তোমাৰ মেলা চুলিত ডিক্ৰঙৰ এহেজাৰ সোঁত (আদিত্য ৰঞ্জন দত্ত)

তোমাৰ মেলা চুলিত ডিক্ৰঙৰ এহেজাৰ সোঁত

তোমাৰ মেলা চুলিয়েদি বৈ আহে
ডিক্ৰঙৰ এহেজাৰ সোঁত!

উদঙীয়া ঝাওবন এজোপাই
তাকে দেখি কবিতা লিখে।

সময় হৈ পৰে দহিকতৰা,
দিক্‌বিদিক হেৰুৱাই
খুন্দা মাৰেগৈ শাওনীয়া আকাশত।

হুৰহুৰাই নামি আহে এজাক বৰষুণ,
ডিক্ৰঙৰ এহেজাৰ সোঁতত ভাঁহি থাকে তোমাৰ মেলা চুলি!

আৰু তুমি এজনী ফৰিং হৈ পৰা,
এই জপিয়াই পাৰ হ’বা যেন ডিক্ৰঙৰ কোবাল ভেটা।

(তুমি ফৰিং হৈ উৰি গুচি নাযাবা
মোৰ বুকুতো যে ফুলি উঠে তাজমহল)

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!