তেজ যেতিয়া শৰণাৰ্থী হয় (উচ্চজিৎ কলিতা)
তেজ যেতিয়া শৰণাৰ্থী হয়
তেজ তেতিয়া শৰণাৰ্থী হয়
যেতিয়া ধমনীৰ বাহিৰত তেজৰ উপনদী বয়,
সেই নদী বয় কেতিয়াবা ধৰ্মৰ নামত
কেতিয়াবা অৰ্থৰ স্বাৰ্থত,
সন্মানৰ বেদীতো বয় কেতিয়াবা সেই নদী।
জীৱনৰ অপাৰ চাহাৰাত
সেই নদী দিশহাৰা,
কাৰণ শৰণাৰ্থীৰ ঘৰৰ ঠিকনা নাথাকে।
ইতিহাসৰ পৃষ্ঠাই পৃষ্ঠাই
সেই শৰণাৰ্থী তেজে জন্ম দিয়ে
মানৱতাৰ সাগৰত নুশুকোৱা প্ৰতিশোধৰ যাতনা–দ্বীপ,
প্ৰেমৰ আকাশত নবৰষা ঘৃণাৰ কালমেঘ।
এজাক মানুহে বাৰে বাৰে পাহৰি যায়
সময় সময় খেলি ইতিহাসে দি যোৱা সঘন সকীয়নি,
ধমনীৰ বাহিৰত তেজ সদায় অনাশ্ৰয়ী শৰণাৰ্থী।
হে মানৱতা,
বাৰে বাৰে বুৰঞ্জী পাহৰি
কবৰ খান্দি ভাল পোৱা
সেইজাক মানু্হক পাৰা যদি শিকোৱা
বিশ্বপ্ৰেমৰ ব্যাকুলতা,
জীৱনৰ বোৱতী নদীযেন
ধমনীৰ অমৃত সেই তেজক
পাৰা যদি বচোৱা শৰণাৰ্থী হোৱাৰ পৰা।
নহ’লে প্ৰেমৰ আকাশ মচি
মানৱতাৰ সাগৰ শুকাই
জীৱনৰ বাট হেৰুওৱা তেজৰ হিচাপ ল’বলৈ
থাকি যাব মাথোঁ আধাজ্বলা প্ৰলয়ৰ শিখা ।