পাপ গুণগুণনিৰে
কঁপি উঠা দুচকুৰ এক কৰুণ ছবি ।