তোমালোকক ভাল পাওঁ (উৎপলা কৌৰ)

ভুলতে মই কামটো কৰি পেলালোঁ…মানে উত্তেজিত হৈ কোন মুহূৰ্তত কৰি পেলাওঁ মই গমকে নাপাওঁ! নোপোৱা কথাও৷ সদায় আৰু সহ্য কৰি থাকিব নোৱাৰি৷ কিন্তু সেয়াই মোৰ ভাগ্য৷

সদায় মোক এৰি যায় সিহঁতে৷ মোৰ ইমান মন যায় বাহঁতৰ লগত ফুৰিবলৈ যাবলৈ৷ কিন্তু এদিনো যাবলৈ নাপাওঁ৷ এবাৰেই যি নিছিল মোক৷ জেঠাইৰ ঘৰত কিবা পাতিছিল৷ মায়ে গাড়ী চলোৱা মই প্ৰথম দেখিছোঁ৷ মোৰ মাৰ লগত আগৰ চিটত বহি যাবলৈ ইমান মন গৈছিল৷ কিন্তু মই উঠিবলৈ নাপাওঁতেই চাকি আৰু জোনাকী বাই থেপাথেপিকৈ আগৰ চিটটোত বহি ল’লে৷ মই উপায় নাপায় পাছৰ চিটতে বহি ল’ব লগা হ’ল৷ গাড়ীখন মায়েনো কেনেকৈ চলাই চাবলৈ মাৰ চিটটোৰ কাষেৰে মুখখন সোমাই দিওঁতে মায়ে ক’লে “বেটা, নকৰিবা”৷ মই মাৰ বাধ্য ল’ৰা৷ সেয়ে মনে মনে বহি গৈ আছিলোঁ৷ কিন্তু মই আকৌ তেনে কৰিম বুলি ভাবি নেকি মেনকাবাই সাবট মাৰি যি ধৰিলে মোক জেঠাইৰ ঘৰতহে এৰি দিলেগৈ!

জেঠাইৰ ঘৰতো সকলো মোৰ লগতে ব্যস্ত হৈ পৰিছিল৷ সকলোৰে কথাৰ কেন্দ্ৰবিন্দু যেন মই! “ইমান ধুনীয়া, ইমান মৰমলগা“ শুনি শুনি গঙ্গাটোপ টো যেন হৈ পৰিছিলোঁ মই!

কথাবোৰ ভাবি থাকোতে কেতিয়ানো টোপনি অকণ আহিল গমেই পোৱা নাছিলোঁ… বাৰান্দাখনৰ পুৰণি খবৰ কাগজৰ দমটোৰ পৰা কেচুঁৱাৰ কেলকেলনি শব্দত টোপনিটো কেঁচাতে ভাঙিল! এই কঁঠালগুটীয়াহঁতৰ পৰা শান্তি নাই আৰু! উঠি গৈ এজাউৰি দিওঁ বুলি থিয় হলোঁ৷ পেপাৰখিনিৰ ওচৰলৈ গৈ ধমক দিলোঁ

: “হেৰৌ, ল’ৰা ছোৱালী তুলিছ’ ভাল কথা৷ সেইবুলি বেলেগৰ শান্তি ভংগ কৰিবি নেকি? শান্তিত টোপনি অকণ মাৰিব নিদিঅ? এইবাৰ হুলস্থূল কৰিবি গোটেইকেইটাক নেফানেফ কৰিম হ’!”
এইবাৰ যেনিবা গোটেই কেইটা তাপ মাৰিলে৷ হি: …আত্মগৌৰৱ এটাও হ’ল৷

কিন্তু কি হ’ল? ?

ইমান দেৰি মাহঁত অহাই নাই যে? ? মোক যে ঘৰত এৰি গৈছে পাহৰিলে হ’বলা৷ ৰেলিঙৰ ফাঁকেৰে জুমি তললৈ চালোঁ…গাড়ীখন আহিছে নেকি? নাই! ! ইমান দেৰি হ’ল মই ঘৰৰ মানুহখিনিক নেদেখা৷

মোৰেই দোষ৷ আগতে মোক ভিতৰতেই থৈ গৈছিল৷ অকল মোৰ দোষৰ কাৰণে আজিকালি বাৰান্দাত থাকিবলৈ দিয়ে৷ মাহঁতে মোৰ এৰি থৈ যোৱাৰ খঙত মই কিবাকিবি দুষ্টামি কৰি পলোৱাওঁ! এবাৰ জোনাকীৰ চচ্মা এযোৰ চোবাই গুড়ি কৰি দিলোঁ৷ এবাৰ আকৌ টিভিৰ ৰিম’টটো চোবাই ভাঙিলোৱেই তদুপৰি বেটাৰীকেইটা খাই দিয়াৰ ফলত পোন্ধৰবাৰ বমি কৰাৰ পাছত চেলাইন লৈ কোনোমতে প্ৰাণটো বাচিল মোৰ! তেতিয়াৰ পৰা মোক কোনেও বিশ্বাস নকৰা হ’ল৷

অকলে থাকি থাকি আমনি লাগিছে আৰু! টোপনিটোও নহা হ’ল৷ মোৰচোন পুৰণা কথাবোৰহে মনত পৰিবলৈ ধৰিছে৷ মোৰ জন্মদাত্ৰী মায়ে যে ডেৰমাহ বয়সতে বুকুৰ গাখীৰ খাই থকা অৱস্থাতে ত্যাগ কৰিছিল মোক! সেইযে ট্ৰেইনেৰে কৰা বহু দীঘলীয়া যাত্ৰাটোত উচুপি উচুপি মালৈ আৰু বাইভনী চাৰিটালৈ মনত পেলাই পেলাই আহিছিলোঁ… তেতিয়া লাগিছিল যেন তেওঁতকৈ হৃদয়হীনা পৃথিৱীত কোনো নাই! এই বিশাল পৃথিৱীলৈ আনিলে তেওঁ… পাছত অচিনলোকৰ মাজলৈ ঠেলি দিলে৷ ইমান অকলশৰীয়া কৰি পেলালে মোক! মোৰ মাৰ মমতা ক’ত হেৰাল?

কিন্তু সেই যাত্ৰাই যে মোৰ জীৱনক এটা নতুন মাত্ৰা দিলে৷
ট্ৰেইনৰ দীঘলীয়া যাত্ৰাটোৰ অন্ত পৰাৰ পাছত মোক মোৰ এইজন দেউতাই আথেবেথে লৈ আহিল মোৰ এইঘৰলৈ য’ত মোৰ স্থান ৰাজকুমাৰ এজনতকৈ কোনো গুণে কম নহয়৷ অহাৰ দিনা যে মোক কোলাত ল’বলৈ মা, চাকিবা আৰু জোনাকীবাই কেনেখন কৰিছিল৷ মনত পৰিলে আনন্দতে কেনেবাখন লাগি যায়! ইমান সৌভাগ্য লৈ জনম পালোঁনে মই? সামান্য আমনি কৰিলেই কোনোবাই আহি কোলাত তুলি ল’য়, ভোক নালাগোতেই গৰম গৰম চেৰেলাক সন্মুখত হাজিৰ!

মোৰ নতুন মাজনীয়ে নিজৰ পেটৰ পোৱালীতকৈয়ো বেছি মোক মৰম কৰে৷ বাহঁতে মোক শোৱাৰ সময়ত দিগদাৰি কৰিলে সিহঁতক ধমকি দিয়ে৷ খেলোতে মই দুখ পালে নিজৰ পেটৰ পোৱালীতকৈ মোক আগতে কোলাত তুলি ল’য়৷ হাতভৰিকেইটা পিটিকি পিটিকি চাই ক’ৰবাত বেয়াকৈ দুখ পাইছো নেকি কাৰণ মই যে কথা ক’ব নজনা তেনেই অকমাণি শিশু! তেনে অৱস্থাত মোৰ জোনাকীলৈ বৰ বেয়া লাগে৷ মায়ে দুয়োটাকে একেলগে কোলাত ল’লে কিনো হয়? কোলাৰ পৰা নমাৰ পাছত মই জোনাকীৰ পৰা দুই এপিটন নোপোৱা নহয় মায়ে গম নোপোৱাকৈ৷ হ’বইতো তেনেকুৱা কাৰণ মাকে মৰম নকৰিলে কেনেকুৱা লাগে মই নজনা নহয়! সেয়ে মই তাইক কেতিয়াও বেয়া নাপাওঁ৷

এবাৰ যে মোক চাকিবাই পিটিছিল৷ ঘটনাটো মনত পৰিলে মনটো দুখ লাগে৷ মই তেনেকুৱা বেয়া কাম কৰিব নালাগিছিল৷ কিন্তু সৰু আছিলোঁ, অবুজ আছিলোঁ৷ আজিকালি তেনে নকৰো নহয়৷ চেণ্ডুইচ এটা সৰু চাপৰ টেবুলখনত লৈ খাই আছিল৷ মোৰ ইমান খাবলৈ মন গৈছিল৷ ৰূপালী ৰঙৰ কাগজৰ টোপোলাৰ পৰা চিকুটি চিকুটি খাই আছিল৷ এই বাজনীয়ে খাবলৈ বৰ বেয়া পায়৷ সদায় সেই কাৰণে মাৰ গালি খায়৷ হয়তো! ! মাংস ভাতো কোনোবাই মুখত সোমোৱাই গিলিবলৈ পাহৰেনে? জিভাৰ পানী সেপ ঢুকি ঢুকি চাই আছিলোঁ৷ এবাৰত বায়ে পাকঘৰৰ পৰা কিবা এটা আনিবলৈ উঠি গ’ল৷ মই সেই সুযোগতে একে ল’ৰে ৰূপালী কাগজৰ টোপোলাটো লৈ বেলেগ ৰুমলৈ উঠি গ’লোঁ৷ চাকিয়ে দেখা পায় চিঞৰ বাখৰ লগালে নহয়! মায়ে উঠি আহি তাইকে আকৌ ঠিকচে গালি দিলে৷ মাকৰ গালি খাই তাই কাঠৰ স্কেল এডালেৰে মোৰ পিঠিত… টিকাত… উ: ৷ কোনোবাই থপিয়াই নিয়ে বুলি ল’ৰাল’ৰিকৈ খাওঁতে ফইল পেপাৰখনো খাই থ’লোঁ৷ পিছদিনা “পটী“ কৰাৰ সময়ত কি যে কষ্ট পাইছিলোঁ! ! ঈশ্বৰ ঔ! ! !

আগতে কেতিয়াবা মায়েও মোক মাৰিছিল৷ মই মাৰ কথা নুশুনাৰ বাবে৷ কিন্তু ময়ো কম দুষ্ট নেকি? বাৰে প্ৰতি চ’ফাত সজাই থোৱা কুছনবোৰ মজিয়ালৈ আনি খেলোঁ৷ মায়ে মানা কৰে, মই পাহৰি যাওঁ৷ কোমল আৰু পাতল কুছনবোৰ খেলিবলৈ যে কি মজা! মই খেলোতে বোলে দুটা ছেট্ ফালিল৷ তাৰ পাছত নতুন ধুনীয়া ছেট এটা আনি লগাইছে৷ লগাই থাকোঁতে মোক চকু পকাই এনেকৈ চাইছে যেন মোৰ হাত ভৰিবোৰ ভয়তে পেটতে লুকাব! সেইবোৰ ঠিকে আছে বাৰু৷ মই নুচুলেই হ’ল৷ কিন্তু মাজে মাজে পাহৰি পেলাওঁ যে! কুছনবোৰ নমাই লওঁ৷ সেইকাৰণে মাৰ পৰাও মছলা পাওঁ মাজে মাজে! মাৰ কোবকেইটাৰ আকৌ জোৰেই বেলেগ৷ বহুত দেৰি ফৰফৰাই থাকে! সেইকাৰণে আজিকালি সেইফালে চকু নিদোঁ, সংযমী হ’বলৈ শিকিছোঁ৷ এটা কথাই বেয়া পাওঁ মই…মই কুছন কেইটামান নষ্ট কৰিলোৱেই বাৰু তাকে ফোনত যাৰে তাৰে আগত মোৰ বদনাম কৰি থাকিব লাগেনে? সৰু থাকোঁতে নিজে বা কি কৰিছিলে!
হু: ! !

জিৰজিৰকৈ কি শব্দ হৈছে ঔ! ! একে ল’ৰে ছাদৰ ওপৰ পালোগৈ! এ: …হ’ল আৰু! বৰষুণ দিছে৷ এতিয়া মা আৰু বাহঁত কেনেকৈ আহিব? খঙেই উঠিল৷ এসেকা দিওঁ বুলি বৰষুণৰ টোপালবোৰক এফালৰ পৰা গিলি গলোঁ! মাটিত পৰিলৈয়ে নিদিলোঁ… নিজেও ভিজিলোঁ যদিও সুদাই নেৰিলোঁ সিহঁতক৷ এতিয়াহে শান্তি লাগিছে মোৰ! মোৰ মা আৰু বাহঁতক দিগদাৰি দিয়ে? মোৰ নিচিনা পুত্ৰ/ভাই থাকোঁতে? …কভী নেহী…! ভাগৰ লাগিল৷ কিমাননো অকলে যুঁজিম আৰু? ভোকো লাগিছে৷ কিন্তু মাহঁত থাকিলে মোক পানী চুব নিদিয়ে৷ হেঁপাহ পলোৱাই বৰষুণত ভিজিছোঁ আজি! অলপ মোৰ ঠাণ্ডা ঠাণ্ডা লাগিছে৷ পানীখেলাটো বেছিয়েই হ’ল যেন পাইছোঁ৷ জ্বৰ উঠিলে দেখোন, আকৌ বেজী ল’ব লাগিব! মই সেই বেজীৰ খোচকেইটা কেনেকৈ পাহৰি গ’লোঁ বাৰু?

তললৈ নামি আহিলোঁ…ই কি? ? বাৰান্দাত শাৰী পাতি আছে মা বাহঁতে পিন্ধি যোৱা চেণ্ডেলবোৰ৷ প্ৰতিযোৰৰ ঘ্ৰাণ লৈয়েই কৈ দিব পাৰোঁ কোনযোৰ কাৰ চেণ্ডেল৷ মাহঁত ঘূৰি আহিল? মই দেখুন গমেই নাপাওঁ! ইমান দেৰিৰ মূৰত আহিও মোক এবাৰ বিচৰা নাই? এবাৰো মোলৈ মনত পৰা নাই? অন্তৰখন মোচৰ খাই উঠিল৷ চকু সেমেকি উঠিল৷ পুনৰ আগৰ ঠাইতে বহি পৰিলোঁ৷ ইমান যাবলৈ মন গৈছে ভিতৰলৈ৷ কাণ দুখন উনাই থাকিলোঁ…কোনোবাই মোৰ কথাপাতে নেকি শুনিবলৈ৷
“মেনকা”
“অ বাইদেউ”

“ই ক’ত অ’ … দেখাদেখি নাই যে?”

“ক’ত যাব আৰু? ওপৰত বৰষুণৰ লগত খেলি আছে চাগে”
এইকাৰণেই মই মেনকাবাক বেয়া পাওঁ…কেৱল মোৰ বদনাম কৰি থাকে৷ তাই কিবা ভাঙিলেও আজিকালি মোৰ বদনাম দিয়ে৷

ভিতৰত বাহঁতে খেলিছে, মাজে মাজে দুপদুপাই এটা কোঠাৰ পৰা আনটো কোঠালৈ দৌৰিছে, বিছনাত জঁপিয়াইছে… মায়ে ধমকিয়াইছে৷ সিহঁতে খেলি থাকিলে মই কৰবাত অকলে বহি থাকিব নোৱাৰোঁ দেই, মোকো সিহঁতৰ পাছে পাছে দৌৰিব লাগে! মোক কোনেও নিবিচাৰিলে কি হ’ল৷ মইতো তেওঁলোকক এৰি থাকিব নোৱাৰোঁ…সেয়ে সদায় হোৱাৰ দৰে নিজে সৰু হৈ সিহঁতৰ ওচৰলৈ যোৱাৰ সিদ্ধান্ত ললোঁ…নতুন পাটৰ কাপোৰ পিন্ধি ওলাই যোৱা মাৰ গাত যে যোৱাৰ সময়ত জঁপিয়াই দিছিলোঁ …কাপোৰত যে মোৰ হাতৰ পৰা বোকা লাগিছিল৷ খংটো কমিল নে নাই বা! কিন্তু নকমিলেও মই যাম৷দুৱাৰখন বন্ধ আছে৷ কলিংবেলটো ইমান ওপৰত আছে৷ মই ঢুকি নাপাওঁ৷ সেয়ে মাতিবলৈ ধৰিলোঁ মাতটো যিমান পাৰি মিহি কৰি……ভুক্ ভুক্ ভুক্……… ভৌঔঔঔঔ! ! ! !

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments