ত্ৰয়োদশ বৰ্ষ, চতুৰ্থ সংখ্যা, আঘোণ, ১৯৪৫ শক, নবেম্বৰ, ২০২৩

তেজ লগা বাঁহীৰ সুৰ — নিহাল গগৈ

ৰঙা গোলাপৰ দৰে আছিল ফুল ভালপোৱা ছোৱালীজনী
সূৰুযমুখী তাইৰ দেহত ৰঘুমলাই ৰাজত্ব কৰি
ৰ’দে জ্বলোৱা বুকুখনত ছাঁইবোৰ উৰি ফু্ৰে!
তাই নজনাকৈয়ে,
এথোপা কাঁইটে তেজৰঙী হোৱাৰ প্ৰমাণ দিবলৈ
তাইক যে সঘনাই খোঁচা বিন্ধা কৰে…..

প্ৰতিজাক বৰষুণত কলিজা ধুওঁতে
মনাকাশত কেতেকীয়ে বৰকৈ বিনায়…
তাই নিয়ৰত নিৰৱে বোৱাই দিয়ে চকুলো দুধাৰ।

এখনি গোলাপৰ কাইঁটে ফলা চাদৰ তাই পিন্ধি-উৰি থাকে,
যদিও মনৰ চাদৰখন বৈ আছে এপাহী শিলোৱা ফুলেৰে।

সেই ফুল ভালপোৱা ছোৱালীজনীয়ে
প্ৰতিঘাতৰ চুনামী স’তে
এতিয়া পাকৈত খেলখন খেলে!!!!

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!