তোমাৰ মোৰ একক পৃথিৱী (সমাদৃতা গোস্বামী)
তুমি ক’লা আহা জীৱনটো উদযাপন কৰোঁ
মই কিন্তু হা-হুমুনিয়াহ কাঢ়ি অতীতটোতে দহন হৈ থাকিলোঁ
জোনাক নিশা অপলক নেত্ৰে যেতিয়া তুমি মোলৈ চাই আছিলা মই সুঁৱৰি আছিলোঁ পিতাৰ তৰ্জনী আঙুলিত ধৰি উমলি ফুৰা জোনাকী সন্ধিয়াৰ কথা
তুমি যেতিয়া মুৰত আঙুলি বুলাইছিলা
আইক সুৱৰি ভিজাইছিলোঁ তোমাৰ বুকু।
আবদাৰ কৰা সকলো বস্তুয়েই দিছিলা …
যিদিনা উচুপি ক’লোঁ আনি দিয়া মোৰ মৃত পিতাক
তেতিয়াও তুমি মোলৈ চায়েই বহি থাকিলা
তোমাৰ অসহায় মুখখন মোৰ চকুত পৰা নাছিল
অতীতক খামুচি মই কেৱল নোপোৱাৰ হিচাপত মগ্ন আছিলোঁ।
তুমি সুধিছিলা কি ভাল পাওঁ মই সাগৰ নে পাহাৰ?
মই কৈছিলোঁ সাগৰ।
তেন্তে এইবাৰ শৰতত আমি সাগৰ চাবলৈ যাম …কৈছিলা তুমি।
মই কৈছিলোঁ, সাগৰত নিজকে বিলীন কৰি জাহ যোৱাব বিচাৰোঁ মোৰ সমস্ত দুখক।
তোমাৰ দুচকুৰ সাগৰখন য’ত হ’ব পাৰিলেহেঁতেন মোৰ অবাধ বিচৰণ তাক কোনোদিন নিচিনিলোঁ মই।
নতুন মানুহৰ মাজত পুৰণা সম্বন্ধ বিচাৰি হায়ৰাণ হৈ ফুৰিলোঁ মই …দুখ মোৰ দুগুণে চৰিল।
হজম নোহোৱা দুখবোৰ পাগুলী পাগুলী এদিন আমন জিমনকৈ তোমালৈ চাওঁতেহে দেখিলোঁ
তোমাৰ দুচকুৰ চপচপীয়া পুখুৰীটো।
কেৱল মোৰ বাবে জীয়াই মোকে বিছাৰি নেপাই নিসংগ তোমাৰ একাকী পৃথিৱীত মই মোক জুমি চালোঁ ..এই যেন জীৱনৰ প্ৰথম প্ৰেম হ’ল মোৰ।
মৰীচিকাৰ পিছত ঘূৰি মৰুভূমি কৰা তোমাৰ দুনয়ন চাই থকাৰ সাহ নহ’ল মোৰ
তুমি দুহাত মেলি ক’লা ‘কোনো কাৰো বাবে ৰৈ নাথাকে, কোনেও কাকো ৰাখি নথয়..মোৰ বাদে কোনেও তোমাৰ কথা নাভাবে’
আৰু মই দেখিলোঁ
তোমাৰ প্ৰসাৰিত দুবাহুত সৃষ্টি হোৱা তোমাৰ মোৰ একক পৃথিৱী
বা সঁচাকৈয়ে কিছু কিছু মূহুৰ্তত খুউব আৱেগিক হৈ পৰিলো । জীৱনৰ কিছু সঁচা অভিজ্ঞতা এনেদৰে লিখি দিলে বুজাত অলপো অসুবিধা নহল । এই যুগ্মতা চিৰ দিন অটুট থাকক তাকে কামনা কৰিছো