তোলৈ…(চন্দ্রমা কলিতা)

সুৰেৰে সজোৱা এটা গান আছিলি,
তই বৰষুণ…
মুকুতা সৰা দুপৰবোৰৰ সেউজীয়া সপোন আছিলি,
তই বৰষুণ…

পাহাৰখন খহাই দি ৰং বুটলিলি,
তই বৰষুণ…
নদীখনক বাউলী কৰি ধেমালি কৰিলি,
তই বৰষুণ…

পলকতে হাঁহি বিৰিঙাই পলকতে বিষাদ বুলোৱা,
তই উন্মাদ বৰষুণ।

হ’ব জানো পাৰিবি চিৰমধুৰ,
তই ডাৱৰৰ কান্দোন…???

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!