তেওঁ ফিনিক্স পখী : নাং দিপালী দুৱৰা
(হীৰুদাৰ নামত অশ্ৰু অঞ্জলি)
সেই তেজাল ঘোঁৰাৰ সমাধি হ’ল
এজাক আপদীয়া বতাহে মোক কাণে কাণে কৈ গ’ল।
টগ্ বগ্ ৰ’দঘাই পাখিত যি লৈ ফুৰিছিল
অনুভৱৰ মেটমৰা বোজা।
একাজঁলি একাজঁলিকৈ বিলাইছিল
উঠি অহা প্রতিটো বসন্তক।
সপোনৰ দুৱাৰডলিত ৰৈ থাকোঁতে
মইও হৈছিলোঁ তাৰ ভাগীদাৰ ।
সেই তেজাল ঘোঁৰাৰ সমাধি হ’ল।
যি আছিল পৃথিৱীৰ প্রগলভ প্রেম পৰীয়া।
প্রেমৰ পৃথিৱীৰ তেঁৱেই আছিল অহং বাদশ্বাহ ।
সেই তেজাল ঘোঁৰাৰ সমাধি হ’ল ।
এজাক আপদীয়া বতাহে মোক কাণে কাণে কৈ গ’ল।
মই প্রতিবাদ কৰিলোঁ -নাই…নাই..
তেওঁতো কেৱল তেজাল ঘোঁৰা নাছিল ।
তেওঁ ফিনিক্স পখী।
যি প্রেমৰ নামত নিজক পুৰি সহস্ৰবাৰ ছাই কৰি দিছে ।
পুনৰ জী উঠিছে প্রেমৰ বাবেই।
তেওঁ ফিনিক্স পখী।
নিজৰ অস্থিৰ ছাইত তেওঁ সাৰ পাব ।
আৰু
আকৌ এবাৰ জগাই তুলিব আমাক ।
পুনৰ এবাৰ দৌৰিম আমি ভালপোৱাৰ দিক্চৌ বাটেৰে ।
তেওঁ ফিনিক্স পখী ।
তেওঁৰ জীৱাশ্মতেই তেওঁ জাতিস্মৰ হ’ব ।
পুনৰ এবাৰ আমি তেওঁৰ পঢ়াশালিত শিকিম
প্রেম আৰু কবিতাৰ আদিপাঠ…..।