তেজে তুমৰলি এসন্ধ্যা (- মানস বৰা)

তেজে তুমৰলি এসন্ধ্যা
– মানস বৰা৷
Shi'ite Muslims march on streets with swords during Ashura procession in downtown Manama, Bahrain
শাৰদী সন্ধিয়াটোত
খিলখিলাই হাঁহি আছিল তাই
কণমানিজনী ৰৈ আছিল
জোনাক চোৱাৰ হেঁপাহ এটা লৈ
: দে’তাৰ সতে জোনাক চাম মই…
শামুকীয়া গতিৰ সময়ে
নমাই আনিছিল অন্ধকাৰ
বুকুখনত যেন চলিছিল বুলডজাৰ
হাহাকাৰ কৰি উঠিছিল তেওঁ
সন্ধিয়াটো সন্ধিয়া হৈ থকা নাছিল
পপীয়া তৰাটো আহি
ঘৰৰ ওপৰতে পৰিছিলহি
কি দোষ আছিল মানুহজনৰ!
পুৱাতে ওলাই যোৱা মানুহজন
ঘূৰি অহা নাই
জোনাকৰঙী সন্ধিয়াটোত
বাঢ়ি আহিছিল আন্ধাৰৰ ৰং
তেজৰঙী হৈ ফুলিছিল
সন্ধিয়াৰ জোন
চহৰখনত ওলাইছিল
মাংসপিণ্ডৰ এটা সমদল ..

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!